শিশুৱেও ব্যৱহাৰ কৰিব পাৰিব ফে’চবুক
মাকে শিশুক মোবাইল চাবলৈ দিবই লাগিব
শিশুৱে মোবাইল চালে বাধা দিব নোৱাৰিব মাতৃয়ে
ইণ্টাৰনেট ব্যৱহাৰ আৰু লাভ কৰাৰ অধিকাৰ কেৱল বয়স্কসকলৰ বাবেই নহয়৷ দেশৰ প্ৰতিগৰাকী শিশুৰ বাবেও ইণ্টাৰনেটৰ উপযোগিতা মৌলিক সংবিধানিক অধিকাৰ। এই ৰায়দান কৰিলে দেশৰ সৰ্বোচ্চ আদালতে৷ ছুপ্ৰিম ক’ৰ্টে ন্যায়ালয়ে মত প্ৰকাশৰ স্বাধীনতা আৰু জীৱন তথা ব্যক্তিগত স্বাধীনতাৰ অধিকাৰৰ অংশ হিচাপে ইণ্টাৰনেটৰ সুলভতাক স্বীকৃতি প্ৰদান কৰিলে।
ন্যায়পীঠে স্পষ্ট ভাষাত ব্যক্ত কৰে যে শিশুৰ বয়স যিয়েই নহওক কিয়, সংবিধানিক অধিকাৰ পাবই৷ বয়সৰ দোহাই দি শিশুসকলৰ বাবে ইণ্টাৰনেট ব্যৱহাৰ নিষেধাজ্ঞা বা সামগ্ৰিক বাধা আৰোপ কৰাটো অযৌক্তিক, অনুচিত আৰু অসংবিধানিক। এই শুনানি ন্যায়ালয়ৰ দুজনীয়া বিচাৰপীঠত অনুষ্ঠিত হৈছিল, য’ত আছিল ন্যায়াধীশ জে বি পাৰ্ডিৱালা আৰু কে বিনোদ চন্দ্ৰন।
জাষ্ট ৰাইটছ ফৰ চিলড্ৰেন এলায়েন্স নামৰ বেচৰকাৰী সংগঠন আৰু এছ হৰীশৰ মাজত চলি থকা গোচৰৰ শুনানি গ্ৰহণ কৰি খণ্ডপীঠে ৰায়দানত স্পষ্ট কৰে যে শিশুৰ সুৰক্ষা আৰু তেওঁলোকৰ মৌলিক স্বাধীনতা পৰস্পৰ বিৰোধী নহয়।
ৰাজ্য আৰু চৰকাৰে অনলাইন জগতত শিশুসকলক নিৰাপত্তা প্ৰদান কৰাৰ নামত তেওঁলোকৰ মৌলিক অধিকাৰ খৰ্ব কৰিব নোৱাৰে। বৰ্তমান আধুনিক যুগ আৰু প্ৰযুক্তিৰ সময়ছোৱাত ইণ্টাৰনেট হৈছে শিক্ষা গ্ৰহণ, জ্ঞান আহৰণ, যোগাযোগ আৰু ভাৱ প্ৰকাশৰ মূল মাধ্যম।
ন্যায়ালয়ে কয় যে বয়সভিত্তিক নিষেধাজ্ঞা আৰোপ কৰিলে ফল ওলোটা হ’ব পাৰে, কিয়নো ই শিশুসকলক অবৈধ বা অনিৰাপদ উপায়েৰে ইণ্টাৰনেট ব্যৱহাৰ কৰিবলৈ বাধ্য কৰিব।



