উৰ্ফিক দেখিলেই সাবটি ধৰিবলৈ পিন্ধি আছে দৰাৰ সাজ

দেখিলেই সাবটি ধৰি বিয়া পাতিব সুন্দৰী উৰ্ফি জাভেদক
১০ বছৰে এইটো সপোনৰ বাবেই পিন্ধি আছে দৰাৰ পোছাক
বলীউডী ষ্টাৰ উৰ্ফি জাভেদ বুকুৰ আপোন৷ গোৰখপুৰৰ আদিত্যই উৰ্ফিকে জীৱনৰ সৰ্বস্ব বুলি ভাবে৷ তেওঁ যিকোনো প্ৰকাৰে উৰ্ফি জাভেদক বিয়া পাতিব বিচাৰে৷ আদিত্যই কাহানিও উৰ্ফিক ওচৰৰ পৰা লগ পাই পোৱা নাই৷ কেৱল উৰ্ফিৰ ফটো আৰু ভিডিঅ’হে দেখিছে৷ মোবাইলত উৰ্ফিৰ ভিডিঅ’ ভৰ্তি কৰি থৈছে আদিত্যই৷ তেওঁ মুঠতে বিচাৰে উৰ্ফিৰ সান্নিধ্য৷ উৰ্ফিৰ ফটোৰ বাবে আদিত্যৰ মোবাইলত ষ্ট’ৰেজ নোহোৱা হৈ গৈছে৷ তথাপি উৰ্ফিক চাই চাই আদিত্যৰ হেঁপাহ পলোৱা নাই৷ কেতিয়াও আদিত্যৰ জন্মস্থান গোৰখপুৰলৈ যোৱা নাই উৰ্ফি৷ মুম্বাইলৈ গৈ উৰ্ফিক ওচৰৰ পৰা চাবলৈ আদিত্যৰ সামৰ্থ্যও নাই৷ তেওঁ তথাপি উৰ্ফি জাভেদকে জীৱনসংগী হিচাপে মৰ্যাদা দিছে৷ উৰ্ফি নহ’লে জীয়াই থকাৰ কথা ভাবিব নোৱাৰে আদিত্যই৷ তেওঁ তেনেই দৰিদ্ৰ পৰিয়ালৰ সন্তান৷ আদিত্যৰ চৰকাৰী চাকৰিও নাই৷ তেওঁ দেখাতো উৰ্ফিৰ সমান ধুনীয়া নহয়৷ ক’লাবৰণৰ আদিত্যই এটা কোম্পানীত চকীদাৰৰ চাকৰি কৰে৷ চাইকেল চলাই কামলৈ অহা-যোৱা কৰে আদিত্যই৷ কিন্তু তেওঁ আন যুৱকৰ দৰে লংপেণ্ট-ছাৰ্ট পিন্ধি কামলৈ নাযায়৷ সদায় আদিত্যই দৰাৰ পোছাক পিন্ধিহে ঘৰৰ পৰা ওলায়৷ ঘৰত আদিত্যই হাফপেণ্ট পিন্ধি থাকিলেও সাজু কৰি থয় দৰাৰ পোছাক৷ কাৰণ যিকোনো সময়তে উৰ্ফি জাভেদক লগ পাই যাব বুলি বিশ্বাসী আদিত্য৷ এবাৰ সন্মুখত দেখিলেই উৰ্ফিক বিয়া পাতিবলৈ আদিত্য সকলো সময়তে সাজু হৈ থাকে৷ যাৰ বাবে তেওঁ পিন্ধিয়েই থাকে দৰাৰ পোছাক৷ এই অভ্যাসটো নতুনো নহয়৷ উৰ্ফি জাভেদক লগ পালেই আলিংগন কৰি চিৰ জীৱনৰ বাবে নিজৰ কৰি লোৱাৰ ইচ্ছা কৰা আদিত্যই ১০ বছৰে অপেক্ষা কৰিছে৷ উৰ্ফিক নাপালে আন কাকো বিয়া পাতিব নোৱাৰে বুলি ঘোষণাই কৰি দিছে আদিত্যই৷ তেওঁ কিন্তু মানসিক ৰোগীও নহয়৷ তথাপি উৰ্ফিৰ বাবে আদিত্য উন্মাদ৷ উৰ্ফি জাভেদে মুম্বাইত অৰ্ধনগ্ন হৈ ঘূৰি ফুৰিলে আদিত্যৰ বুকু মোচৰ খাই যায়৷ তেওঁৰ ভাবী পত্নীৰ চৰিত্ৰ বেয়া বুলি কোনোবাই ক’লে আদিত্যই হুকহুকাই কান্দে৷ তেওঁৰ বাবে উৰ্ফি জাভেদ হৈছে হৃদয়ৰ ৰাণী৷ সুন্দৰী উৰ্ফি জাভেদে ইফালে আদিত্যক চিনিয়েই নাপায়৷
আদিত্য নামৰ যুৱকজন মানসিকভাৱে সুস্থ৷ তেওঁ কষ্ট কৰি ঘৰ চলাই আছে৷ বৰ্তমান এটা কোম্পানীত কাম কৰি কোনোমতে মাক আৰু ভায়েকৰ সৈতে পেট প্ৰৱৰ্তন কৰি আছে আদিত্যই৷ তেওঁ হিন্দী ফিল্মৰ ফেন৷ প্ৰতিখন চিনেমাই আদিত্যই চায়৷ ১০ বছৰ পূৰ্বে তেওঁ মোবাইলত উৰ্ফি জাভেদক দেখিছিল৷ সেই প্ৰথম দেখাতেই উৰ্ফি জাভেদৰ বাবে আদিত্য উন্মাদ হৈ পৰিল৷ তেওঁ উৰ্ফিক নিজৰ কৰি লোৱাৰ মন মেলিলে৷ বহুতে বলীউডী তাৰকাৰ সৈতে গোৰখপুৰৰ দুখীয়া যুৱকৰ বিয়া হোৱাটো অসম্ভৱ বুলি বুজনি দিলে আদিত্যক৷ কিন্তু উৰ্ফিৰ বাবে উন্মাদ আদিত্যই একো নুবুজিলে৷ তেওঁ পিন্ধিব ধৰিলে দৰাৰ সাজ৷
আদিত্যৰ মতে সঁচা প্ৰেম কাহানিও বিফল নহয়৷ বলীউডী সুন্দৰী হ’লেও উৰ্ফি জাভেদে পিছলৈ তেওঁৰ প্ৰকৃত মৰম বুজি পাব৷ তেতিয়াই মুম্বাইৰ পৰা গোৰখপুৰলৈ ঢাপলি মেলিব উৰ্ফিয়ে৷ সেয়ে দৰা হোৱাৰ বাবে তেওঁ সকলো সময়তে সাজু হৈ থাকে৷ দৰাৰ দৰে পাগুৰি পৰিধান কৰিয়েই কাম কৰিবলৈ যায় আদিত্য৷ তেওঁ কেতিয়াও নোখোলে দৰাৰ পোছাক৷ যদি উৰ্ফি আন পুৰুষৰ সৈতে বিয়া হয় তেতিয়া আদিত্য মুম্বাইলৈ যাব৷ তেওঁ উৰ্ফিক বুজাব৷ মুঠতে কোনোপধ্যে উৰ্ফিক আদিত্যই হেৰুৱাব নিবিচাৰে৷