ইমান যদি ভাল লাগিছে তয়েই যা
ভনীয়েকক এনেকৈ কৈ স্বামীৰ সৈতে বিয়া পাতি দিলে বায়েকে
বিয়াৰ পিছত মহিলাগৰাকীয়ে মন কৰিছিল- স্বামী তেওঁক লৈ সুখী নহয়৷ কিন্তু একেজন মানুহেই তেওঁৰ ভনীয়েকক লগ পালে উৎফুল্লিত হৈ পৰে৷ খুলশালীয়েকৰ সংগ তেওঁ ঠিকেই উপভোগ কৰে৷ পিছে পত্নীৰ সংগই মানুহজনক সুখী কৰি তুলিব নোৱাৰে৷ কথাটো বহুদিনৰ পৰা মন কৰি আছিল পত্নীয়ে৷ সেয়ে তেওঁ বুকুত শিল বান্ধি গিৰিয়েকক প্ৰশ্ন কৰিলে৷ খুলশালীয়েকৰ সৈতে থাকি তেওঁ সুখী হ’ব পাৰিব নেকি বুলি মহিলাগৰাকীয়ে স্পষ্টকৈ সুধিয়েই পেলালে৷ প্ৰথমে পত্নীয়ে তেওঁক জুখি চাবলৈ এই প্ৰশ্ন কৰা বুলি ভাবিছিল লোকজনে৷ কিন্তু তেওঁ বুজি পালে যে পত্নীয়ে ধেমালি কৰা নাই৷ গতিকে খুলশালীৰ প্ৰতি থকা অনুৰাগ তেওঁ ব্যক্ত কৰিলে৷ খুলশালী ছোৱালীজনীক ভাল পাওঁ বুলি পত্নীক জনাই দিলে দুখী স্বামীয়ে৷
ইফালে তেওঁৰ পত্নী হৈছে পতিব্ৰতা৷ স্বামীক কেনেদৰে সুখত ৰাখিব পাৰি সেইটোৱেই ভাবি থাকে উদাৰ মহিলাগৰাকীয়ে৷ যেতিয়াই তেওঁ স্বামীৰ মুখেৰে ভনীয়েকৰ প্ৰতি থকা আকৰ্ষণৰ বিষয়ে জানিব পাৰিলে তেতিয়া আৰু বিলম্ব নকৰিলে৷ মহিলাগৰাকীয়ে পিছদিনাই ঘৰলৈ গৈ আয়োজন কৰিলে বিয়া৷ পিতৃ-মাতৃৰ সৈতে আলোচনা কৰি ভনীয়েকৰ লগত স্বামীৰ বিয়াৰ প্ৰস্তুতি চলালে৷ ইফালে ভিনিহিয়েকৰ প্ৰতি তেওঁৰ ভনীয়েকৰো পূৰ্বৰ পৰা আকৰ্ষণ আছিল৷ ভিনিহিয়েকক কাষত পোৱা সময়ত খুলশালীৰ মন হৈ পৰিছিল ৰঙীন৷ সেয়ে মহিলাগৰাকীৰ ভনীয়েকেও আপত্তি নকৰিলে৷ ভিনিহিয়েকৰ সৈতে বিয়া হ’বলৈ পালে সুখী হ’ব বুলি তেওঁ জনাই দিলে৷ গতিকে দুয়োৰে বিয়াখন এসপ্তাহৰ ভিতৰতে হৈ গ’ল৷ স্বামীক ভনীয়েকৰ হাতত গতাই দি আজৰি হ’ল মহিলাগৰাকী৷ তেওঁ পুনৰ মাতৃগৃহলৈ উভতি অবিবাহিত জীৱন কটালে৷
মহিলাগৰাকীয়ে নিজহাতেৰে ভনীয়েকৰ কন্যাদান কৰিলে৷ তেওঁৰ মতে মনৰ সুখ হৈছে সবাতোকৈ দৰকাৰী কথা৷ তেওঁৰ সৈতে থাকি স্বামী যে সুখী হ’ব পৰা নাই সেইটো মহিলাগৰাকীয়ে গম পাইছিল৷ সেয়ে তেওঁ স্বামীক ভনীয়েকৰ সৈতে বিয়া পাতি দিলে৷ তাৰ পূৰ্বে স্বামীৰ সৈতে ডিভ’ৰ্চ কৰিলে উদাৰ পত্নীয়ে৷ আপত্তি নকৰাকৈ তেওঁ স্বামীক ভনীয়েকৰ শিৰত সেন্দূৰ দিয়াৰ অনুমতি প্ৰদান কৰিলে৷ বিয়াখনৰ পিছত তেওঁ হৈ পৰিল স্বামীৰ বাইশাহু৷ গতিকে স্বামীয়ে পূৰ্বৰ পত্নীৰ ভৰি চুই সেৱা কৰিলে৷ ভনীয়েকৰ সৈতে প্ৰাক্তন স্বামী সুখী হোৱাৰ বাবে তেওঁ আশীৰ্বাদো দিলে৷ মনত অকণো ক্ষোভ নৰখাকৈ ভনীয়েকক স্বামীৰ হাতত গতাই দিলে তেওঁ৷ এতিয়াৰ পৰা তেওঁলোকৰ সংসাৰত হস্তক্ষেপ নকৰে বুলি মহিলাগৰাকীয়ে প্ৰতিশ্ৰুতি দিলে৷ এই ঘটনাটো বিহাৰত সংঘটিত হৈছে৷ বিশেষ বিয়াখনৰ ভিডিঅ’ হৈ পৰিছে দেশজুৰি ভাইৰেল৷
মহিলাগৰাকীৰ ভাষ্য অনুসৰি তেওঁৰ স্বামীয়ে হাঁহিবলৈ পাহৰি পেলাইছিল৷ সংসাৰত অসুখী হৈ থকাতকৈ সেয়ে স্বামীক নিজ পছন্দ অনুসৰি বিয়া কৰাবলৈ পত্নীয়ে স্বাধীনতা দিলে৷ অৱশ্যে এবাৰ সংসাৰৰ অন্ত পৰিলেও তেওঁ আকৌ বিয়া হ’ব বুলি মহিলাগৰাকীয়ে প্ৰকাশ কৰিছে৷ ভনীয়েকক বিয়া দি আজৰি হৈ তেওঁ বিচাৰিছে মনৰ মানুহজন৷ সোনকালে বিয়া হ’ব পাৰিলে তেওঁৰ জীৱনটো থানথিত লাগিব৷ উদাৰ মহিলাগৰাকীয়ে চাবলৈ বিচাৰিছে ভনীয়েকৰ সন্তান৷ প্ৰাক্তন স্বামীৰ পৰা সোনকালে বিচাৰিছে এটি ভাগিনী৷



