হিন্দু কিশোৰীয়ে ৰক্ষা কৰিলে মুছলমান বন্ধুক

মুছলমান হ’ল বুলিয়েই তাক কিয় মাৰপিট কৰিব
গুজৰি গুমৰি মুছলমান বন্ধুক সুৰক্ষা হিন্দু যুৱতীৰ
পূজাৰ সময়ত গুণ্ডাগিৰি কৰিছে বজৰং দলে৷ হিন্দুত্ববাদী সংগঠনে বিচাৰি ফুৰিছে মুছলমান যুৱক৷ কোনো হিন্দু মহিলাৰ সৈতে মুছলমান যুৱকক দেখিলেই বজৰং দলে তাণ্ডৱৰ সূচনা কৰিছে৷ লাভ জেহাদত অভিযুক্ত কৰি মুছলমান যুৱকক মাৰপিট কৰিছে গোড়া হিন্দুত্ববাদীয়ে৷ কিন্তু ধৰ্মৰ নামত বেপাৰ কৰা হিন্দুত্ববাদীৰ উৎপাত বন্ধ কৰি দিলে এগৰাকী সাধাৰণ যুৱতীয়ে৷ মণ্ডপৰ বাহিৰত ত্ৰাসৰ সূচনা কৰা গুণ্ডাক দমন কৰিবলৈ তেওঁ দুৰ্গাদেৱীৰ ৰূপ ধাৰণ কৰিলে৷ যুৱতীগৰাকীয়ে আঙুলি টোঁৱাই সোধা প্ৰশ্নৰ উত্তৰ দিব নোৱাৰিলে গেৰুৱা বসনধাৰী দুৰ্বৃত্তই৷ তেওঁ মুছলমান বন্ধুক হিন্দুত্ববাদীৰ কবলৰ পৰা উদ্ধাৰ কৰিলে৷ সাহসী কিশোৰীগৰাকীৰ বাবে তেওঁৰ ইছলামধৰ্মী বন্ধুজন সুৰক্ষিত হৈ থাকিল৷ তেওঁৰ উগ্ৰতা দেখি পলাই পত্ৰং দিবলৈ বাধ্য হ’ল উপদ্ৰৱ কৰি ফুৰা বজৰং দলৰ সদস্য৷ একমাত্ৰ যুৱতীগৰাকীৰ বাবে কঁপালত ফোট লৈ অতপালি কৰা হিন্দুত্ববাদী আঁতৰি যাবলগীয়া হ’ল৷ উত্তৰ প্ৰদেশত ঘটিল এই ঘটনা৷
একাদশ শ্ৰেণীত পঢ়া হিন্দু যুৱতীগৰাকীয়ে পূৰামাত্ৰাই উপভোগ কৰিছিল দুৰ্গা পূজাৰ আনন্দ৷ তেওঁ এদল বন্ধুৰ সৈতে পূজাৰ মণ্ডপে মণ্ডপে ঘূৰি ফুৰিছিল৷ সকলোৱে মন গ’লে কৰ’বাত ৰৈ খাইছিল পূজাৰ মিঠাই৷ তেওঁলোকৰ সৈতে আছিল এজন মুছলমান বন্ধু৷ কোনেও সেই বন্ধুজনৰ ধৰ্মৰ বিষয়ে ভবা নাছিল৷ বন্ধুত্বৰ এনাজৰীৰে বান্ধ খাই তেওঁলোকে পূজাৰ আনন্দহে উপভোগ কৰিছিল৷ কিন্তু তেতিয়া বজৰং দলৰ সদস্যই ত্ৰাসৰ সৃষ্টি কৰিলে৷ হিন্দু যুৱতীৰ সৈতে কঁপালত ফোট নোলোৱা মুছলমানে কি কৰিছে বুলি প্ৰশ্ন কৰিলে হিন্দুত্ববাদীয়ে৷ গেৰুৱা বসনধাৰী দুৰ্বৃত্তই প্ৰহাৰ কৰিবলৈ উদ্যত হ’ল মুছলমান ছাত্ৰজনক৷ তেওঁ স্বাভাৱিকতে ভয়ত পেঁপুৱা লাগিল৷ কিন্তু সেই সময়ত বাঘৰ দৰে গৰজি উঠিল তেওঁৰ হিন্দু বান্ধৱী৷ কিশোৰীগৰাকীয়ে হিন্দুত্ববাদীক উভতি ধৰি মুছলমান বন্ধুজনক নিজৰ কাষলৈ টানি নিলে৷
তেওঁ প্ৰশ্ন কৰিলে- মুছলমান হ’ল বুলিয়েই বন্ধুৱে আমাৰ সৈতে পূজা কিয় নাচাব? মুছলমান বন্ধুক কোনেও একো কৰিব নোৱাৰে বুলি তেওঁ হুংকাৰ দিলে৷ যুৱতীগৰাকীৰ সাহস দেখি আচৰিত হৈ পৰিল বজৰং দলৰ সদস্য৷ দুৰ্বৃত্তই মুছলমান ছাত্ৰজনক টানি নি মাৰপিট কৰিবলৈ উদ্যত হৈছিল৷ কিন্তু দেৱীৰ ৰূপ ধাৰণ কৰা কিশোৰীগৰাকীযে মহিষাসুৰৰ দৰে হিন্দুত্ববাদীক দিলে ৱাৰ্নিং৷ তেওঁৰ সন্মুখত কোনেও নিৰপৰাধ মুছলমান কিশোৰজনৰ গাত হাত লগাব নোৱাৰে বুলি বান্ধৱীয়ে প্ৰত্যাহ্বান জনালে৷ কিশোৰীৰ সাহস দেখি বজৰং দলৰ কৰ্মীয়ে পলায়ন কৰিলে৷ মুছলমান বন্ধুজনক তেতিয়া সকলোৱে দিলে সুৰক্ষা৷
এগৰাকী সাহসী কিশোৰীয়ে পূজাৰ বতৰত দুৰ্গাৰ ৰূপ ধাৰণ কৰি দুষ্টক কৰিলে দমন৷ নাৰীৰ শক্তি কেনে হ’ব পাৰে সেয়া কিশোৰীগৰাকীয়ে জনাই দিলে৷ তেওঁ প্ৰকাশ কৰা অনুসৰি এইবেলি ক্লাছৰ সকলোৱে একেলগে পূজাৰ আনন্দ উপভোগ কৰিছে৷ বন্ধু হিচাপে মুছলমান ছাত্ৰজনেও তেওঁলোকৰ সৈতে পূজা চাইছে৷ সকলোৱে একেলগে খাইছে পূজাৰ মিঠাই৷ কিন্তু য’তে ত’তে ধৰ্মৰ প্ৰসংগ উত্থাপন কৰি বজৰং দলৰ কৰ্মীয়ে তাণ্ডৱৰ সূচনা কৰিছে৷ সেয়ে সাহসী কিশোৰীয়ে দেৱী দুৰ্গাৰ ৰূপ ধৰি খেদি দিছে অপশক্তিক৷