ফে’চবুকত ধুনীয়া ছোৱালী দেখিলেই হাই-হেল্ল’ নকৰিব
ৰূপহী কন্যাৰ মিঠা মাতে আপোনাকো ধ্বংস কৰিব পাৰে
যিদৰে ধ্বংস হ’ল ব্ৰাজিলৰ কোটিপতি ব্যৱসায়ী মাৰ্টিন৷ ছাও পাওলো চহৰৰ মাৰ্টিন এলেকাটোৰ ভিতৰতে ধনী ব্যৱসায়ী আছিল৷ কিন্তু ৪৯ বছৰ বয়সলৈ মাৰ্টিনে বিয়া পাতিব পৰা নাছিল৷ তিনিগৰাকী গাৰ্লফ্ৰেণ্ডৰ সৈতে মাৰ্টিনে লিভিং টুগেদাৰ অৱশ্যেই কৰিছিল৷ কিন্তু কাৰো সৈতে মাৰ্টিনে স্থায়ীকৈ সংসাৰ আৰম্ভ কৰিব পৰা নাছিল৷ তেওঁ হৈ পৰিছিল অকলশৰীয়া৷ মাৰ্টিনে ছ’চিয়েল মিডিয়াত বেছি সময় কটাব ধৰিছিল৷ ধুনীয়া ছোৱালীৰ একাউণ্ট স্ক্ৰল কৰি মাৰ্টিনে চকুৰ পোৰণি মাৰিছিল৷ মাৰ্টিনে ফল’ কৰিছিল শতাধিক সুন্দৰী নাৰীক৷ তাৰে মাজৰ এজনী ছোৱালীয়ে মাৰ্টিনৰ নিদ্ৰাহৰণ কৰিছিল৷ জেনী নামৰ সুন্দৰীলৈ প্ৰায়ে মেছেজ কৰিছিল মাৰ্টিনে৷ প্ৰত্যুত্তৰত জেনীয়েও মাৰ্টিনক অভিবাদন জনাইছিল৷ দুয়ো ঘণ্টাৰ পিছত ঘণ্টা কথাও পাতিছিল৷ মাৰ্টিনে পুৱাৰ পৰা নিশাপৰ্যন্ত জেনীৰ সৈতে মেছেজ কৰিছিল৷ প্ৰায়ে জেনিয়ে মেছেজ দি শোৱাৰ পৰা মাৰ্টিনক জগাইছিল৷ মাৰ্টিনেও জেনীৰ মেছেজটোলৈ অপেক্ষা কৰিছিল৷ জেনীও মাৰ্টিনৰ বাবে হৈ পৰিছিল উন্মাদ৷ কিন্তু ছাও পাওলোৰ মাৰ্টিনে জেনীক কদাপিও লগ পোৱা নাছিল৷ সেয়ে মাৰ্টিনে জেনীক সাক্ষাৎ কৰিব বিচাৰিলে৷ প্ৰথমে অৱশ্যে মাৰ্টিনক অপেক্ষা কৰিবলৈ জেনীয়ে অনুৰোধ কৰিছিল৷ কিন্তু প্ৰেমত পৰি বলিয়া হোৱা মাৰ্টিনে একো নুশুনিলে৷ এদিন তেওঁ জেনীক দিলে বিশেষ প্ৰস্তাৱ৷ সকলো সম্পত্তি বিক্ৰী কৰি ছাও পাওলোৰ পৰা তেওঁ একেবাৰে জেনীৰ কাষলৈ গুচি যাব বুলি জনাই দিলে মাৰ্টিন নামৰ ব্যৱসায়ীজনে৷ সেইমতে তেওঁ ব্যৱসায় আনক চমজাই দিলে৷ ঘৰৰ ভেটিটোপৰ্যন্ত আটাইবোৰ তেওঁ বেচি দিলে৷ ২,০০০ কিলোমিটাৰ দূৰৰ চহৰত থকা জেনীৰ কাষলৈ যাব ওলাল মাৰ্টিন৷ তেওঁ জেনীৰ ওচৰলৈ উৰা মাৰিলে৷ কিন্তু তাৰ পিছত যি হ’ল সেয়া শুনিলে আপোনাৰো চকু কঁপালত উঠাটো খাটাং৷
আচলতে মাৰ্টিনে ইমানদিনে যাৰ সৈতে প্ৰেমালাপ কৰি আছিল সেই জেনী তেজ-মঙহৰ মানুহ নাছিল৷ জেনী আছিল AI ইমেজ৷ কৃত্ৰিম বুদ্ধিমত্তাৰ জৰিয়তে নাৰী চৰিত্ৰ সৃষ্টি কৰি দুষ্ট যুৱকে ফে’চবুক একাউণ্ট খুলিছিল৷ সেই একাউণ্টটোৱেই ফল’ কৰিছিল মাৰ্টিনে৷ জেনী নামৰ AI চৰিত্ৰটোৰ জৰিয়তে অজ্ঞাত যুৱকে ভিডিঅ’ বনাইছিল৷ ফে’চবুকত সেইবোৰেই চাইছিল মাৰ্টিনে৷ AI ইমেজ জেনীক দেখি উন্মনা হৈ পৰিছিল মাৰ্টিন৷ তেওঁ জেনীক তেজ-মঙহৰ মানুহ বুলি ভাবিছিল৷ সেয়ে সম্পত্তি বিক্ৰী কৰি জেনীৰ কাষলৈ ঢাপলি মেলিছিল৷ কিন্তু ২,০০০ কিলোমিটাৰ চহৰলৈ গৈ সত্য গম পাই মাৰ্টিনৰ অৱস্থা কাহিল হৈ গ’ল৷
কিন্তু মাৰ্টিন নামৰ অজলা লোকজনৰ এতিয়া একো উপায় নাই৷ ছাও পাওলোত তেওঁৰ বৰ্তমান নাই কোনো সম্পত্তি৷ AI সুন্দৰী জেনীৰ বাবে তেওঁ ঘৰৰ ভেটিও বিক্ৰী কৰিছিল৷ জেনীৰ বাবে লৈ গৈছিল দামী উপহাৰ৷ কিন্তু বিশেষ চহৰখনত ভৰি দিয়াৰ পিছত যেতিয়া জেনী নামৰ কোনো বাস্তৱ অস্তিত্ব নাই বুলি গম পালে তেতিয়া তেওঁ আৰক্ষীৰ কাষ চাপিল৷ সেই সময়লৈ ফে’চবুকৰ পৰাও অন্তৰ্ধান হৈ গ’ল জেনী নামৰ AI একাউণ্ট৷ মাৰ্টিনে আৰক্ষীৰ কাষ চাপিও সহায় নাপালে৷ তেওঁ সৰ্বস্বান্ত হৈ ছাও পাওলোলৈ উভতিবলগা হ’ল৷ গতিকে আগলৈ সুন্দৰীয়ে মেছেঞ্জাৰত মিঠামাতেৰে হাই-হেল্ল’ কৰিলেও নিদিব প্ৰত্যুত্তৰ৷



