নৱৰাত্ৰিৰ সময়ত সাম্প্ৰদায়িক সংঘৰ্ষ

কোন হিন্দু কোন মুছলমান বিচাৰি উলিয়ালে বজৰং দলে
হিন্দুত্ববাদীয়ে মুছলমানক খেদি খেদি কৰিলে প্ৰহাৰ
নৱৰাত্ৰি চলি আছে৷ এইবাৰ গাৰ্বা নৃত্যস্থলীত সম্পূৰ্ণ নিষিদ্ধ কৰা হৈছে মুছলমানৰ প্ৰৱেশ৷ প্ৰধানমন্ত্ৰী মোদীৰ ৰাজ্যত কোনো মুছলমানে দাণ্ডিয়া নাচিব নোৱাৰিব বুলি হিন্দুত্ববাদীয়ে ঘোষণা কৰিছে৷ সোঁপন্থী সংগঠনৰ সিদ্ধান্ত মানি লৈছে প্ৰশাসনে৷ তাৰ পিছতো মুছলমান বিচাৰি চলাই থকা হৈছে অভিযান৷ কোনো অনুষ্ঠানতে যাতে অ-হিন্দুৱে ভাগ ল’ব নোৱাৰে তাৰ বাবে বজৰং দলে তিলক অভিযান চলাইছে৷ পংখিড়া নৱৰাত্ৰি নামৰ অনুষ্ঠানত দৰাচলতে মুছলমানে অংশগ্ৰহণ কৰাত বাধা নাই৷ গুজৰাটৰ সাংস্কৃতিক অনুষ্ঠানত পূৰ্বৰ পৰা মুছলমানে ভাগ লয়৷ কিন্তু এইবাৰৰ পৰা পংখিড়া নৱৰাত্ৰিৰ অনুষ্ঠানত মুছলমান থাকিব নোৱাৰিব বুলি বজৰং দলে ঘোষণা কৰিছে৷ সংগঠনটোৱে চলোৱা তিলক অভিযানত চিনাক্ত কৰি খেদি দিয়া হৈছে মুছলমানক৷ বজৰং দলৰ আক্ৰমণত আহত হৈ মৃত্যুৰে যুঁজিছে শ্বাহনৱাজ নামৰ মুছলমান যুৱকজনে৷ পংখিড়া নৱৰাত্ৰিৰ অনুষ্ঠানত জখম হোৱা শ্বাহনৱাজৰ শাৰিৰীক অৱস্থা সম্প্ৰতি সংকটজনক৷
তথ্য অনুসৰি পংখিড়া নৱৰাত্ৰি নামৰ সাংস্কৃতিক অনুষ্ঠানৰ সমাৱেশলৈ বদোদৰাৰ মুছলমানক নিমন্ত্ৰণ কৰা হৈছিল৷ সেইমতে অনুষ্ঠানত উপস্থিত আছিল শ্বাহনৱাজ৷ সেই অনুষ্ঠানত উপস্থিত হিন্দু লোকসকল আছিল শ্বাহনৱাজৰ পৰিচিত৷ অনুষ্ঠানৰ মাজতে গেৰুৱা বসনধাৰী এদল লোকে তিলক অভিযান আৰম্ভ কৰিলে৷ তেওঁলোকে সকলো অতিথিকে ফোট দিব বিচাৰিলে৷ এফালৰ পৰা আৰম্ভ কৰা হ’ল তিলক অভিযান৷ জোৰ কৰি হ’লেও সকলোৰে কঁপালত ফোট দিয়া হ’ল৷ স্বাভাৱিকতে শ্বাহনৱাজ আৰু কেবাজনো মুছলমান যুৱকে ধৰ্মীয় নিয়মৰ বাবে ফোট ল’ব অস্বীকাৰ কৰিলে৷ সেইটোৱেই বজৰং দলৰ দৃষ্টিত মুছলমান অতিথিৰ সবাতোকৈ ডাঙৰ অপৰাধ হৈ পৰিল৷ হিন্দুত্ববাদীয়ে অনুষ্ঠানস্থলীৰ পৰা উলিয়াই নি প্ৰহাৰ কৰিলে শ্বাহনৱাজক৷ তেওঁক বচাবলৈ চেষ্টা কৰোতে আন কেবাজনো মুছলমান যুৱক আক্ৰমণৰ সন্মুখীন হ’ল৷
কিন্তু পংখিড়া নৱৰাত্ৰি আয়োজন কৰা লোকসকলে তিলক অভিযান চলোৱাত বাধা নিদিলে৷ অনুষ্ঠানত মুছলমান অতিথি থকা বাবে তিলক অভিযান আৰম্ভ কৰোতেই তেওঁলোকে বজৰং দলৰ কৰ্মীক বাধা দিব লাগিছিল৷ আয়োজকে তাৎক্ষণিক ব্যৱস্থা গ্ৰহণ কৰাহ’লে পৰিস্থিতি উত্তপ্ত হৈ পৰাৰ আশংকা নাছিল৷ কিন্তু বজৰং দলৰ কৰ্মীৰ ওচৰত আয়োজক হৈ পৰিল নৰম৷ তেওঁলোকে অনুষ্ঠানত উপস্থিত প্ৰতিজন লোকৰে কঁপালত তিলক লগোৱাৰ অনুমতি প্ৰদান কৰিলে৷ ফলত মুছলমান যুৱক আক্ৰমণৰ সন্মুখীন হ’ল৷ তথ্য অনুসৰি বদোদৰাৰ মুছলমান সমাজক আয়োজকে চিঠিৰ জৰিয়তে নিমন্ত্ৰণ জনাইছিল৷ সেইবাবে তেওঁলোকে অনুষ্ঠানত অংশগ্ৰহণ কৰিছিল৷ যাৰ ফলত বদোদৰাৰ মুছলমান বজৰং দলৰ আক্ৰমণৰ সন্মুখীন হ’ল৷
এই ঘটনাটোৰ পিছত শ্বাহনৱাজৰ পৰিয়ালে গোচৰ ৰুজু কৰিছে৷ তথাপি বুকু ফিন্দাই ঘূৰি ফুৰিছে বজৰং দলৰ কৰ্মী৷ তেওঁলোকে সকলো অনুষ্ঠানতে তিলক অভিযান চলাব বুলি ঘোষণা কৰিছে৷ হিন্দুৰ অনুষ্ঠানত অংশগ্ৰহণকাৰী মুছলমানে ৰঙা ফোট ল’বই লাগিব বুলি উল্লেখ কৰিছে হিন্দুত্ববাদীয়ে৷ এই নিৰ্দেশনা হৈ পৰিছে উত্তেজনাৰ কাৰণ৷ সাংস্কৃতিক অনুষ্ঠানৰ সময়ত চহৰৰ মুছলমান গৃহবন্দী হৈ থাকিবলগীয়া হৈছে৷