ব্লেকমেইলিং কৰি ধনদাবী কৰাটোৱেই হৈ পৰিছে সাংবাদিকৰ কাম
কেমেৰা দেখুৱাই ধাবাৰ মালিকৰ পৰা ধন কালেকশ্যন কৰিছে ভুৱা সাংবাদিকে
অসমত এটা নতুন ট্ৰেণ্ড আৰম্ভ হৈছে৷ সাংবাদিকতাৰ সৈতে পৰিচয় নথকা ভণ্ড পাষণ্ডই নিজাকৈ প’ৰ্টেল খুলি স্বয়ম্ভূ সাংবাদিক হৈ পৰিছে৷ কেমেৰা আৰু বুম কিনি তেওঁলোক হৈ পৰিছে ব্লেকমেইলাৰ সাংবাদিক৷ যাৰে-তাৰে ভিডিঅ’ কৰি পইচা কালেকশ্যন কৰাটোৱেই এইসকল ভুৱা সাংবাদিকৰ মূল কাম৷ বৰপেটাৰ খৈৰাবাৰীৰ এইজন সাংবাদিকলৈ চাওক৷ তেওঁ সাংবাদিক শব্দটোৱেই ভালদৰে লিখিব নাজানে৷ কিন্তু পইচা কালেকশ্যন কৰাত এইজন সাংবাদিক ওস্তাদ৷ খৈৰাবাৰীৰ ধাবাত মদ বিক্ৰী কৰাৰ ভিডিঅ’ কৰি এইজন ধূৰ্ত সাংবাদিকে ব্লেকমেইলিং কৰি থাকে৷ প্ৰায়ে কেমেৰা দেখুৱাই ধাবাৰ মালিকৰ পৰা ডিমাণ্ড কৰে পইচা৷ তেওঁ সপ্তাহৰ মূৰে মূৰে বৰপেটাৰ প্ৰতিখন ধাবালৈ যায়৷ য’তে সুৰা বিক্ৰী কৰা হয় তাৰে দৃশ্য কেমেৰাত আবদ্ধ কৰে৷ নিজা প’ৰ্টেলত বাতৰি সম্প্ৰচাৰ কৰাৰ ভয় দেখুৱাই ধাবাৰ মালিকৰ পৰা ডিমাণ্ড কৰে ধন৷ তেওঁ কেবামাহৰ পৰা একেটা কাৰ্বাৰেই কৰি আছে৷ কেমেৰা আৰু বুম দেখুৱাই লোকজনে সংগ্ৰহ কৰিছে লাখৰ ঘৰত ধন৷ কিন্তু এইবাৰ সাংবাদিক মহোদয় ফান্দত পৰিল৷ এশ গৰু মাৰিলে বাঘৰ মৰণ হোৱাৰ দৰে তেওঁ জালৰ পৰা ওলাব নোৱাৰা হ’ল৷ সাংবাদিকক পইচা দি দি মেনেজ কৰি থকা ধাবাৰ মালিকে পুলিচ মাতিলে৷ পুলিচৰ সন্মুখত ধাবাৰ মালিকে জেৰা কৰিলে সাংবাদিকক৷ তেওঁ শেষত পইচা নিবলৈ ভিডিঅ’ ৰেকৰ্ডিং কৰা বুলি স্বীকাৰ কৰিবলৈ বাধ্য হৈ পৰিল৷ বৰপেটাৰ এই ঘটনাটো আমাৰ কেমেৰাত আবদ্ধ হ’ল৷ সাংবাদিকতাৰ নামত কলংক এই নকল সাংবাদিকজনে ধাবাৰ পৰা যে পূৰ্বে কেবাবাৰো পইচা কালেকশ্যন কৰিছিল সেয়া মানি ল’লে৷ পইচা ঘূৰাই দিব বুলি বৰপেটা পুলিচৰ ওচৰত সৈ কাঢ়িলে নকল সাংবাদিক মহোদয়ে৷ পুলিচৰ জেৰাৰ সময়ত এটা ভয়ংকৰ তথ্য ফাদিল কৰিলে ধূৰ্ত সাংবাদিক মহাশয়ে৷ তেওঁ ক’লে- মোক পইচা কালেকশ্যন কৰিবলৈ অফিচৰ পৰা প্ৰেৰণ কৰা হৈছিল৷
অৰ্থাৎ বিশেষ প’ৰ্টেলৰ পৰা তেওঁক ধাবাৰ মালিকক পইচাৰ ডিমাণ্ড কৰিবলৈ দায়িত্ব দিয়া বুলি দাবী কৰিলে ধূৰ্ত সাংবাদিকে৷ পইচা তুলিবলৈ গৈ ধৰা পৰা লোকজনে প্ৰকাশ কৰা অনুসৰি তেওঁ বহুদিনৰ পৰা এইদৰে ধনদাবী কৰিয়েই আছে৷ তেওঁ সাংবাদিক যদিও বাতৰি লিখিব নাজানে৷ লোকজনৰ মূল কামটো হৈছে ব্লেকমেইলিং৷ ধৰা নপৰাপৰ্যন্ত তেওঁ সাংবাদিকতাক পৱিত্ৰ বৃত্তি বুলি কৈ আছিল৷ কিন্তু যেতিয়াই ধৰা পৰিল তেতিয়াই তেওঁৰ মুখা খোলা খাই গ’ল৷ লোকজনে কিমান টকা লৈছিল সেয়া ফাদিল কৰিলে ধাবাৰ মালিকে৷ তেওঁৰ কথা শুনি তাপ মাৰি থাকিবলৈ বাধ্য হৈ পৰিল বৰপেটাৰ খৈৰাবাৰীৰ নকল সাংবাদিক৷
সম্প্ৰতি এইসকল নকল সাংবাদিকৰ টাৰ্গেট হৈ পৰিছে মদ বিক্ৰী কৰা ধাবা৷ আশ্বৰ্যকৰ কথাটো হৈছে যে বৰ্তমান ৰাজ্যৰ ৮০ শতাংশ ধাবাতে মদ বিক্ৰী কৰা হয়৷ এই ধাবাবোৰে পুলিচ মেনেজ কৰে৷ সেয়ে পুলিচে একো কৰিব নোৱাৰে৷ মাহিলী ধনৰ টোপোলা সময়মতে যোগান ধৰিলে পুলিচ নিমাত হৈ থাকে৷ কিন্তু তেতিয়াই সাংবাদিকৰূপী দালালৰ আৱিৰ্ভাব হয়৷ পুলিচে পইচা খোৱাৰ পিছত পেলনীয়া খাবলৈ সাংবাদিকৰ হেতা-ওপৰা লাগে৷ তেওঁলোকে ধাবাৰ মালিকক নিউজ বজোৱাৰ ভয় দেখুৱাই পইচা ডিমাণ্ড কৰিবলৈ আৰম্ভ কৰে৷ এইদৰে ৰাজ্যত চলি আছে ব্লেকমেইলিং৷ আৰক্ষীয়ে একো নকৰাৰ সুযোগ গ্ৰহণ কৰি মদ বিক্ৰী কৰা ধাবাক ভুৱা সাংবাদিকে খিৰতী গাই কৰি পেলাইছে৷ মাহিলী পাইছে লাখৰ ঘৰত টকা৷



