কানাডাক বেচিলে দেশৰ বেংক

বিক্ৰী হৈ গ’ল ভাৰতীয় ঔদ্যোগিক উন্নয়ন বেংক৷ সংক্ষেপে আই ডি বি আই বেংকক মোদী চৰকাৰে বেচি দিলে৷ কানাডাৰ ফেয়াৰফেক্স ফাইনেন্সিয়েল হ’ল্ডিংছৰ সৈতে চুক্তিত অনুমোদন জনালে কেন্দ্ৰীয় কেবিনেটে৷ এই চুক্তিৰ জৰিয়তে ফেয়াৰফেক্সে মুঠ ৫২,৮৭৮ কোটি টকাৰ বিনিময়ত আইডিবিআই বেংকৰ ৬০.৭২ শতাংশ অধিগ্ৰহণ কৰিলে৷
এতিয়াৰ পৰা আই ডি বি আই বেংকত ভাৰত চৰকাৰ আৰু ভাৰতীয় জীবন বীমা নিগমে ৩৪ শতাংশ অংশীদাৰিত্বৰে ব্যৱসায় কৰিব৷ ইয়াৰ ভিতৰত চৰকাৰে ১৫ শতাংশ আৰু এল আই চিয়ে ১৯ শতাংশ অংশীদাৰিত্ব লাভ কৰিব। পূৰ্বে বেংকটোৰ ৪৫.৪৮ শতাংশ শ্বেয়াৰ চৰকাৰৰ আছিল৷
এল আই চিৰ আছিল ৪৯.২৪ শতাংশ অংশীদাৰিত্ব৷ ফলত চৰকাৰী মালিকানা প্ৰায় ৯৪.৭১ শতাংশ আছিল। কিন্তু ফেয়াৰফেক্সে বেংকটোৰ প্ৰায় ৬০.৭২ শতাংশ অংশীদাৰিত্ব ক্ৰয় কৰি নিয়ন্ত্ৰণ দখল কৰিলে৷ ইয়াৰ ভিতৰত চৰকাৰৰ ৩০.৪৮ শতাংশ আৰু এল আই চিৰ ৩০.২৪ শতাংশ প্ৰতিষ্ঠানটোৱে ক্ৰয় কৰিছে৷ গতিকে এতিয়াৰ পৰা আই ডি বি আই বেংক হৈ পৰিছে বিদেশী বিত্তীয় প্ৰতিষ্ঠান৷
এই চুক্তিৰ বাবে প্ৰতিটো শ্বেয়াৰৰ দাম ৮১ টকাকৈ নিৰ্ধাৰণ কৰা হৈছিল৷ যিটো মূল্যায়নৰ দ্বাৰা নিৰ্ধাৰিত ৭৫.৯৯ টকাৰ সূচকাংকৰ মূল্যতকৈ আছিল অধিক৷ এই চুক্তিমৰ্মে ফেয়াৰফেক্সক আন এটা চৰ্ত আৰোপ কৰা হৈছে৷
তদানুসৰি তেওঁলোকে দুবছৰৰ ভিতৰত চি এছ বি বেংকক পুনৰ গঠিত আই ডি বি আইৰ সৈতে একত্ৰীকৰণ কৰিব লাগিব। ইয়াৰ জৰিয়তে ফেয়াৰফেক্সে ভাৰতীয় বিত্তীয় বজাৰত নিজা বেংকিং কাৰ্যাৱলী সংহত কৰাৰ পৰিকল্পনা কৰিছে।