একেখন স্কুলতে চাকৰি কৰা মাষ্টৰনীয়ে হেডছাৰক কৰিলে উন্মনা
মাষ্টৰনীক পলুৱাই নেপাল পালেগৈ বৃদ্ধ হেড মাষ্টৰ
ছাৰৰ বয়স ৬০ বছৰ৷ তেওঁ এইবছৰতে ৰিটায়াৰ হ’ব৷ ছাৰৰ স্কুলতে যোৱাবছৰ জইন কৰিছিল শাৰস্ত্ৰা পাৰবীন নামৰ ছোৱালীজনীয়ে৷ টেট পাছ কৰি চাকৰি পোৱা মুছলমান যুৱতী পাৰবীনৰ বয়স মাত্ৰ ২৮ বছৰ৷ নতুন শিক্ষয়িত্ৰী পাৰবীনক স্কুলৰ কাম কৰাত হেডছাৰে সহায় কৰিছিল৷ ৰাকেশ শ্বাহ নামৰ ৬০ বছৰীয়া হেডছাৰৰ সৈতে ঘনিষ্ঠ হৈ পৰিছিল পাৰবীন৷ প্ৰথমে অৱশ্যে দুয়োৰে সম্পৰ্কত একো গণ্ডগোল নাছিল৷ কিন্তু লাহে লাহে পাৰবীনৰ সান্নিধ্য হেডছাৰৰ ভাল লাগিব ধৰিলে৷ স্কুলত থকা সময়ছোৱা হেড ছাৰ ৰাকেশ শ্বাহৰ চেম্বাৰতে বহি থাকিবলৈ ধৰিলে পাৰবীন৷ তেওঁলোকে স্কুলতে মনৰ কথাবোৰ ভালকৈ পাতিলে৷ আশ্বৰ্যকৰভাৱে ২৮ বছৰীয়া পাৰবীন হেডছাৰৰ প্ৰতি দুৰ্বল হৈ পৰিল৷ হেড মাষ্টৰ ৰাকেশ শ্বাহৰ পত্নী মাকৰ ঘৰলৈ গ’লে ভাত ৰান্ধি দিবলৈ যোৱা হ’ল পাৰবীন৷ মুছলমান যুৱতীগৰাকীয়ে হেডছাৰক প্ৰেমিকৰ দৰে মৰম কৰিবলৈ ধৰিলে৷ স্কুলতো কথাটো ওলাল৷ কিন্তু এই বয়সত হেডছাৰে একো গণ্ডগোল নকৰে বুলি সকলো নিশ্চিত আছিল৷ পিছে হেডছাৰে ধৈৰ্য ধৰিব নোৱাৰিলে৷ ৰিটায়াৰ হ’বলৈ দুমাহ বাকী থকা অৱস্থাত ২৮ বছৰীয়া মাষ্টৰনীক পলুৱাই নিলে প্ৰধান শিক্ষক ৰাকেশ শ্বাহে৷ বিহাৰৰ পৰা নেপাললৈ পলাই যোৱা হেডছাৰক পুলিচে বিচাৰিবলগীয়া হ’ল৷ নেপালৰ পৰা দুয়োকে ধৰি আনিলে বিহাৰ পুলিচে৷
ঘটনাটোৰ আৰম্ভণি হৈছিল ছমাহ পূৰ্বে৷ দৰাচলতে কন্যাসম পাৰবীনলৈ মৰম লাগিছিল হেডছাৰ ৰাকেশৰ৷ কিন্তু তেওঁ পাৰবীনক মৰমৰ বিষয়ে কোৱা নাছিল৷ তথাপি পাৰবীনে নোকোৱাকৈয়ে হেডছাৰৰ মৰম বুজি পালে৷ তেতিয়াৰ পৰা পাৰবীন প্ৰায়ে হেডছাৰৰ সৈতেই থকা হ’ল৷ তেওঁ হোৱাটছএপত হেডছাৰক দিবলৈ ধৰিলে ননভেজ মেছেজ৷ প্ৰায়ে হেডছাৰে পাৰবীনক খোজা হ’ল ফটো৷ পিছলৈ ২৮ বছৰীয়া পাৰবীনে উঠন বুকুৰ ফটো হেডছাৰলৈ ছেণ্ড কৰিব ধৰিলে৷ মুজাফৰপুৰৰ মাধ্যমিক স্কুলৰ হেড মাষ্টৰ ৰাকেশ শ্বাহে পাৰবীনক স্কুলৰ দায়িত্বৰ পৰাও আজৰি কৰি দিলে৷ দিনে এটা ক্লাছ কৰিয়েই বহি থকাৰ সুবিধা দিলে নৱাগত শিক্ষয়িত্ৰীক৷ পাৰবীন আৰু হেড মাষ্টৰ ৰাকেশৰ ঘনিষ্ঠতা স্কুলৰ শিক্ষকৰ চকুত অৱশ্যেই পৰিল৷
কিন্তু তেওলোকে ৰাকেশ শ্বাহক বিশ্বাস কৰিছিল৷ পিছে হেড মাষ্টৰ ৰাকেশ শ্বাহে এই বিশ্বাস ৰক্ষা কৰিব নোৱাৰিলে৷ তেওঁ শেহতীয়াকৈ ঘৰৰ পৰা অন্তৰ্ধান হ’ল৷ পত্নী আৰু পুত্ৰক এৰি ঘৰৰ পৰা নোহোৱা হোৱা ৰাকেশৰ সৈতে সন্ধানহীন হ’ল পাৰবীন৷ তেতিয়াহে ডাল ম্যে কুছ কালা হ্যে বুলি ভাবি পুলিচে তদন্ত কৰিলে৷ অনুসন্ধানত ৰাকেশে সংসাৰ কৰাৰ বাবে পাৰবীনক পলুৱাই নিয়া বুলি প্ৰমাণিত হ’ল৷ ফোন ট্ৰেচ কৰি দুয়োৰে অৱস্থিতি পুলিচে ধৰা পেলালে৷ দুয়ো নেপালত থকা বুলি জানি আৰক্ষীয়ে চলালে তালাচী৷ নেপালৰ পৰা ধৰি অনা পাৰবীন আৰু ৰাকেশ শ্বাহে পৰস্পৰৰ প্ৰতি থকা মৰম স্বীকাৰ কৰিলে৷
স্কুলৰ কুমলীয়া শিক্ষয়িত্ৰীক ভালপোৱাৰ বাবে পলুৱাই নিয়াটো মানি ল’লে ৰাকেশ শ্বাহে৷ একেদৰে পাৰবীনে ৰাকেশ শ্বাহ তেওঁৰ প্ৰেমিক বুলি স্বীকাৰ কৰিলে৷ সেয়ে আৰক্ষীয়ে আৰু কৰিবলগীয়া নাথাকিল৷ ৰাকেশ শ্বাহে সৰুকৈ বিয়াখন পাতি পাৰবীনক চপাই ল’লে৷ ইফালে তেওঁৰ প্ৰথমা পত্নীয়ে কৰিলে বিবাহ বিচ্ছেদ৷



