তপনক ঠগি পত্নীৰ শাৰিৰীক সম্পৰ্ক

অবৈধ প্ৰেম কৰাৰ এয়াই পৰিণাম
বন্ধুৰ পত্নীৰ সৈতে প্ৰেম কৰি পিটন খালে যুৱকে
কিছুদিন পূৰ্বেহে বিয়া পাতিছিল তপন ঘোষ নামৰ যুৱকজনে৷ তেওঁৰ বন্ধুৰ নামৰ ৰামেশ্বৰ৷ বন্ধুক খুব বিশ্বাস কৰে তপনে৷ সেয়ে নতুনকৈ বিয়া পতা পত্নীক বন্ধু ৰামেশ্বৰৰ সৈতে বজাৰলৈয়ো যাব দিয়ে৷ কিন্তু তপনৰ দৰে কথাবোৰ ইমান সহজকৈ ৰামেশ্বৰে চিন্তা নকৰে৷ তেওঁ বাইকত বন্ধুপত্নীক বজাৰলৈ নিয়াৰ সময়তো সঘনাই ব্ৰেক মাৰে৷ আশ্বৰ্যকৰভাৱে ৰামেশ্বৰৰ দুষ্টালি ভাললগা হৈছিল তপনৰ পত্নীৰ৷ সেয়ে তেওঁ ৰামেশ্বৰক ঘনাই দিছিল মেছেজ৷ দুয়োৰে বন্ধুত্ব কিছুদিনৰ পিছতে প্ৰেমলৈ ৰূপান্তৰিত হৈছিল৷ অৱশ্যে তপনক প্ৰতাৰণা কৰি বন্ধুপত্নীক পলুৱাই নিয়াৰ উদ্দেশ্য ৰামেশ্বৰৰ নাছিল৷ কিন্তু মাজে সময়ে বন্ধুপত্নীৰ শৰীৰ ভোগ কৰাটো আছিল ৰামেশ্বৰৰ উদ্দেশ্য৷ সেয়ে তেওঁ বন্ধুপত্নীক প্ৰায়ে ঘৰৰ কাষৰ এখন ফিল্ডলৈ মাতি পঠিয়াইছিল৷ তপনৰ ঘৰত আছে যৌথ পৰিয়াল৷ সেয়ে তেওঁৰ পত্নীৰ সৈতে ঘৰত কামলীলা কৰা সম্ভৱ নহয়৷ গতিকে এটা বুদ্ধি বিচাৰি উলিয়াইছিল ৰামেশ্বৰে৷ তেওঁ সন্ধ্যা বন্ধুপত্নীক এটা মেছেজ দিছিল৷
বন্ধুপত্নীয়েও সেই ইংগিত বুজি পাইছিল৷ তেওঁ ৰামেশ্বৰে দিয়া মেছেজ অনুসৰি ফুট গধূলি ঘৰৰ পৰা ওলাই গৈছিল৷ কিবা এটা কিনিবলগীয়া আছে বুলি ৰাস্তাৰ মূৰৰ দোকানলৈ গৈছিল মহিলাগৰাকী৷ কিন্তু তেওঁৰ আচলতে একো কিনিবলগীয়া নাছিল৷ মহিলাগৰাকী দোকানলৈ যাওঁ বুলি ওলাই যোৱাৰ পৰত ফিল্ডত উপস্থিত হৈছিল ৰামেশ্বৰ৷ দুয়ো সকলোৰে পৰা আঁতৰি আৰম্ভ কৰিছিল কামনাৰ খেলা৷ বিশাল ফিল্ডখনৰ এচুকত থকা গছডালৰ আঁৰ লৈ মহিলাগৰাকীক সাবটি ধৰিছিল তপনে৷ তাতে অৰ্ধ উলংগ হৈ দুয়ো কামনা চৰিতাৰ্থ কৰিছিল৷ তথাপি সন্তুষ্ট হোৱা নাছিল ৰামেশ্বৰ৷ তেওঁ সাবটি ধৰি আছিল তপনৰ পত্নীক৷ কিন্তু ভাগ্যই যে ইমান বেয়াকৈ প্ৰতাৰণা কৰিব সেইটো ভুলতো ভাবিব পৰা নাছিল ৰামেশ্বৰে৷
বন্ধুপত্নীক আলিংগন কৰি থাকোতেই ৰামেশ্বৰে শুনিলে কেবাজনো লোকৰ মাত৷ তেওঁ সন্দেহবশত: চাই আত্মৰক্ষা কৰিবলৈ সময়েই নাপালে৷ কেবাজনো লোকে মিলি বান্ধি পেলালে ৰামেশ্বৰক৷ যিজোপা গছৰ আঁৰ লৈ তেওঁ বন্ধুপত্নীৰ সৈতে শাৰিৰীক সম্পৰ্ক কৰিছিল তাতে ৰামেশ্বৰক বান্ধি থোৱা হ’ল৷ গতি বেগতিক দেখি কোনোমতে চেলোৱাৰ পিন্ধি পলোৱাৰ চেষ্টা কৰিলে তপনৰ পত্নীয়ে৷ কিন্তু খেদি খেদি তেওঁক বন্দী কৰা হ’ল৷ স্বামীক প্ৰতাৰণা কৰি পলোৱা মহিলাগৰাকীকো নি একেডাল গছত বান্ধি থোৱা হ’ল৷ তেওঁলোকক গছত বান্ধি স্থানীয় লোকে তপনলৈ ফোন কৰিলে৷ ঘটনাস্থলীত উপস্থিত হ’ল লোকজন৷
তেওঁ গম পালে বন্ধুৰ সৈতে পত্নীয়ে চলাই থকা কামনাৰ খেলখনৰ সবিশেষ৷ তাৰ পিছত তপনে ঘৰৰ মানুহক মাতিলে৷ কাষৰ গাঁৱৰে শহুৰেকৰ ঘৰৰ মানুহকো মাতি নিলে তপনে৷ সকলোৰে উপস্থিতিত তাতে তপনৰ ডিভ’ৰ্চ কৰা হ’ল৷ বন্ধুৰ সৈতে কামলীলা কৰা পত্নীক কেতিয়াও গ্ৰহণ কৰিব নোৱাৰে বুলি তপনে ঘোষণা কৰিলে৷ গতিকে ৰামেশ্বৰৰ সৈতেই পঠিয়াই দিয়া হ’ল মহিলাগৰাকীক৷ আনহাতে তেওঁৰ সৈতে কামলীলা কৰা ৰামেশ্বৰ হৈছে বিবাহিত৷ তেওঁৰ আছে দুই সন্তান৷ গতিকে ৰামেশ্বৰেও অবৈধ প্ৰেমিকাক ঘৰলৈ নিব নোৱাৰা হ’ল৷ তথাপি তপনে একো নামানিলে৷ তেওঁ পত্নীক তাতে এৰি ছেদ কৰিলে সম্পৰ্ক৷