নিচা সেৱন কৰা আবুধাবিৰ ৰাণীক শাস্তি

সাধাৰণ মুছলমান জনতাক পঢ়াই ইছলামৰ নীতিশিক্ষা
কিন্তু নিজে কোকেইন সেৱন কৰি ৰাস্তাতে লুটি খাই পৰিল মুছলমান ৰাণী
অতীব সুন্দৰী মহিলাগৰাকীৰ নাম মাহৰা আল-নাহয়ান৷ তেওঁ আবুধাবিৰ ৰাজ পৰিয়ালৰ সদস্য৷ ৰজাৰ বোৱাৰীয়েক মাহৰা আল-নাহয়ানৰ আছে অপাৰ ক্ষমতা৷ তেওঁ আবুধাবিৰ শাসন পৰিচালনা কৰে৷ প্ৰায়ে মাহৰাই ভ্ৰমণ কৰে ইংলেণ্ড৷ বিদেশতো ইছলামিক নীতি অনুসৰণ কৰি মাহৰাই জীৱন নিৰ্বাহ কৰে৷ ঘৰৰ বাহিৰ ওলালেই মাহৰাই লয় হিজাব৷ আনক দেখুৱাই আবুধাবিৰ ৰাণীয়ে ধৰ্মীয় নিয়ম ঠিকেই পালন কৰে৷ কিন্তু ঘৰৰ ভিতৰত তেওঁ কুৰআনক অবজ্ঞা কৰে৷ হাদিছে দিয়া নিৰ্দেশ পালন নকৰে ৰাণীয়ে৷ সাধাৰণ মুছলমানক ধৰ্মীয় শিক্ষা দিয়া ৰাণীয়ে নিজেই নিচা সেৱন কৰে৷ মদ বাদেই, আবুধাবিৰ ৰাণীৰ প্ৰিয় নিচা হৈছে ড্ৰাগছ৷ মাৰাত্মক কোকেইন সেৱন কৰি তেওঁ ব্ৰিটেইনত বান্ধৱীৰ পাৰ্টীত অংশগ্ৰহণ কৰে৷ ইমান দিনে ৰাণীৰ নিচা গোপন হৈ আছিল৷ কিন্তু কোকেইনৰ নিচাত অপৰাধ কৰি ধৰা পৰিল আবুধাবিৰ ৰাণী মাহৰা আল-নাহয়ান৷ নিচাত কৰা ভুলৰ বাবে ৰাণীক কাৰাগাৰলৈ প্ৰেৰণ কৰিলে ব্ৰিটেইনৰ আৰক্ষীয়ে৷
ৰাজপৰিয়ালৰ সদস্যা মাহৰাক আৰক্ষীয়ে অচেতন অৱস্থাত ৰাজপথত উদ্ধাৰ কৰিছিল৷ আৰক্ষীয়ে বিচাৰি পোৱা সময়ত নিচাত মাতাল হৈ থকা মাহৰা আল-নাহয়ানক চিকিৎসালয়ত ভৰ্তি কৰোৱা হ’ল৷ ডাক্তৰে চিকিৎসা কৰি ড্ৰাগছ অভাৰড’জৰ বাবে ৰাণী অসুস্থ হৈ পৰাটো নিশ্চিত কৰিলে৷ তেওঁ কোকেইন সেৱন কৰা বুলি পৰীক্ষাত প্ৰমাণিত হ’ল৷ কিন্তু ৰাণীয়ে ড্ৰাগছ সেৱন কৰাটো বিশ্বাস কৰা নাছিল আবুধাবিৰ জনতাই৷ সেয়ে অধিক পৰীক্ষাৰ দাবী উত্থাপিত হ’ল৷ পৰৱৰ্তী সময়ত পুনৰ সুন্দৰী ৰাণী মাহৰা আল-নাহয়ানৰ স্বাস্থ্য পৰীক্ষা কৰি কোকেইনৰ উপস্থিতি প্ৰমাণিত কৰিলে পুলিচে৷ তাৰোপৰি আবুধাবিৰ ৰাণী যে ড্ৰাগছ আসক্ত সেয়াও প্ৰতিপন্ন হ’ল৷ নিচাতে তেওঁ এটি শিশুক অত্যাচাৰ কৰাৰ প্ৰমাণো আৰক্ষীয়ে লাভ কৰিলে৷ ইমান অপৰাধৰ পিছত ব্ৰিটিছ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে ইছলাম বিশ্বৰ প্ৰভাৱশালী ৰাণীক৷
পৰৱৰ্তী সময়ত ব্ৰিটেইনৰ ছাউথমাৰ্ক ক্ৰাউন ক’ৰ্টত ৰাণীৰ বিৰুদ্ধে বিচাৰৰ আৰম্ভণি হ’ল৷ তেতিয়া তেওঁ ড্ৰাগছ আসক্ত বুলি প্ৰমাণ কৰিবলৈ সক্ষম হ’ল পুলিচ৷ গতিকে আদালতে ৰাণীৰ বিৰুদ্ধে ৰায়দান কৰিলে৷ সেইসূত্ৰে কাৰাগাৰলৈ প্ৰেৰণ কৰা হৈছে আবুধাবিৰ ৰাণীক৷ দেশখনৰ ৰাজবংশই কূটনৈতিক ক্ষমতা প্ৰয়োগ কৰি ৰাণীক মুক্ত কৰাৰ চেষ্টা কৰিছিল৷ কিন্তু কোকেইনৰ প্ৰচলন ৰোধৰ বাবে ৰাণীক ব্ৰিটেইনে মুক্তি নিদিলে৷ তেওঁক বিচাৰৰ পিছতে জে’ললৈ পঠিওৱা হ’ল৷ কোকেইন খাই বিদেশৰ জে’লত সোমাল ৰাণী৷
এই ৰাজপৰিয়ালটোৱে সাধাৰণ মুছলমানক নিচাৰ পৰা আঁতৰি থাকিবলৈ ধৰ্মীয় শিক্ষা প্ৰদান কৰে৷ আল- কুৰআন আৰু হাদিছৰ উদ্ধৃতিৰে তেওঁলোকে সাধাৰণ মুছলমানক পঢ়ুৱায় পাঠ৷ কিন্তু আবুধাবিৰ ৰাণীয়ে নিজে কোকেইন খাই ধৰা পৰি ইছলামৰ সন্মান হানি কৰিলে৷ তেওঁক ৰাস্তাত পৰি থকা অৱস্থাত উদ্ধাৰ কৰোতেই আৰক্ষীয়ে নিচা সেৱনৰ অনুমান কৰিছিল৷ কিছুদিন পূৰ্বে লণ্ডনৰে হোটেলত ড্ৰাগছ সেৱন কৰাৰ ফলত মৃত্যু ঘটিছিল ছৌদি আৰবৰ এজন ৰাজকুমাৰৰ৷ তাৰ পিছত খোদ ৰাণীকেই গ্ৰেপ্তাৰ কৰা হ’ল৷ ঘটনাৱলীয়ে প্ৰমাণ কৰিছে ধৰ্মক লৈ চলি থকা বেপাৰ৷ বৰ্তমান ইছলামিক ৰাজপৰিয়ালৰ বাবে ধৰ্ম যে ধন উপাৰ্জনৰ হাতিয়াৰ হৈ পৰিছে সেয়া প্ৰতিপন্ন হ’ল৷ তেওঁলোকে ধৰ্মৰ নামত কৰিছে নিচাৰ বেপাৰ৷