ভাৰতত চাকৰি নকৰা যুৱকে ধুনীয়া কইনাও নাপায়
কিন্তু আয়াৰলেণ্ডৰ পৰিস্থিতি ওলোটা৷ আয়াৰলেণ্ডত ধুনীয়া ছোৱালীৰ লাইন লাগিছে৷ তেওঁলোকে বিয়া হ’বলৈ দৰা বিচাৰি হাহাকাৰ কৰিছে৷ পিছে আয়াৰলেণ্ডত মহিলাৰ বিপৰীতে পুৰুষৰ সংখ্যা তেনেই কম৷ সেয়ে সুন্দৰী বিবাহযোগ্য যুৱতীক বিয়া পাতিবলৈ দৰাৰ অভাৱ হৈছে৷ ফলত আয়াৰলেণ্ডত অবিবাহিত মহিলাৰ সংখ্যা বৃদ্ধি পাইছে৷ একেটা কাৰণতে দেশখনৰ জনসংখ্যাও স্থবিৰ হৈ পৰিছে৷ এই সমস্যাৰ সৈতে মোকাবিলা কৰিবলৈ আয়াৰলেণ্ড চৰকাৰে এটা বুদ্ধি পাঙিছে৷ দেশৰ উপৰি বিদেশৰ পুৰুষকো যাতে আইৰিছ যুৱতীৰ সৈতে বিয়া পাতিবলৈ আগ্ৰহী কৰিব পাৰি তাৰ বাবে দিবলৈ ওলাইছে ধন৷ এই আঁচনিৰ সুবিধা ভাৰতৰ পুৰুষেও গ্ৰহণ কৰিব পাৰে৷ তাৰ বাবে ভাৰতীয় পুৰুষে ত্যাগ কৰিব লাগিব দেশৰ নাগৰিকত্ব৷ চিৰদিনলৈ আয়াৰলেণ্ডত বসতি স্থাপন কৰা ভাৰতীয় পুৰুষে লাভ কৰিব নগদ ৭১ লাখ টকা৷
আয়াৰলেণ্ডত লাহে লাহে পৰিয়ালৰ ধাৰণাটো নোহোৱা হৈ পৰিছে৷ দেশখনত মহিলাৰ অনুপাতে পুৰুষৰ সংখ্যা পূৰ্বৰে পৰাই কম, কিন্তু এইবছৰ সমস্যা ভয়ংকৰ হৈ পৰিছে৷ ২০২৬ চনত দেশখনত হৈছে মাত্ৰ ২০৫ খন বিয়া৷ সেয়ে বিশ্বৰ যিকোনো দেশৰ পুৰুষকে আইৰিছ মহিলাৰ সৈতে বিয়া পাতিবলৈ আকৰ্ষণৰ চেষ্টা চলোৱা হৈছে৷ আইৰিছ চৰকাৰে কৰা ঘোষণা অনুসৰি যি পুৰুষে দেশখনৰ মহিলাৰ সৈতে বিবাহত আবদ্ধ হ’ব তেওঁ লাভ কৰিব ৬৫ হাজাৰ ইউৰো৷ এই ধনৰাশি ভাৰতীয় অংকত হৈছে ৭১ লাখ টকা৷ যিকোনো দেশৰ পৰা গৈ আয়াৰলেণ্ডৰ মহিলাৰ সৈতে বিবাহত আবদ্ধ হোৱা পুৰুষে সেই ধনৰাশিৰে নিজা ব্যৱসায় আৰম্ভ কৰিব পাৰিব৷ তাৰ বাবে আয়াৰলেণ্ডৰ চৰকাৰে বিদেশী জোঁৱাইকো সমানে সুবিধা দিব৷ চৰকাৰে বিদেশী পুৰুষক আয়াৰলেণ্ডতে চাকৰি কৰিবলৈ যাৱতীয় সুযোগ প্ৰদান কৰাৰ অংগীকাৰ কৰিছে৷
