বৃদ্ধকালত ক্ৰিছ জেনাৰৰ প্ৰেম

৭০ বছৰ বয়সত প্ৰেমিকৰ সৈতে এনজয় কৰাত ব্যস্ত উতনুৱা মহিলা
বৃদ্ধ বয়সত আকৌ প্ৰেমত পৰিছে ক্ৰিছ জেনাৰ
কিম কাৰ্ডাছিয়ান, কাইলী জেনাৰ আদি পাৰ্টী এনিমেল মডেলক সকলোৱে চিনি পায়৷ তেওঁলোকৰে মাতৃ হৈছে ক্ৰিছ জেনাৰ৷ ছুপাৰ মডেল কেণ্ডেল জেনাৰৰো মাতৃৰ ক্ৰিছ জেনাৰেই৷ তেওঁৰ বয়স সম্প্ৰতি ৭১ বছৰ৷ ক্ৰিছ জেনাৰ দুবাৰ বিবাহত আবদ্ধ হৈছিল৷ প্ৰথমবাৰ তেওঁ ১৯৭৮ চনতে বিয়া হৈ ১৩ বছৰহে সংসাৰ কৰিব পাৰিলে৷ দ্বিতীয়বাৰ ১৯৯১ চনত বিয়া হৈছে ২০১৫ চনত ডিভ’ৰ্চ কৰিলে ক্ৰিছ জেনাৰে৷ বৰ্তমান তেওঁ অৱসৰী জীৱন কটাই আছে৷ তথাপি প্ৰেম কৰিব পাহৰা নাই ক্ৰিছ জেনাৰে৷ বয়স ৭১ বছৰ হ’লগৈ যদিও ক্ৰিছ জেনাৰে কটাই আছে ৰোমাণ্টিক জীৱন৷ বৰ্তমান ২০ বছৰীয়া প্ৰেমিকে উন্মাদ কৰি পেলাইছে বৃদ্ধ মহিলাগৰাকীক৷ মৰম লগাই লগাই একেবাৰে মতলীয়া কৰিছে ক্ৰিছ জেনাৰক৷ তেওঁৰ অৱশ্যে আগৰে পৰাই কমবয়সীয়া যুৱকৰ প্ৰতি আকৰ্ষণ বেছি৷ ২০১৫ চনত ক্ৰিছ জেনাৰৰ দ্বিতীয় স্বামীৰ সৈতে বিচ্ছেদ হোৱাৰ মূল কাৰণো আছিল পৰকীয়া প্ৰেম৷ তেওঁ ২০১৪ চনতে ক’ৰি গেম্বল নামৰ এজন যুৱকক লগ পাইছিল৷ ২৫ বছৰে সৰু হোৱাৰ পিছতো ক’ৰি গেম্বলৰ সৈতে সম্পৰ্ক কৰিছিল ক্ৰিছ জেনাৰে৷ তেওঁলোকৰ সম্পৰ্ক ১০ বছৰে চলি থাকিল৷ ক’ৰিয়ে অৱশ্যে বৃদ্ধা ক্ৰিছ জেনাৰৰ সৈতে বিয়া নাপাতিলে৷ তথাপি তেওঁলোকে লিভিং টুগেদাৰ কৰিলে৷ মৰম কৰি ক্ৰিছ জেনাৰৰ জীৱন ভৰাই তুলিলে ক’ৰিয়ে৷ তেওঁলোকে বহুদিন লিভিং টুগেদাৰ কৰি জীৱনটো উপভোগ কৰিলে৷ লাহে লাহে ক’ৰিৰ সংগ ক্ৰিছৰ বাবে আমনিদায়ক হৈ পৰিল৷ সেয়ে তেওঁ ক’ৰিৰ সৈতেও ব্ৰেক-আপ কৰিলে৷ কিন্তু প্ৰেমিক নহ’লে জীয়াই থাকিব নোৱাৰে ক্ৰিছ৷ তেওঁৰ বাবে প্ৰেমবিহীন জীৱন যাপন কৰাটো অসম্ভৱ৷ গতিকে আকৌ এবাৰ প্ৰেমত পৰিল ৭১ বছৰীয়া মহিলাগৰাকী৷ তেওঁৰ নতুন সংগীৰ বয়স মাত্ৰ ২০৷ প্ৰেমিকৰ তুলনাত ক্ৰিছ জেনাৰ ৫১ বছৰে ডাঙৰ৷ অৱশ্যে বয়:কনিষ্ঠ প্ৰেমিকক ক্ৰিছ জেনাৰে প্ৰপ’জ কৰা নাছিল৷ তেওঁকহে প্ৰেমিকে কৰিছিল প্ৰেম নিবেদন৷ সেযে ২০ বছৰীয়া প্ৰেমিকৰ সৈতে ডেটিং কৰিবলৈ ক্ৰিছে সিদ্ধান্ত ল’লে৷
ক্ৰিছ জেনাৰ ২০ বছৰীয়া যুৱকৰ সৈতে ডেটিং কৰাত পৰিয়ালৰ কোনো সদস্যৰ আপত্তি নাই৷ মাকক নিজৰ ইচ্ছানুসৰি জীৱন জীয়াবলৈ অনুমতি দিছে জীয়েকে৷ কিম কাৰ্ডাছিয়ান অথবা কেণ্ডেল জেনাৰ কোনেও মাকৰ বয়ফ্ৰেণ্ডকলৈ আপত্তি কৰা নাই৷ তেওঁলোকে ক্ৰিছ জেনাৰৰ বয়ফ্ৰেণ্ড বাছনি কৰাৰ অধিকাৰ আছে বুলি অভিহিত কৰিছে৷ বৰ্তমান যিজন যুৱকৰ সৈতে ক্ৰিছ জেনাৰে ডেটিং কৰিছে তেওঁ কিম অথবা কেণ্ডেল জেনাৰতকৈ সৰু৷ জীয়েকতকৈয়ো কম বয়সৰ যুৱকৰ সৈতে লিভিং টুগেদাৰ কৰি সুখী অনুভৱ কৰিছে ক্ৰিছ জেনাৰে৷ তেওঁ ২০ বছৰীয়া প্ৰেমিকৰ সংগত থাকি আকৌ এবাৰ গাভৰু হৈ পৰা বুলি প্ৰকাশ কৰিছে৷ শেহতীয়াকৈ আমেৰিকা মায়ামীৰ বীচ্চত ক্ৰিছে প্ৰেমিকৰ সৈতে কৰি আছে আউটিং৷
ক্ৰিছ জেনাৰে অৱশ্যে বয়ফ্ৰেণ্ডৰ সৈতে লিভিং টুগেদাৰ কৰাৰ বিষয়ে জীয়েকহঁতৰ অনুমতি গ্ৰহণ কৰিছিল৷ তেওঁ এইবাৰেই জীৱনত শেষবাৰলৈ প্ৰেম কৰিব বিচাৰে৷ ইয়াৰ পিছত নতুন পুৰুষৰ সংগ নিবিচাৰে ক্ৰিছ জেনাৰে৷ গতিকে নতুন বয়ফ্ৰেণ্ডক সুখী কৰাত অৱহেলা কৰা নাই ক্ৰিছে৷ দিছে শৰীৰৰ সকলো সুখ৷