দুই যুৱতীয়ে কৰিলে চুলিয়াচুলি

পূজা চাই থাকোতে ধৰা পৰিল বেইমান প্ৰেমিক
প্ৰেমিকাক গড্ডাৰী কৰি ৰোমাঞ্চ কৰা বয়ফ্ৰেণ্ডৰ হ’ল বিপদ
প্ৰেমিকে কৈছিল- জান মই তোমাকে ভাল পাওঁ৷ মাজনিশা ফোনত অন্তৰৰ সমস্ত আকুলতা ঢালি প্ৰেমিকে কোৱা কথাষাৰ আজলী মৰমীয়ে বিশ্বাস নকৰাৰ কথাই নাছিল৷ তেওঁ প্ৰেমিকক অন্তৰ উজাৰি দিছিল মৰম৷ প্ৰেমিকাই বুকুৰ সমস্ত স্নেহেৰে প্ৰিয়তম পুৰুষক প্লাৱিত কৰি ৰাখিব খুজিছিল৷ কিন্তু প্ৰেমিক ইমান সৰল নাছিল৷ এগৰাকী গাভৰুৰ বুকুত ঘৰ বান্ধিও প্ৰেমিকে ঠগবাজি কৰিবলৈ এৰা নাছিল৷ তেওঁ সমানে আন এগৰাকী যুৱতীৰ সৈতেও চলাই আছিল প্ৰেমলীলা৷ কিন্তু প্ৰথম প্ৰেমিকাই তেওঁৰ বয়ফ্ৰেণ্ডৰ ঠগবাজি জনা নাছিল৷ এইবাৰ একেলগে পূজা চাবলৈ প্ৰেমিকক লগ ধৰিছিল যুৱতীগৰাকীয়ে৷ কিন্তু প্ৰেমিকে কৈছিল- জান মোৰ অফিচ আছে৷ প্ৰেমিকৰ কথাষাৰ সৰল প্ৰেমিকাই সহজেই বিশ্বাস কৰিছিল৷ পিছদিনা পূজা চোৱাৰ সময়ত সংগ দিবই বুলি শপত খাইছিল প্ৰেমিকে৷ কিন্তু যেতিয়া বান্ধৱীৰ সৈতে পূজা চাবলৈ গ’ল তেতিয়াহে যুৱতীগৰাকীৰ চকু কঁপালত উঠিল৷ তেওঁক অফিচ থকা বাবে যিজন প্ৰেমিকে পূজা চাবলৈ যাব নোৱাৰোঁ বুলি কৈছিল সেইজনেই পূজা মণ্ডপত আন এগৰাকী যুৱতীৰ হাতত ধৰি হাঁহিত ক’ব নোৱাৰা হৈ আছিল৷ সেইগৰাকী যুৱতীক চিনি পোৱা নাছিল যুৱকজনৰ অৰিজিনেল প্ৰেমিকাই৷ পিছে তেওঁ ধৈৰ্য ধৰিব নোৱাৰিলে৷ পূজাস্থলীতে আগভেটি প্ৰেমিকক তেওঁ সুধিলে- তাই কোন? তেতিয়া কিন্তু প্ৰেমিকে উত্তৰ দিব নোৱাৰিলে৷ তেওঁ অৰিজিনেল প্ৰেমিকাক দেখি নতুন সংগীৰ হাত এৰি ভিৰাই লৰহে মাৰিলে৷
এই পৰিস্থিতিৰ পিছত আৰম্ভ হ’ল আচল নাটকখন৷ গুৱাহাটীৰ মাজমজিয়াতে দুই যুৱতীয়ে আৰম্ভ কৰিলে ভয়ংকৰ কাজিয়া৷ দুৰ্গা পূজাৰ সময়ত তেওঁলোক কালীদেৱীৰ দৰে হৈ পৰিল৷ চাটৰ দোকানৰ সন্মুখত ৰৈ তেওঁলোকে মাৰপিট আৰম্ভ কৰিলে৷ পূজা চাবলৈ যোৱা আন লোকসকলে ঘটনাৰ বিষয়ে কৰিব নোৱাৰিলে অনুমান৷ কোনোবাই কাজিয়াত লিপ্ত হোৱা যুৱতী দুগৰাকীক সংযত কৰিবলৈ চেষ্টা কৰিলে৷ পিছে গড্ডাৰ প্ৰেমিকৰ সৈতে প্ৰেমলীলা কৰা যুৱতীক অৰিজিনেল প্ৰেমিকাই এৰি নিদিলে৷ দুয়ো চুলিত ধৰি ৰাস্তাত বাগৰি পৰিল৷ তথাপি এৰি নিদিলে৷ শেষত ৰাস্তাত জাম হৈ গ’ল৷ দুয়োগৰাকীয়ে পথত বাগৰি কাজিয়া কৰাৰ ফলত ৰাস্তাৰে গাড়ী পাৰ হ’ব নোৱাৰা অৱস্থা হ’ল৷ কিন্তু ট্ৰেফিক পুলিচেও কাজিয়া ভাঙিব নোৱাৰিলে৷ অসহায় আৰক্ষীয়ে দুয়োগৰাকী যুৱতীৰ কাজিয়া ভাঙি পৰিস্থিতি স্বাভাৱিক হোৱালৈ অপেক্ষা কৰিলে৷ শেষত যেতিয়া কাজিয়া সমাপ্ত নোহোৱা হ’ল পুলিচে তেতিয়াহে ফোন কৰি সহায় বিচাৰিলে৷
ইয়াৰ পিছত এদল মহিলা আৰক্ষীয়ে দুয়োৰে কাজিয়াখন বাৰু ভাঙিলে৷ কিন্তু চুলিয়াচুলি কৰা দুয়োগৰাকী যুৱতী শান্ত নহ’ল৷ তেওঁলোকে পৰস্পৰৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰিয়েই থাকিল৷ এগৰাকী যুৱতীৰ মতে তেওঁ প্ৰতাৰণাৰ বলি হৈছে৷ আনগৰাকীয়ে প্ৰেমিকা থকা বুলি জানিও যুৱকজনৰ সৈতে কৰিছে প্ৰেম৷ কিন্তু দ্বিতীয়গৰাকীৰ মতে তেওঁ বয়ফ্ৰেণ্ডৰ আন কোনোবা গাৰ্লফ্ৰেণ্ড আছে বুলি নাজানে৷ শেষত কে’ছটো মীমাংসা কৰিবলৈ আৰক্ষীয়ে যুৱকজনলৈ ফোন লগালে৷ কিন্তু বিপদ হ’ব বুলি জানি বেইমান প্ৰেমিকে কাৰো ফোন ৰিচিভ নকৰা হ’ল৷ গুৱাহাটীৰ পৰা পলাই কোনোবা ধুবুৰী পালেগৈ মহাধুৰন্ধৰ বয়ফ্ৰেণ্ড৷