অৰ্থাৎ ভাৰতৰ পৰা গৈ আইৰিছ যুৱতীক বিয়া পতা পুৰুষেও লাভ কৰিব চৰকাৰী সংস্থাপন লাভৰ সুবিধা৷ আনহাতে যদি ইউৰোপীয় সংঘৰ অধীনস্থ দেশসমূহৰ পুৰুষে আইৰিছ মহিলাক বিয়া পাতে তেন্তে তেওঁলোকে স্বদেশৰ নাগৰিকত্ব ত্যাগ কৰিব নালাগে৷ কিন্তু যদি ভাৰতীয় পুৰুষে আয়াৰলেণ্ডলৈ গৈ খ্ৰীষ্টান যুৱতীক বিয়া পাতে তেন্তে স্বদেশৰ নাগৰিকত্ব চিৰদিনলৈ ত্যাগ কৰাটো বাধ্যতামূলক৷ অৱশ্যে তেতিয়াও ভাৰতীয় পুৰুষ কোনো সমস্যাৰ সন্মুখীন নহয়৷ কিয়নো তেওঁলোকক আইৰিছ চৰকাৰে ইতিমধ্যে নাগৰিকত্ব প্ৰদান কৰিব৷ তাৰোপৰি ভাৰতীয় পুৰুষৰ সন্তানেও জন্মসূত্ৰে স্বয়ংক্ৰিয়ভাৱে নাগৰিকত্ব লাভ কৰিব৷
আয়াৰলেণ্ড চৰকাৰে এই বাম্পাৰ অফাৰ পহিলা ছেপ্টেম্বৰত মুকলি কৰিছিল৷ তেওঁলোকে যিকোনো ধৰ্মৰ পুৰুষক আয়াৰলেণ্ডলৈ যোৱাৰ বাবে সুবিধা প্ৰদান কৰিছে৷ সকলো দেশৰ পৰাই আইৰিছ যুৱতীক বিয়া পাতিবলৈ যাতে দৰা যাব পাৰে তাৰ বাবে শিথিল কৰি দিয়া হৈছে ভিছা নীতি৷ ইতিমধ্যে অষ্ট্ৰেলিয়াৰ কেবাশ পুৰুষে আয়াৰলেণ্ডৰ যুৱতীৰ সৈতে বিবাহ কৰিছে৷ বিদেশী পুৰুষে যাতে আইৰিছ যুৱতীৰ সৈতে সহজে সম্পৰ্ক স্থাপন কৰিব পাৰে তাৰ ব্যৱস্থাও চৰকাৰেই কৰি দিব৷ চৰকাৰী উদ্যোগত ভাৰতীয় পুৰুষে আইৰিছ যুৱতীৰ সৈতে ডেটিং কৰিব পাৰিব৷ বিবাহৰ খৰচো আয়াৰলেণ্ডৰ চৰকাৰেই বহন কৰিব৷
কিন্তু এই অফাৰ বেছিদিনলৈ নাথাকে৷ অহাবছৰৰ জানুৱাৰীত এই অফাৰৰ সময় সমাপ্ত হ’ব৷ তাৰ আগতেই আয়াৰলেণ্ডলৈ যোৱাৰ বাবে পাকিস্তানী পুৰুষৰ লাইন লাগিছে৷ ভাৰতৰো উত্তৰ প্ৰদেশ আৰু মহাৰাষ্ট্ৰৰ পৰা আয়াৰলেণ্ডলৈ গৈছে শতাধিক পুৰুষ৷ তাৰে ভিতৰত ৪০ শতাংশই আইৰিছ মহিলাক বিয়া পাতি ৭১ লাখ টকাৰ মালিক হৈছে৷ বাকীসকলো সুদামুখে ভাৰতলৈ উভতি আহিবলগীয়া হোৱা নাই৷ আইৰিছ মহিলাৰ সৈতে বিয়া পাতিব নোৱাৰিলেও তেওঁলোকে তাতেই সংস্থাপন লাভ কৰিছে৷ এতিয়াও আয়াৰলেণ্ডলৈ যোৱাৰ বাবে ভাৰতীয় পুৰুষে লৰা-ঢপৰা কৰিয়েই আছে৷ নিবনুৱা পুৰুষে তাত পাব সুখৰ সংসাৰৰ সুবিধা৷ তাৰোপৰি আয়াৰলেণ্ডৰ চৰকাৰে ভাৰতীয় পুৰুষক প্ৰদান কৰিব নগদ ৭১ লাখ টকা৷


