লোকচান হ’লেও কেৰেপ নকৰে ৰাহুলে

জ্ঞানেশ কুমাৰক আঁতৰালেই ৩০ ছেকেণ্ডত বন্ধ হ’ব আন্দোলন
দিল্লীৰ ব্যৱসায়ীলৈ ৰাহুল গান্ধীৰ বাৰ্তা
কাৰো লোকচান নহয়, ৩০ ছেকেণ্ডতে আন্দোলনো বন্ধ হৈ যাব৷ তাৰ বাবে কেৱল মোদীয়ে মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰক অপসাৰণ কৰিব লাগিব৷ আন্দোলন বন্ধ কৰাৰ বাবে এই চৰ্ত বান্ধি দিছে ৰাহুল গান্ধীয়ে৷
দিল্লীৰ ৰামলীলা ময়দানত প্ৰতিদিনে প্ৰতিবাদী কাৰ্যসূচীৰ ফলত স্থানীয় ব্যৱসায়ীয়ে বিৰোধীক লোকচানৰ বাৰ্তা দিছিল৷ চেম্বাৰ অৱ ট্ৰেড এণ্ড ইণ্ডাষ্ট্ৰীয়ে নৱেম্বৰৰ উৎসৱৰ বতৰত ব্যৱসায়ীৰ আৰ্থিক ক্ষতিৰ প্ৰতি দৃষ্টি ৰাখি এই প্ৰতিবাদী কাৰ্যসূচী পিছুৱাবলৈ ৰাহুলক কৰিছিল অনুৰোধ৷ কিন্তু কংগ্ৰেছ নেতাজনে ব্যৱসায়ী সন্থাৰ আহ্বান পোনচাটেই নাকচ কৰিলে৷
তেওঁ স্পষ্ট কৰি দিয়ে যে দেশৰ গণতন্ত্ৰ আৰু ভোটাধিকাৰ ৰক্ষাৰ স্বাৰ্থত এই প্ৰতিবাদ কোনো পৰিস্থিতিতেই স্থগিত ৰখা নহ’ব। দিল্লীৰ প্ৰতিজন দোকানীক উদ্দেশ্যি ৰাহুল গান্ধীয়ে কয় যে বিৰোধী পক্ষ ব্যৱসায়ীসকলৰ প্ৰতি সহানুভূতিশীল৷
কিন্তু প্ৰজাতন্ত্ৰ ৰক্ষাৰ বাবে প্ৰতিবাদৰ বিকল্প নাই৷ কেন্দ্ৰীয় চৰকাৰ আৰু প্ৰশাসনক জবাবদিহি কৰি তেওঁ অভিযোগ কৰে যে বিভিন্ন ঠাইত মেট্ৰো সেৱা বন্ধ কৰি দিল্লী লকডাউন কৰি দিয়া হৈছে৷ যেতিয়া দেশত ভোট চুৰি হয় তেতিয়া নাগৰিকৰ আন কোনো অধিকাৰেই সুৰক্ষিত হৈ নাথাকে বুলি তেওঁ উল্লেখ কৰিলে৷ তেওঁ ক’লে- প্ৰতিবাদ বন্ধ কৰাৰ এটাই উপায় আছে৷
যদি দিল্লীৰ ব্যৱসায়ীয়ে একত্ৰিতভাৱে প্ৰধানমন্ত্ৰীক মুখ্য নিৰ্বাচন আয়ুক্তক অব্যাহতি দিবলৈ বাধ্য কৰিব পাৰে তেন্তে ৩০ ছেকেণ্ডতে আন্দোলনৰ অৱসান ঘটিব৷ প্ৰতিবাদৰ পৰৱৰ্তী ৰণকৌশল অধিক শাণিত কৰিবলৈ ৰাহুল গান্ধীয়ে চৰকাৰী বাসভৱনলৈ বিৰোধী ইণ্ডিয়া ব্লকৰ শীৰ্ষ নেতাসকলক চাহমেললৈ নিমন্ত্ৰণ জনাইছে৷ পহিলা নৱেম্বৰৰ আন্দোলনৰ বাবে সাজু হৈছে ৰাহুল গান্ধী৷