১৯ বছৰীয়া গাভৰুৰ প্ৰেম কাহিনী

বয়স অলপ বেছি হ’ব পাৰে, কিন্তু তেওঁ মোক বৰ মৰম কৰে
তেওঁৰ মৰমৰ বাবেই মই গাভৰু হৈ আছোঁ
প্ৰেমে বয়স নামানে বুলি প্ৰেমশাস্ত্ৰত লিখা আছে৷ সেইবুলি প্ৰেমে কিমান বয়স নামানিব পাৰে? আপুনি যি বুলিয়েই নাভাবক কিয় প্ৰেম যে অন্ধ সেয়া কিন্তু সত্য৷ সম্ভৱত: সেইবাবেই এই ১৯ বছৰীয়া ছোৱালীজনী প্ৰেমত মতলীয়া হৈ পৰিছে৷ নাই নাই, তেওঁক যাদু মন্ত্ৰ কৰি তাবিজ পিন্ধাই ৫৫ বছৰীয়া প্ৰেমিকে কাবু কৰি পেলোৱা বুলি নাভাবিব৷ লোকজনে প্ৰথমে ছোৱালীজনীক প্ৰেম নিবেদনেই কৰা নাছিল৷ তেওঁ চাইকেল চলাই সদায় সময়মতে স্কুলত চাকৰি কৰিবলৈ গৈছিল৷ ছোৱালীজনীৰ ঘৰৰ সন্মুখেৰেই অহা-যোৱা কৰিছিল ৫৫ বছৰীয়া মাষ্টৰে৷ সদায় পুৱা চোতাল সাজি থাকোতে চাইকেল চলাই স্কুললৈ যোৱা ছাৰক দেখিছিল ছোৱালীজনীয়ে৷ প্ৰথম দৃষ্টিতে হৃষ্ট-পুষ্ট ছাৰক দেখি তেওঁৰ ভাল লাগি গৈছিল৷ কিন্তু তেতিয়া কি কৰিব সেয়া তেওঁ ভাবিব পৰা নাছিল৷ পিছলৈ ছোৱালীজনীয়ে ছাৰৰ দৰ্শন পাবলৈ সদায় ঘৰৰ সন্মুখত ৰৈ থকা হ’ল৷ স্কুল ছুটী হোৱা সময়তো গে’টৰ বাহিৰত ৰৈ ছাৰক তেওঁ চাবলৈ যোৱাটো নিয়ম হৈ পৰিল৷ এদিন সাহস কৰি স্কুলৰ শিক্ষকজনৰ সৈতে ১৯ বছৰীয়া যুৱতীগৰাকী চিনাকি হ’ল৷ তাৰ কিছু দিনৰ পিছত ছোৱালীজনীয়ে চাহ খাবলৈ বুলি তেওঁ ছাৰক ঘৰলৈ নিমন্ত্ৰণ জনালে৷ ছাৰে অৱশ্যে প্ৰথমদিনা চাহ খাবলৈ মন নাই বুলিহে কৈছিল৷ কিন্তু এবাৰ মাতবোল হোৱাৰ পিছত ছাৰক তেওঁ আকৌ মাতিলে৷
পিছদিনা ছাৰৰ সঁচাকৈ চাহ খাবলৈ মন গৈছিল৷ যুৱতীগৰাকীৰ ঘৰতো কোনো নাছিল৷ সেয়ে তেওঁ ছাৰক কঢ়াকৈ গাখীৰ চাহ একাপ খুৱাই পৰিয়ালৰ বিষয়ে প্ৰশ্ন কৰিলে৷ যুৱতীগৰাকীয়ে ছাৰৰ ভূত-ভৱিষ্যতৰ বিষয়ে জানিবলৈ সুধিলে কেবাটাও প্ৰশ্ন৷ এদিনৰ চিনাকি ছোৱালীজনীৰ প্ৰশ্নৰ যথাযথ উত্তৰ দিলে স্কুলৰ শিক্ষকজনে৷ তেওঁৰো লাহে লাহে কন্যাসম ছোৱালীজনীক ভাল লাগিবলৈ ধৰিলে৷ স্কুললৈ আহোতে-যাওতে সদায় তেওঁ যুৱতীগৰাকীক মাত লগোৱা হ’ল৷ প্ৰায়ে স্কুলৰ পৰা উভতি যাওতে সুন্দৰীৰ হাতৰ গাখীৰ চাহকাপ খাবলৈ তেওঁৰ চাইকেল ৰৈ যোৱা হ’ল৷ তেনেকৈয়ে দুয়ো ঘনিষ্ঠ হৈ পৰিছিল৷ তাৰ কিছুদিন পিছত ছাৰক হতচকিত কৰি ছাত্ৰীগৰাকীয়ে প্ৰেম নিবেদন কৰিলে৷ বলিষ্ঠ শৰীৰৰ ৫৫ বছৰীয়া ছাৰক ভালপাওঁ বুলি স্পষ্টকৈ জনাই দিলে ছোৱালীজনীয়ে৷ প্ৰথমে আচৰিত হ’লেও ছাৰে পিছে সুযোগ গ্ৰহণ ঠিকেই কৰিলে৷ তেওঁ ছোৱালীজনীক আলিংগন কৰি জনালে সঁহাৰি৷ কোনো নথকা ঘৰখনত দুটা শৰীৰ এক হৈ পৰিল৷ গাভৰু ছোৱালীজনীয়ে দৰাচলতে সেইদিনাই ৫৫ বছৰীয়া প্ৰেমিকক স্বামীৰ মৰ্যাদা প্ৰদান কৰিলে৷
কিন্তু কন্যাসম প্ৰেমিকাক আপোন কৰি ল’বলৈ ছাৰৰ সাহস নাছিল৷ কাৰণ তেওঁৰ ঘৰত আছিল পত্নী আৰু সন্তান৷ সেইবাবে ছাৰে থেৰো-গেৰোঁ কৰি আছিল৷ কিন্তু গাভৰু প্ৰেমিকাই এই কথাই কথা নহয় বুলি মনস্থ কৰিলে৷ তেওঁ শেষত ছাৰক পলুৱাই নিবলৈ খাটনি ধৰিলে৷ বিহাৰৰ যুৱতীগৰাকীক লগত লৈ ছাৰ নেপাললৈ পলাই গ’ল৷ তাতে কিছুদিন থকাৰ পিছত গাভৰু পত্নীক লৈ ছাৰ উভতি আহিল৷ বিহাৰৰ মন্দিৰত ছাৰে প্ৰেমিকাৰ সৈতে কৰিলে আনুষ্ঠানিক বিবাহ৷ তেওঁলোকৰ প্ৰেমে পূৰ্ণতা লাভ কৰিলে৷ ছাৰৰ বিৰুদ্ধে কিন্তু পত্নীয়ে তৰিলে প্ৰতাৰণাৰ গোচৰ৷ তাৰোপৰি দ্বিতীয় বিবাহ কৰি লোকজনে হেৰুৱালে চাকৰি৷