প্ৰেমহে কৰিছোঁ, মই কি ভুল কাম কৰিলোঁ
মৰমৰ বাবে মই তাৰ পত্নী হৈ আহিছোঁ
মহিলগৰাকীৰ কথাৰ অৱশ্যে যুক্তি নথকা নহয়৷ তেওঁৰ কিছু বয়স হৈছে৷ তথাপি মহিলাগৰাকী ষোল্ল বছৰীয়া ছোৱালীৰ নিচিনাই হৈ আছে৷ দেখাতো তেওঁ পাটগাভৰুৰ লেখিয়া৷ ৩৫ বছৰীয়া মহিলাগৰাকী বিয়া হোৱা বেছ কিছুদিন হ’ল৷ তেওঁ স্বামীৰ সৈতে বিগত ১২ বছৰে সংসাৰ কৰিলে৷ আচলতে তেওঁক পিতৃয়ে ধৰি-বান্ধি বিয়া দিছিল৷ সেয়ে স্বামীয়ে হাজাৰ মৰম কৰিলেও মহিলাগৰাকী সুখী হ’ব জনা নাছিল৷ তেওঁক তৃপ্তি দিব পৰা নাছিল স্বামীয়ে৷ ৩৫ বছৰীয়া মহিলাগৰাকীৰ স্বামীৰ বয়স প্ৰায় ৬১ বছৰ৷ স্বামীৰ বয়সৰ বাবে তেওঁ অতৃপ্ত হৈ আছিল৷ হঠাতে মহিলাগৰাকীয়ে এজন বিশেষ যুৱকক লগ পাই গ’ল৷ লগে লগে ঘূৰি গ’ল তেওঁৰ ভাগ্যৰ চকৰি৷ মহিলাগৰাকীয়ে আৰু বিলম্ব নকৰিলে৷ প্ৰেমিকক বুকুৰ মাজত সুমুৱাই তেওঁ বৃদ্ধ স্বামীক এৰি দিলে৷ সকলোৱে দেখাকৈ দিনতে ঘৰৰ পৰা ওলাই আহিল মহিলাগৰাকী৷ তেওঁ ব্লাউজত সুমুৱাই লৈ আনিলে পূৰ্বৰ স্বামীয়ে দিয়া অলংকাৰ আৰু কেবাহাজাৰো টকা৷
মহিলাগৰাকীৰ ঘৰ বিহাৰৰ বৈশালী জিলাত৷ তেওঁৰ স্বামী তাৰে প্ৰতিষ্ঠিত ব্যৱসায়ী৷ কিন্তু মহিলাগৰাকীয়ে স্বামীক ভালপোৱা নাছিল৷ স্বামীৰ সৈতে থকা বয়সৰ তফাৎৰ বাবে মানুহজনীৰ মনটো অনবৰতে গোমা হৈ আছিল৷ শেহতীয়াকৈ তেওঁলোকৰ ঘৰতো ৰং কৰোৱা হৈছিল৷ ৰঙৰ কাম কৰিবলৈ গৈছিল এটি ১৯ বছৰীয়া কিশোৰ৷ ৰং মিস্ত্ৰীৰ যোগালী হিচাপে যোৱা কিশোৰজনৰ সৈতে মালিকনীয়ে ধেমালি কৰিবলৈ ধৰিলে৷ তেওঁতকৈ ১৬ বছৰে সৰু কিশোৰক মহিলাগৰাকীয়ে ক’বলৈ ধৰিলে দুখৰ কাহিনী৷ সেই হাজিৰা কৰা কিশোৰজনে মহিলাগৰাকীক তৃপ্ত কৰি পেলালে৷ ঘৰত কোনো নথকা অৱস্থাত তেওঁলোকে কৰিলে কামলীলা৷ কিশোৰ প্ৰেমিকে মহিলাগৰাকীক কেতিয়াও নোপোৱা সুখ প্ৰদান কৰিবলৈ সক্ষম হ’ল৷ এতিয়াহে যৌৱনৰ অৰ্থ বুজি পালে ৩৫ বছৰীয়া মহিলাই৷ তেওঁ স্বামীক ডিভ’ৰ্চ কৰিম বুলি মুকলিকৈ জনাই দিলে৷
সন্মানৰ খাতিৰত তেনেকুৱা নকৰিবলৈ স্বামীয়ে বুজনি দিলে৷ তেওঁলোকৰ দুই সন্তানৰ মুখলৈ চাই একেলগে থাকিবলৈ মহিলাগৰাকীক স্বামীয়ে কাকূতি কৰিলে৷ কিন্তু তেওঁ কাৰো কথা নুশুনিলে৷ মহিলাগৰাকীয়ে শেষ সিদ্ধান্ত গ্ৰহণ কৰি ১৯ বছৰীয়া প্ৰেমিকৰ সৈতে পলাই আহিল৷ তেওঁ আহিল ঠিকেই, কিন্তু প্ৰেমিকৰ ঘৰতো কাজিয়া লাগিল৷ ১৯ বছৰীয়া প্ৰেমিকৰ মাতৃয়ে ৩৫ বছৰীয়া বোৱাৰীয়েকক মানি ল’ব অস্বীকাৰ কৰিলে৷ বহুসময় কাজিয়া চলিল৷ অৱশ্যে পুত্ৰৰ মুখলৈ চাই প্ৰেমিকৰ মাকে ৩৫ বছৰীয়া বোৱাৰীয়েকক ঘৰত সোমোৱাৰ অনুমতি দিলে৷ আত্মীয়ৰ উপস্থিতিত ১৬ বছৰে ডাঙৰ প্ৰেমিকাৰ শিৰত সেন্দূৰ দিলে প্ৰেমিকে৷
এই আজব বিয়াখনৰ বিষয়ে প্ৰচাৰ হোৱাত স্বাভাৱিকতে সাংবাদিকে মহিলাগৰাকীৰ ভাষ্য বিচাৰিছিল৷ কিন্তু তেওঁ কাৰো কথাই নুশুনে৷ ১৯ বছৰীয়া কিশোৰৰ সৈতে বিয়া হোৱাটো একো বেয়া কাম নহয় বুলি ডেমাকি দেখুৱালে মহিলাগৰাকীয়ে৷ নতুনকৈ বিয়া হোৱা মহিলাগৰাকীৰ মতে তেওঁ এতিয়াও গাভৰু হৈ আছে৷ ১৯ বছৰীয়া প্ৰেমিকক শাৰিৰীক সুখ দিব পৰাকৈ তেওঁৰ আছে শক্তি৷ বয়সত সৰু প্ৰেমিকৰ সৈতে বিয়া হোৱাটো ডাঙৰ কথা নহয় বুলি তেওঁ যুক্তি দিলে৷ মহিলাগৰাকীয়ে দিলে সুখী সংসাৰৰ প্ৰতিশ্ৰুতি৷



