লাটভিয়াই বিচাৰিছে ভাৰতৰ দৰা

অসমত একো চাকৰি নাপাই আপুনি হতাশ হৈছে নেকি
পইচা উপাৰ্জন কৰিব নোৱাৰি হতাশ হৈছে যদি লাটভিয়ালৈ যাওক
লাটভিয়ালৈ যাব পাৰিলে আপুনি কোটিপটি হোৱাটো অৱধাৰিত৷ যদি তাত আপুনি বিয়া পাতিব পাৰে তেন্তে অনায়াসে কোটি কোটি টকা উপাৰ্জন কৰিব পাৰিব৷ জানি আচৰিত হ’ব যে লাটভিয়াত ধন ঘটিবলৈ কামো কৰিব নালাগে৷ বিয়া পাতিলেই লাটভিয়াত ধনী হ’ব পাৰি৷ কাৰণ লাটভিয়াত পুৰুষ নাই৷ স্কেণ্ডিনেভিয়ান দেশখনত মহিলাৰ সংখ্যা বেছি৷ মুঠ জনসংখ্যা ৯০ শতাংশ মহিলা৷ সেয়ে তেওঁলোক বিয়া হ’বলৈ দৰা নাই৷ উপায়ন্তৰ হৈ লাটভিয়াৰ চৰকাৰে ভাৰতৰ পুৰুষক দেশখনলৈ যোৱাৰ আহ্বান জনাইছে৷ লাটভিয়ালৈ গৈ ভাৰতৰ পুৰুষে পছন্দৰ মহিলাৰ সৈতে প্ৰেম কৰিব লাগিব৷ লাটভিয়াৰ যুৱতীক গৰ্ভৱতী কৰিব পাৰিলে ভাৰতীয় অংকত যিকোনো পুৰুষে লাভ কৰিব ১ কোটি টকা৷ এই ছুপাৰ অফাৰটো নিজা ৱেবছাইটত প্ৰকাশ কৰিলে লাটভিয়াৰ চৰকাৰে৷ ভাৰতীয় পুৰুষে ইচ্ছা কৰিলে স্থায়ীকৈ লাটভিয়াতে থাকি যোৱাৰো সুবিধা লাভ কৰিব৷ যিসকলে চিৰদিনৰ বাবে লাটভিয়াৰ নাগৰিকত্ব ল’ব নিবিচাৰে তেওঁলোকে প্ৰত্যাৱৰ্তনো কৰিব পাৰিব৷ কিন্তু বিয়া পতাৰ পিছতো নাগৰিকত্ব নোলোৱা ভাৰতীয় পুৰুষে ১ কোটি টকা নাপায়৷ তেওঁলোকক ৭০ লাখ টকাহে দিয়া হ’ব৷ তথাপি লোকচান নহয় তালৈ যোৱা ভাৰতীয় পুৰুষৰ৷
স্কেণ্ডিনেভিয়ান ৰাষ্ট্ৰ লাটভিয়া বছৰৰ বেছিভাগ সময়তে বৰফেৰে পোত গৈ থাকে৷ অনবৰতে শীতল হৈ থাকে লাটভিয়া৷ তাত কেবাদশকৰ পৰা পুৰুষৰ সংখ্যা কম৷ বিগত দুটা দশকত লাটভিয়াত জন্ম হোৱা সন্তানৰ মাত্ৰ ২ শতাংশহে পুৰুষ৷ গতিকে লাটভিয়াত জন্ম হোৱা মহিলাক বিয়া পাতিবলৈ পুৰুষ নাই বুলিব পাৰি৷ সেযে লাটভিয়াৰ ৯০ শতাংশ মহিলা অবিবাহিত হৈ থাকিবলগা হৈছে৷ তাৰ সুযোগ গ্ৰহণ কৰিছে ইউৰোপৰ পুৰুষে৷ তেওঁলোকে লাটভিয়াত প্ৰৱেশ কৰি সকলো চাকৰি দখল কৰিছে৷ কিন্তু লাটভিয়াত স্থায়ী বসতি কৰা নাই ইউৰোপীয় পুৰুষে৷ সেয়ে লাটভিয়াৰ থলুৱা বাসিন্দা অনাগত সময়ত সংখ্যালঘু হোৱাৰ আশংকা জন্মিছে৷ এই ভয়ংকৰ সমস্যাৰ পৰা মুক্তি পাবলৈ ভাৰতৰ পুৰুষৰ বাবে খুলি দিয়া হৈছে দুৱাৰ৷
লাটভিয়া চৰকাৰে প্ৰকাশ কৰা অনুসৰি দেশখনলৈ যোৱা ভাৰতীয় পুৰুষৰ বাবে ভিছাৰ নিয়ম শিথিল কৰা হ’ব৷ তেওঁলোকে লাটভিয়াৰ ৰাজধানীত নমাৰ পিছতে পাব থকা-খোৱাৰ চৰকাৰী সুবিধা৷ পৰৱৰ্তী সময়ত লাটভিয়াৰ কোম্পানীত ভাৰতৰ পুৰুষক চাকৰি দিয়া হ’ব৷ তেতিয়া তেওঁলোকে স্থানীয় যুৱতীৰ সৈতে ডেট কৰিব লাগিব৷ অনাগত সময়ত লাটভিয়াৰ বগী ছোৱালীৰ সৈতে সংসাৰ কৰি সন্তান জন্ম দিব লাগিব ভাৰতীয় পুৰুষে৷ ভাৰতৰ প্ৰাচীন সংস্কৃতিৰ বাবে পুৰুষসকল সংসাৰৰ প্ৰতি দায়বদ্ধ বুলি লাটভিয়াৰ চৰকাৰে বিবেচনা কৰিছে৷ সেইবাবে আনদেশৰ তুলনাত ভাৰতৰ পুৰুষক দিয়া হৈছে গুৰুত্ব৷
যদি ভাৰতৰ পৰা যোৱা পুৰুষে লাটভিয়াৰ মহিলাক আকৰ্ষণ কৰি বিয়া পাতিব পাৰে তেন্তে তেওঁ মনৰ ইচ্ছা অনুসৰি কাম কৰিব পাৰিব৷ তেওঁলোকক তাতে ব্যৱসায় কৰিবলৈ পইচা দিয়া হ’ব৷ ভাৰতীয় পুৰুষে লাটভিয়াৰ চৰকাৰৰ পৰা লাভ কৰিব ১ কোটি টকা৷ দেশখনত ভাৰতৰ পুৰুষৰ বাবে নাগৰিকত্বৰ নীতিও শিথিল কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে৷ কেৱল ভাৰতীয় পুৰুষৰ গাৰ বৰণ বগা হ’ব লাগিব বুলি চৰকাৰে চৰ্ত বান্ধি দিছে৷ গতিকে বগাছালৰ যিকোনো পুৰুষেই লাটভিয়ালৈ গৈ কোটিপতি হ’ব পাৰে৷