ছাত্ৰৰ সন্মুখতে মাষ্টৰনীক প্ৰহাৰ


চৰকাৰী স্কুলৰ মাষ্টৰ-মাষ্টৰনীৰ মহাযুদ্ধ
শিক্ষাৰ্থীৰ সন্মুখতে মাৰপিট কৰিলে ছাৰ-বাইদেৱে
অসমৰ এখন চৰকাৰী বিদ্যালয়তে দুয়ো চাকৰি কৰে৷ চৰকাৰী চাকৰিৰ বিনিময়ত দুয়ো লাভ কৰে মোটা অংকৰ দৰমহা৷ কিন্তু দৰমহা পালেও কাম কৰিবলৈ তেওঁলোকৰ কাম কৰিবলৈ ইচ্ছা নাই৷ কামৰ হেঁচা বাঢ়িলেই উন্মাদ হৈ পৰে চৰকাৰী স্কুলৰ মাষ্টৰ৷ ইমানদিনে কাম নকৰিয়েই চলি থকা শিক্ষকে স্কুলত সেই বাবেই কৰিলে লাজ লগা কাজিয়া৷ তেওঁলোকক শান্ত কৰিব নোৱাৰিলে স্কুলৰ সতীৰ্থই৷ নামনি অসমৰ চৰকাৰী স্কুলখনত হাতত এচাৰি লৈ দুয়োজনে মাৰপিট কৰিলে৷ সিমানতো তেওঁলোকৰ কাজিয়া সমাপ্ত নহ’ল৷ এইবাৰ মাষ্টৰনীক চুলিত ধৰি বগৰাই পেলোৱাৰ চেষ্টা কৰিলে শিক্ষকজনে৷ তেওঁলোকৰ লজ্জাজনক কাজিয়াৰ সাক্ষী হ’ল স্কুলখনৰ শিক্ষাৰ্থী৷ তথ্য অনুসৰি কাজিয়াখনৰ কাৰণ আছিল এটা বিশেষ কাম৷ শিক্ষকজনে কামটো কৰিবলৈ অস্বীকাৰ কৰাত তেওঁৰ সতীৰ্থ উন্মাদ হৈ পৰিছিল৷ বিষয়টোক লৈ প্ৰথমে তেওঁলোকে কমনৰূমতে তৰ্ক কৰি আছিল৷ পৰৱৰ্তী সময়ত শিক্ষকজন কমনৰূমৰ পৰা ওলাই আহিল৷ তেওঁক তেতিয়া অতৰ্কিতে আক্ৰমণ কৰিলে শিক্ষয়িত্ৰীগৰাকীয়ে৷ তাৰ পিছতে স্কুলৰ বাৰাণ্ডাত দুয়োজন যুযুধান হৈ পৰিল৷ তেওঁলোকক কোনেও শান্ত কৰিব নোৱাৰিলে৷ কাজিয়া ভাঙিবলৈ চেষ্টা কৰি পিটনহে খাবলগীয়া হ’ল স্কুলখনৰ আন শিক্ষকে৷ তেওঁলোকক শান্ত কৰিবলৈ শেষত স্কুল পৰিচালনা কমিটীৰ সদস্য উপস্থিত হ’ল৷ কিন্তু সকলোৰে সন্মুখতে চৰকাৰী স্কুলৰ সন্মানীয় শিক্ষকে অশ্লীল শব্দৰে যুদ্ধ কৰিলে৷ বিষয়টো মীমাংসা কৰিব নোৱাৰিলে পৰিচালনা কমিটীয়ে৷ স্কুলৰ শিক্ষাৰ্থীৰ সন্মুখত অবাইচ মাত মাতি দুয়ো কাজিয়া কৰি ধূলিসাৎ কৰিলে শিক্ষকৰ মৰ্যাদা৷ উপায়ন্তৰ হৈ প্ৰধান শিক্ষকে দিবলগীয়া হ’ল ছুটী৷
ঘটনাটো উত্তৰ প্ৰদেশ অথবা বিহাৰত হোৱাহ’লে আমাৰ কোনো সমস্যা নাছিল৷ কিন্তু অসমৰ চৰকাৰী স্কুলতে এইটো কাণ্ড হৈছে৷ প্ৰথমে কামক লৈ সংঘাত হোৱা শিক্ষকদ্বয়ে কমনৰূমতে বিষয়টো মীমাংসা কৰিব লাগিছিল৷ তাকে নকৰি তেওঁলোকে ক্লাছৰ সন্মুখত পানীগুণ্ডাৰ দৰে মাৰপিট কৰিলে৷ শিক্ষয়িত্ৰীৰ চুলিত ধৰি বগৰাই দিয়াৰ চেষ্টা কৰা শিক্ষকজনক শান্ত কৰিবলৈ চেষ্টা কৰিলে কণমানি ছাত্ৰই৷ কিন্তু বাহুবলী শিক্ষকৰ প্ৰচণ্ড ঘোচাত ছাত্ৰ ছিটিকি পৰিল৷ তেওঁলোকৰ কাজিয়া দেখি ক্লাছৰ দুৱাৰ মাৰি ছাত্ৰ ভয়তে পেঁপুৱা লাগিল৷ পৰৱৰ্তী সময়ত শিক্ষয়িত্ৰীগৰাকীয়ে সতীৰ্থৰ বিৰুদ্ধে শাৰিৰীক নিৰ্যাতনৰো অভিযোগ উত্থাপন কৰিছে৷ তেওঁৰ মতে সেই বিশেষ শিক্ষকজনৰ বাবে স্কুলত কোনো মহিলা সুৰক্ষিত নহয়৷ কাজিয়া কৰা শিক্ষকজনে সুযোগ পালেই শিক্ষয়িত্ৰীৰ শৰীৰ স্পৰ্শ কৰে বুলি তেওঁ অভিযোগ উত্থাপন কৰিলে৷ কিন্তু এই অভিযোগৰ প্ৰত্যুত্তৰ দিবলৈ গৈ আকৌ মাৰপিটত লিপ্ত হ’ল চৰকাৰী স্কুলৰ মাষ্টৰ৷
পিছলৈ এই ঘটনাৰ বিষয়ে মহকুমা শিক্ষা বিষয়াক অভিযোগ দিয়া হৈছে৷ স্থানীয় ৰাইজে শৈক্ষিক পৰিৱেশ বিনষ্ট কৰাৰ অভিযোগত শিক্ষা বিষয়ালৈ পত্ৰ প্ৰেৰণ কৰিছে৷ ৰাইজৰ অভিযোগ অনুসৰি দুয়োজন শিক্ষকৰ সংঘাতৰ মূল কাৰণ আছিল মধ্যাহ্ন ভোজনৰ ধন৷ তেওঁলোকে মধ্যাহ্ন ভোজনৰ ধন মিলিজুলি আত্মসাৎ কৰিবলৈ সিদ্ধান্ত লৈছিল৷ কিন্তু কাজিয়া লগা শিক্ষকজনে অকলে খাইছিল স্কুলৰ শিক্ষাৰ্থীৰ খাদ্যৰ বাবে চৰকাৰে দিয়া পইচা৷ সেয়ে শিক্ষয়িত্ৰীগৰাকী ক্ষুণ্ণ হৈ আছিল৷ তেওঁ সহকৰ্মীক আক্ৰমণ কৰিবলৈ বিচাৰি আছিল সুযোগ৷ সেয়ে সময়ত সুযোগ লাভ কৰি মাষ্টৰনীয়ে সহকৰ্মীক এচাৰি দি দিলে গৰুপিটন৷