আধুনিক নাৰীয়ে দিনতে খালে এটা হাফ
বান্ধৱীৰ সৈতে খাই ৰাস্তাত লুটি খাই পৰিল অৰ্ধনগ্ন যুৱতী
ৰঙা ফ্ৰক পিন্ধি বান্ধৱীৰ ৰূমলৈ গৈছিল ধুনীয়া ছোৱালীজনী৷ দুয়োৰে বিশেষ প্লেন নাছিল৷ বান্ধৱীৰ ঘৰত বহি ড্ৰিংকছ কৰাৰ পৰিকল্পনাহে কৰিছিল৷ সেইমতে সাজি-কাছি বান্ধৱীৰ ঘৰত তেওঁ সুৰাপান কৰিলে৷ দিনতে মদ খাই বান্ধৱীৰ ঘৰৰ পৰাও ঠিকেই ওলাই আহিল৷ এটা হাফ খালেও যুৱতীগৰাকীৰ নিজৰ ওপৰত কণ্ট্র’ল আছিল৷ তেওঁ অট’ ভাৰা কৰি বান্ধৱীৰ ফ্লেটৰ পৰা ওলাই আহিছিল৷ কিন্তু বাহিৰৰ পৰিৱেশ দেখাৰ পিছত যুৱতীগৰাকীৰ চেতনা হেৰাই গ’ল৷ হাফৰ নিচা মগজুৱে সহ্য কৰিব নোৱাৰা হ’ল৷ ৰাস্তাত খোজ কাঢ়িবলৈ চেষ্টা কৰোতে বাগৰি পৰিল যুৱতীগৰাকী৷ থিয় হৈ থাকিবলৈ অশেষ চেষ্টা কৰিলে, কিন্তু তেওঁৰ খোপনি নোৰোৱা হ’ল৷ তাকে দেখি প্ৰথমে ধুনীয়া ছোৱালীজনীৰ মূৰ কামোৰণি হোৱা বুলি সন্দেহ কৰিছিল পথচাৰীয়ে৷ তেওঁলোকে হাতত ধৰি ছোৱালীজনীক ফুটপাথত বহুৱাই দিলেগৈ৷
কিন্তু মুখৰ কাষ চপাৰ লগে লগে তেওঁলোকে পালে মদৰ ভেলেক ভেলেক গোন্ধ৷ তেতিয়াহে ৰাস্তাতে ধুনীয়া মডাৰ্ন ছোৱালীৰ থৰক-বৰক খোজৰ ৰহস্য ভেদ হ’ল৷ তথাপি অৱশ্যে বিপদত পৰা যুৱতীক এৰি নিদিলে স্থানীয় দোকানীয়ে৷ তেওঁলোকে মদৰ নিচাত মাতাল হৈ থকা সুন্দৰী যাতে বিপদত নপৰে সেইটো নিশ্চিত কৰিবলৈ চেষ্টা কৰিলে৷ দোকানীসকলে হাতত ধৰি নি তেওঁক সুৰক্ষিত স্থানত বহিব দিলে৷ কিন্তু নিচা মূৰত ধৰা যুৱতীগৰাকীয়ে কাৰো কথা নুশুনিলে৷ ফুটপাথত বহুৱাই দিয়াৰ পিছতো তেওঁ উঠি গৈ গাড়ীৰ সন্মুখত জাঁপ দিয়াৰ চেষ্টা কৰিলে৷ শেষত কেবাজনো দোকানীয়ে চাৰিওফালে বেৰি মদাহী যুৱতীক সুৰক্ষা দি থাকিল৷ তেওঁক ব্যস্ত পথৰ গাড়ীৰ খুন্দাৰ পৰা ৰক্ষা কৰিবলৈ সুৰক্ষা বেহুৰ সৃষ্টি কৰা হ’ল৷
কিছুসময় পিছত সামান্য স্থিৰ হ’ল সাজি-কাছি বান্ধৱীৰ ঘৰত মদ খাই অহা ছোৱালীজনী৷ তেওঁ অস্ফুট স্বৰেৰে ঘটনাৰ বিষয়ে বৰ্ণনা কৰিবলৈ ধৰিলে৷ তাৰোপৰি পুলিচক খবৰ নিদিবলৈ ছোৱালীজনীয়ে কৰিলে প্ৰাৰ্থনা৷ তেওঁৰ অনুৰোধ ৰক্ষা কৰি অৱশ্যে কোনেও পুলিচ নামাতিলে৷ ছোৱালীজনীক দোকানীসকলে খুৱাই দিলে এগিলাচ নেমু চৰবৎ৷ টেঙাপানী খাই কোনোৰকমে তেওঁ থিয় হ’ব পৰা হ’ল৷ হাফ খাই ফুল নিচা হোৱা যুৱতীগৰাকীক স্থানীয় লোকে দাঙি নি অট’ৰিক্সাত বহাই দিলে৷ সকলোকে টাটা বাই বাই দি সেই যুৱতীগৰাকী উভতিল৷ যুৱতীগৰাকীয়ে প্ৰকাশ কৰা অনুসৰি কিছুদিন আগতে তেওঁৰ হৈছে ব্ৰেক-আপ৷ বিয়াৰ প্ৰতিশ্ৰুতি দিওঁ প্ৰেমিকে তেওঁ অন্তিম সময়ত প্ৰতাৰণা কৰিলে৷ সেয়ে মনৰ দুখতে কৰিলে সুৰাপান৷
বান্ধৱীৰ ঘৰত আকণ্ঠ সুৰাপান কৰি ওলাই অহাৰ সময়ত তেওঁ এনেকৈ ঢেলপুঙা দিব বুলি সপোনতো ভবা নাছিল৷ কিন্তু বতাহ লগাৰ লগে লগে তেওঁৰ নিচা লাগিবলৈ ধৰিলে৷ শেষত যুৱতীগৰাকীয়ে নিজকে নিয়ন্ত্ৰণ কৰিব নোৱাৰা হ’ল৷ তেওঁৰ অৱস্থাটো হৈ পৰিল বলীয়া হাতীৰ দৰে৷ যুৱতীগৰাকীৰ দুৰ্বল সময়ৰ সুযোগ লোৱাৰ চেষ্টা নকৰিলে এজনো পুৰুষে৷ তেওঁলোকে গাড়ীৰ আগত পৰিবলৈ ধৰা যুৱতীগৰাকীক উদ্ধাৰ কৰিলে৷ এই ঘটনাটো অৱশ্যে অসমৰ নহয়৷ দক্ষিণ দিল্লীত মদ খাই মাতাল হোৱা যুৱতীক উদ্ধাৰ কৰি ঘৰলৈ প্ৰেৰণ কৰা হ’ল৷ নিচা নাফাটিলেও খোজ কাঢ়িব পৰা হোৱাৰ পিছতে তেওঁ ঘৰলৈ উভতিলে৷



