চোৰৰ দৰে সোমাল ডিচি

দেশত আইন-আদালত একো নোহোৱা হৈছে
হিন্দুত্ববাদী শাসনকালত মছজিদ হৈ পৰিছে দেশৰ বাবে সন্ত্ৰাস
কোনো জাননী প্ৰেৰণ কৰা নহয়৷ নিশা চোৰৰ দৰে গৈ প্ৰশাসনৰ বৰমূৰীয়াই বুলড’জাৰেৰে ভাঙি পেলাই মছজিদ৷ প্ৰাচীন মছজিদবোৰ এনেকৈয়ে ভাঙি নি:শেষ কৰা হৈছে৷ উত্তৰ প্ৰদেশৰ নিৰ্বাচনৰ পূৰ্বে যোগী চৰকাৰৰ লক্ষ্য হৈছে সাম্প্ৰদায়িক উত্তেজনা সৃষ্টি কৰা৷ হিন্দু ভোটবেংক যাতে একত্ৰিত কৰিব পাৰি তাৰ বাবে মুছলমানক অত্যাচাৰ কৰা হৈছে৷ ভাঙি ভাঙি প্ৰাচীন মছজিদ শেষ কৰা হ’ব বুলি ঘোষণা কৰিছে খোদ মুখ্যমন্ত্ৰীয়ে৷ সেইমতে জিলাধিকাৰীয়ে নিশাৰ ভাগত মছজিদ ভাঙি পেলাইছে৷ য’তেই মুছলমান আছে তাত নিশা বুলড’জাৰ চলিছে৷ স্থানীয় মুছলমানে বাধা দিলেও একো কামত অহা নাই৷ তেওঁলোকক NSA লগাই বন্দী কৰা হৈছে৷ শতাধিক মুছলমান যুৱক মছজিদ ভঙাৰ প্ৰতিবাদৰ বাবে জে’লত সোমাইছে৷
প্ৰশাসনিক নিয়ম অনুসৰিয়েই যিকোনো নিৰ্মাণকাৰ্য উচ্ছেদৰ বাবে আগতীয়া জাননী জাৰি কৰিব লাগে৷ কিন্তু বিজেপিৰ শাসনকালত সেইবোৰ নিয়ম উঠাই দিয়া হৈছে৷ বিশেষকৈ মুছলমানৰ বিৰুদ্ধে কাম কৰাৰ বাবে নিয়ম মানি চলা নাই বিজেপিয়ে৷ সেয়ে নিশা গৈ চোৰৰ দৰে মছজিদ ভাঙিছে চৰকাৰী বিষয়াই৷ দিল্লীৰ সমান্তৰালভাৱে উত্তৰ প্ৰদেশত বিজেপিয়ে তাণ্ডৱ চলাইছে৷ উত্তৰ প্ৰদেশৰ বেহৰাইচত আছে এটা প্ৰাচীন মছজিদ৷ ২০০ বছৰীয়া মছজিদটো চৰকাৰী মাটিত নিৰ্মিত বুলি হিন্দুত্ববাদী সংগঠনে দাবী কৰি আছিল৷ কিন্তু সেই দাবীৰ কোনো আইনী ভিত্তি নাছিল৷ তথাপি মছজিদটোৰ মাটিৰ নথি দাখিল কৰিবলৈ প্ৰশাসনে নিৰ্দেশ দিলে৷ সেই হুকুম পালন কৰি মছজিদ পৰিচালনা কমিটীয়ে দাখিল কৰিলে মাটিৰ পত্তা৷
তাৰ পিছত মছজিদটো উচ্ছেদ কৰা নহয় বুলি প্ৰশাসনে ঘোষণা কৰিলে৷ যাৰ বাবে আস্বস্ত হ’ল স্থানীয় মুছলমান৷ তেওঁলোকে বেহৰাইচৰ জামে মছজিদত নামাজ আদায় কৰিবলৈ ধৰিলে৷ কিন্তু প্ৰশাসনৰ ঘোষণা কামত নাহিল৷ মছজিদ উচ্ছেদ কৰা নহয় বুলি ৰাইজ নিশ্চিন্ত হোৱাৰ সময়ত নিশা চোৰৰ দৰে কাণ্ড কৰিলে বেহৰাইচৰ বিষয়াই৷ জিলাখনৰ ডিচিৰ নিৰ্দেশক্ৰমে এদল বিষয়া নিশাৰ ভাগত বুলড’জাৰ লৈ মছজিদৰ সমীপত উপস্থিত হ’ল৷ স্থানীয় জনতাই শুই নি:পালি দিয়াৰ সময়ত উচ্ছেদ কৰা হ’ল প্ৰাচীন মছজিদটো৷ শব্দ শুনি স্থানীয় লোক মছজিদটোত উপস্থিত হ’ল৷ চৰকাৰী বুলড’জাৰে মছজিদ উচ্ছেদ কৰা দেখি তেওঁলোকে বাধা দিলে৷ কিন্তু যিসকল যুৱকে প্ৰতিবাদ কৰিছিল তেওঁলোকক পুলিচে গ্ৰেপ্তৰহে কৰিলে৷
কেৱল সেয়াই নহয়, মছজিদ উচ্ছেদৰ প্ৰতিবাদ কৰা লোকসকলৰ বিৰুদ্ধে ৰাষ্ট্ৰীয় নিৰাপত্তা আইন আৰোপ কৰা হৈছে৷ অৰ্থাৎ মছজিদ ভঙাৰ প্ৰতিবাদ কৰি তেওঁলোক ৰাষ্ট্ৰদ্ৰোহী হিচাপে বিবেচিত হৈছে৷ এই ঘটনা উত্তৰ প্ৰদেশত বাৰম্বাৰ সংঘটিত হৈছে৷ ইয়াৰ মাজতে পীয়ুষ নামৰ বিজেপি নেতাজনে দিছে অদ্ভুত ভাবুকি৷ তেওঁ ঘোষণা কৰা অনুসৰি অহা নিৰ্বাচনৰ পিছত যদি আকৌ যোগী মুখ্যমন্ত্ৰী হয় তেন্তে উত্তৰ প্ৰদেশ মছজিদ শূন্য হৈ পৰিব৷ য’তে মছজিদ আছে তাত স্থাপন কৰা হ’ব মন্দিৰ৷ চৰকাৰে নিশাই সকলো মছজিদ চূড়মাৰ কৰি পেলাব৷ মছজিদৰ স্থানত মন্দিৰ নিৰ্মাণৰ বাবে বিজেপিয়ে জনতাৰ ভোট ভিক্ষা কৰিছে৷ উত্তৰ প্ৰদেশৰ চৰম হিন্দুত্ববাদী জনতায়ো বিজেপিক মছজিদ ধ্বংস কৰিবলৈ দিছে উচটনি৷