বিয়া পাতিলে স্বামীক দিব সৰগীয় সুখ
মোক বিয়া পাতিলে পতিয়ে পাব ক’তো নোপোৱা সুখ
এই প্ৰতিশ্ৰুতি দিছে উত্তৰ প্ৰদেশৰ নন্দিনীয়ে৷ ছোৱালীজনীৰ বয়স প্ৰায় ২৭ বছৰ৷ তেওঁ বিয়া হ’বলৈ দৰা পোৱা নাই৷ নন্দিনীয়ে দৰা বিচাৰি হাবাথুৰি খাইছে৷ পূৰ্বে নন্দিনীৰ বয়ফ্ৰেণ্ড আছিল৷ ব্ৰেক-আপৰ পিছত নন্দিনীয়ে ভাল দৰা বিচাৰিছে৷ কিন্তু নন্দিনীক বিয়া পাতিবলৈ উত্তৰ প্ৰদেশৰ কোনো পুৰুষ ইচ্ছুক নহয়৷ কাৰণ নন্দিনীৰ চৰিত্ৰ বেয়া৷ তেওঁ নিজেই প্ৰাক্তন প্ৰেমিকৰ সৈতে কেবাবাৰো শাৰিৰীক সম্পৰ্ক কৰা বুলি স্বীকাৰ কৰিছে৷ সেয়ে বিপাঙত পৰি নন্দিনীয়ে দিছে এটা বাম্পাৰ অফাৰ৷ তেওঁক বিয়া পতা পুৰুষজনে পৃথিৱীৰ আন কোনো লোকে নোপোৱা সুখ পাব বুলি নন্দিনীয়ে প্ৰতিশ্ৰুতি দিছে৷ তাৰোপৰি নন্দিনীয়ে এটা অদ্ভুত আশ্বাস দিছে৷ নন্দিনীৰ মতে তেওঁ স্বামীৰ প্ৰতিটো নিৰ্দেশ আখৰে আখৰে পালন কৰিব৷ তেওঁক যদি স্বামীয়ে বেশ্যাৰ কাম কৰিবলৈয়ো নিৰ্দেশ দিয়ে তেন্তে নন্দিনীয়ে অস্বীকাৰ নকৰে৷ বেশ্যাবৃত্তিত জড়িত হৈ হ’লেও তেওঁ স্বামীক সুখত ৰাখিব৷ ভাবী স্বামীয়ে বিচাৰিলে আন পুৰুষৰ সৈতে কামকেলি কৰিবলৈয়ো অস্বীকাৰ নকৰোঁ বুলি নন্দিনীয়ে প্ৰতিজ্ঞা কৰিছে৷ নিজৰ ফে’চবুক পে’জত বৰ্তমান নন্দিনীয়ে দৰা বিচাৰি অপাৰেশ্যন চলাই আছে৷ কেবাটাও ভিডিঅ’ত নন্দিনীয়ে দেশৰ যিকোনো প্ৰান্তৰ পুৰুষক তেওঁলৈ বায়’ডাটা প্ৰেৰণ কৰিবলৈ অনুৰোধ জনাইছে৷ নন্দিনীয়ে দৰাৰ ধৰ্ম আৰু জাতিৰ বিচাৰ নকৰে৷ তেওঁক সুখত ৰাখিব পৰা যিকোনো পুৰুষৰ সৈতে নন্দিনী বিয়া হ’ব৷ অৱশ্যে দৰাৰ বেংক বেলেন্স থকাটো বিচাৰে নন্দিনীয়ে৷ কিন্তু তেওঁ স্বামীৰ উপাৰ্জনেৰে নাখায়৷ নন্দিনীয়ে বিয়াৰ পিছতো নিজাকৈ উপাৰ্জন কৰিব বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰিছে৷ অৱশ্যে ব্যৱসায় অথবা চাকৰি কৰি নন্দিনীয়ে ধন নঘটে৷ তেওঁ বেশ্যাৰ কাম কৰিহে ধন উপাৰ্জন কৰিব বুলি দিছে প্ৰতিশ্ৰুতি৷ নন্দিনীৰ মতে তেওঁ স্বামীকো শাৰিৰীক সুখৰ পৰা বঞ্চিত নকৰে৷ কিন্তু নিজাকৈ ধন উপাৰ্জনৰ বাবে তেওঁ আন পুৰুষৰ অংকশায়িনী হ’ব৷ স্বামীয়ে অনুমতি দিলে অচিন পুৰুষৰ সন্মুখত নিৰ্বস্ত্ৰ হৈ নন্দিনীয়ে আয় কৰিব ধন৷ নিশা উপাৰ্জন কৰা ধন পুৱা স্বামীক জমা দিব৷
স্বামীক সুখত ৰাখিবলৈ প্ৰতিটো নিৰ্দেশ পালন কৰিব বুলি নন্দিনীয়ে ঘোষণা কৰিছে৷ স্বামীয়ে যদি নিৰ্দেশ দিয়ে তেন্তে গাঁৱৰ পুৰুষৰ সৈতেও শাৰিৰীক সম্বন্ধ কৰিবলৈ নন্দিনীয়ে লাজ নকৰে৷ আনহাতে পূৰ্বৰ প্ৰেমিকৰ পৰা নন্দিনীয়ে আত্মসাৎ কৰিছিল চাৰিলাখ টকা৷ সেইখিনি ধনো বৰ্তমান নন্দিনীৰ একাউণ্টত জমা আছে৷ গতিকে নন্দিনীৰ ভাবী স্বামীয়েই সেই ধন লাভ কৰিব৷ নন্দিনীৰ দেউতাকো উত্তৰ প্ৰদেশৰ চহকী কৃষক৷ তেওঁ নন্দিনীক যৌতুকত কেবালাখ টকাৰ সম্পত্তি দিব৷ নন্দিনীয়ে নিজাকৈয়ো দিব বুলেট৷
মুঠতে যিয়েই তেওঁক বিয়া পাতিব সেইজন পুৰুষৰে ভাগ্যৰ চকৰি ঘূৰি যাব বুলি নন্দিনীয়ে প্ৰতিশ্ৰুতি প্ৰদান কৰিছে৷ তেওঁ দাবী কৰামতে প্ৰাক্তন বয়ফ্ৰেণ্ডে বিয়া পাতিম বুলিও প্ৰতাৰণা কৰিছিল৷ বিবাহৰ গেৰাণ্টী দিয়া বাবেহে তেওঁ এক্সৰ সৈতে শাৰিৰীক সম্বন্ধ কৰিছিল৷ সেইটো সৰ্বত্ৰ জনাজনি হোৱা বাবে উত্তৰ প্ৰদেশত নন্দিনী বদনামী হৈ পৰিল৷ তাৰ বাবে নন্দিনীয়ে সম্প্ৰতি বিচাৰিছে বেলেগ ৰাজ্যৰ দৰা৷ অসমৰ দৰাকো সুন্দৰী নন্দিনীয়ে বিমুখ নকৰে৷ কিন্তু স্বামীয়ে তেওঁক ভৱিষ্যতে দিব লাগিব স্বাধীনতা৷



