পহিলা নৱেম্বৰত ইণ্ডিয়াক বাধা দিয়াৰ পৰিকল্পনা

স্বীকাৰ কৰা নাই, কিন্তু পৰিস্থিতিৰ ভয়াৱহতাত শংকিত হৈছে অমিত শ্বাহ৷ প্ৰজাতন্ত্ৰৰ দীৰ্ঘ জীৱনৰ অংগীকাৰেৰে বিৰোধী ইণ্ডিয়া ব্লকে ঘোষণা কৰা কাৰ্যক্ৰম বন্ধ কৰিবলৈ গৃহমন্ত্ৰীয়ে ৰাজনৈতিক অস্ত্ৰ প্ৰয়োগ কৰিছিল৷
কিন্তু পহিলা নৱেম্বৰত দিল্লীৰ ৰামলীলা ময়দানত প্ৰতিবাদী সমদল হ’বই বুলি কংগ্ৰেছে ঘোষণা কৰিলে৷ লগে লগে পৰিস্থিতি পৰ্যালোচনাৰ বাবে বিজেপিয়ে উচ্চপৰ্যায়ৰ জৰুৰী বৈঠক আহ্বান কৰিছে। আকৌ জ্ঞানেশ কুমাৰক সুৰক্ষিত কৰিবলৈ অমিত শ্বাহে ৰচনা কৰিছে ৰণকৌশল৷
এই বৈঠকখনলৈ মাতি পঠিওৱা হৈছে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীন, পাৰ্টিৰ ৰাষ্ট্ৰীয় সংগঠন সাধাৰণ সম্পাদক বি এল সন্তোষ আৰু সুনীল বাঞ্চালকে ধৰি বহুকেইজন শীর্ষস্থানীয় নেতাক৷ এই সভাত বিৰোধী দলসমূহে ৰেলীৰ সময়ত দিল্লীৰ ৰামলীলা ময়দানৰ পৰা যাতে দেশবাসীক একো বাৰ্তা দিব নোৱাৰে তাৰ বাবে পৰিকল্পনা কৰা হৈছে৷
তথ্য অনুসৰি বিজেপিয়ে বিৰোধীৰ বিৰুদ্ধে সামাজিক মাধ্যম, টেলিভিছনৰ বিতৰ্ক আৰু ৰাজ্যিক পৰ্যায়ত যুঁজ দিয়াৰ বাবে এই আলোচনা কৰিছে। বৰ্তমান কংগ্ৰেছৰ জ্যেষ্ঠ নেত্ৰী প্ৰিয়ংকা গান্ধী ৱদ্ৰা আৰু কে চি বেণুগোপালে উত্তৰ প্ৰদেশ, হাৰিয়ানা আৰু দিল্লীৰ পৰা ৰেলীত প্ৰায় দহ লাখ লোকক একত্ৰিত কৰাৰ তৎপৰতা চলাইছে।
ইফালে, ১ নৱেম্বৰত এই ৰেলী অনুষ্ঠিত কৰাৰ সিদ্ধান্তক লৈ আন এটা বিতৰ্কৰো সূচনা হৈছে৷ এই দিনটোতে ১৯৮৪ চনত দিল্লীত শিখ নৰমেধ হৈছিল৷ গতিকে বিজেপিয়েও বাগধাৰা সলনি কৰাৰ চেষ্টা চলাইছে৷ বৰ্তমান চেম্বাৰ অৱ ট্ৰেড এণ্ড ইণ্ডাষ্ট্ৰীৰ তৰফৰ পৰা কংগ্ৰেছ সাংসদ তথা লোকসভাত বিৰোধী দলৰ নেতা ৰাহুল গান্ধীলৈ পত্ৰ প্ৰেৰণ কৰি নৱেম্বৰৰ দহ তাৰিখন পিছতহে ৰেলী আয়োজন কৰিবলৈ অনুৰোধ জনোৱা হৈছে৷
কাৰণ এই প্ৰতিবাদী সমদলৰ বাবে কৰা বেৰিকেডিং, কটকটীয়া নিৰাপত্তাৰ ফলত দীপাৱলী তথা ধনতেৰসৰ দৰে ব্যস্ত বজাৰৰ সময়ত মধ্য দিল্লীৰ প্ৰায় কুৰিটা ডাঙৰ বজাৰত দহ হাজাৰ কোটি টকাৰো অধিক লোকচান হ’ব৷