পূজাৰ বৰশীত লাগিল মুখ্যমন্ত্ৰী

পূজা হেগড়েৰ প্ৰেমত ব্যাকুল হৈ পৰিছে এজন মুখ্যমন্ত্ৰী
CMৰ চৰকাৰী আৱাসত সদায় দোভাগ নিশা প্ৰৱেশ কৰিছে ৰূপহী পূজাই
অভিনেত্ৰী পূজা হেগড়েৰ ৰূপৰ জবাব নাই৷ অভিনয় প্ৰতিভা নাথাকিব পাৰে, তথাপি পূজা যে খুব ধুনীয়া সেইটো মানি ল’বলৈ সকলো বাধ্য৷ যি পুৰুষে পূজাক ধুনীয়া নেদেখে তেওঁ সৌন্দৰ্যৰ বিচাৰেই কৰিব নাজানে বুলি ক’ব পাৰি৷ এই পূজাই ৰাজনীতিতো আলোড়নৰ সূচনা কৰিছে৷ তেওঁ এজন মুখ্যমন্ত্ৰীক পানী খুৱাই দিছে৷ মুখ্যমন্ত্ৰীয়ে চৰকাৰী কাম এৰি পূজাৰ পিছে পিছে ঘূৰি ফুৰিছে৷ মাজনিশা মুখ্যমন্ত্ৰীৰ চৰকাৰী ঘৰত প্ৰৱেশ কৰিছে পূজাই৷ ছিকিউৰিটীৰ গাড়ীত গোপনে পূজাই মুখ্যমন্ত্ৰীক লগ ধৰিছেগৈ৷ এদিন দুদিন নহয়, একেৰাহে কেবানিশাও পূজাই মুখ্যমন্ত্ৰীৰ ঘৰত সোমাইছে৷ একেবাৰে পুৱাহে ভাগৰুৱা মুখেৰে CMৰ ঘৰৰ পৰা ওলাই আহিছে পূজা৷ নিশা CM ৰেজিডেন্সত প্ৰৱেশৰ সময়ত পূজা হৈ থাকে সপ্ৰতিভ, কিন্তু ওলাই অহাৰ সময়ত তেওঁৰ মুখত দেখা যায় ক্লান্তিৰ ছাপ৷ পূজাই উন্মনা কৰি তোলা মুখ্যমন্ত্ৰীজন হৈছে থালাপতি বিজয়৷ তামিলনাডুৰ ছুপাৰষ্টাৰ মুখ্যমন্ত্ৰীৰ সৈতে পূৰ্বে পূজা হেগড়েৰ ইমানো ঘনিষ্ঠতা নাছিল৷ থালাপতি বিজয়ৰ গাৰ্লফ্ৰেণ্ড তৃষা কান্নান বুলিয়েই সকলোৱে জানিছিল৷ সোণালী স্বৰ্ণলিংগমৰ সৈতে বিজয়ে কৰিছিল সুখৰ সংসাৰ৷ আচম্বিতে বিজয়ৰ সংসাৰত তৃষাই আউল লগাইছিল৷ সেয়ে সন্তানৰ সৈতে বিজয়ৰ কাষৰ পৰা আঁতৰি গৈছিল সোণালী স্বৰ্ণলিংগম৷ তৃষাক বিজয়ে বিয়া পাতিব বুলি বাতৰিও ওলাইছিল৷ বিজয়ৰ শপতগ্ৰহণ অনুষ্ঠানতো উপস্থিত আছিল তৃষা কান্নান৷ কিন্তু তেওঁলোকৰ সম্পৰ্কটো বেছি দীঘলীয়া নহ’ল৷ তৃষা আৰু বিজয়ৰ কেমেষ্ট্ৰী জমি উঠা সময়ত দৃশ্যপটত পূজা হেগড়েৰ প্ৰৱেশ ঘটিল৷ ছলমান খানৰ জৰিয়তে বলীউডত প্ৰৱেশ কৰা পূজাই অভিনয় কৰিব নাজানে৷ বলীউডত পূজা ফ্লপ মেচিন হিচাপে পৰিচিত৷ তেওঁ অভিনয় কৰা সকলো চিনেমাই ফ্লপ হৈছে৷ বৰ্তমান ছলমান খানেও সহায় নকৰা হৈছে পূজাক৷ সেয়ে সুন্দৰী পূজাই এতিয়াই বিচাৰিছে চহকী প্ৰেমিক৷ ৰূপ-যৌৱন থাকোতেই বিয়া হৈ আজৰি হোৱাৰ বাবে পূজাই প্ৰেমিকৰ অন্বেষণ চলাই আছিল৷ সৰ্বশেষত তেওঁৰ ৰূপৰ বৰশীত লাগি ধৰিছে ছুপাৰ ষ্টাৰ থালাপতি বিজয়৷ খবৰ অনুসৰি বৰ্তমান তৃষা কান্নানৰ সৈতে থালাপতি বিজয়ৰ হৈছে ব্ৰেক-আপ৷ যি তৃষাৰ বাবে বিজয়ে মৰমৰ পত্নী সংগীতাৰ সৈতে বিচ্ছেদ কৰিছিল সেইগৰাকী প্ৰেমিকাও তেওঁৰ জীৱনৰ পৰা আঁতৰি গৈছে৷ বিজয়ৰ নতুন মৰমীৰ আসন দখল কৰিছে বলীউডী ৰূপহী পূজা হেগড়েই৷
অৱশ্যে পূজাৰ সৈতে বিজয়ৰ সম্পৰ্ক বৰ বেছিদিনীয়া নহয়৷ মাজতে তামিলনাডু চৰকাৰৰ এটা ইভেণ্টত পূজাই অংশগ্ৰহণ কৰিছিল৷ তেতিয়া বিজয়ৰ সৈতে তেওঁ ঘনিষ্ঠ হৈ পৰিল৷ পূৰ্বে দাক্ষিণাত্যৰে অভিনেত্ৰী হিচাপে পূজাক বিজয়ে কেৱল চিনিহে পাইছিল৷ হঠাতে হোৱা ঘনিষ্ঠতাৰ সুযোগ গ্ৰহণ কৰিলে পূজাই৷ তেওঁ বিজয়ৰ সৈতে কথা পাতিব ধৰিলে৷ বিধ্বস্ত ব্যক্তিগত জীৱনৰ বাবে নি:সংগ হৈ পৰা বিজয়ক সুখী কৰিব শিকিলে পূজাই৷ সুন্দৰী অভিনেত্ৰীৰ আবদাৰভৰা কথাবোৰ শুনি বিজয়ে আকৌ ভালপাবলৈ শিকিলে৷ তেওঁ পূজাক দিলে প্ৰেমপ্ৰস্তাৱ৷ সেয়ে আজিকালি মুম্বাইৰ পৰিৱৰ্তে মাহটোৰ বেছিভাগ সময় পূজা চেন্নাইতে থাকে৷
তেওঁ বিজয়ক চৰকাৰী অনুষ্ঠানতো সংগদান কৰিছে৷ পূজা যিমানে কাষ চাপিছে সিমানে বিজয়ৰ কাষৰ পৰা আঁতৰি গৈছে তৃষা কান্নান৷ পূজাই তৃষাক দূৰলৈ ঠেলি দিছে৷ বৰ্তমান পূজাই নিশা বিজয়ৰ ঘৰলৈ গৈ পাতে মনৰ কথা৷ দুয়ো নিশা উন্মনা হৈ পৰে৷ সকলো ঠিকে থাকিলে শীঘ্ৰেই হ’ব মুখ্যমন্ত্ৰীৰ বিয়া৷