পত্নী নহয় যেন ঘৰে ঘৰে বাগৰি ফুৰা গেছ চিলিণ্ডাৰটোহে
এতিয়ালৈকে ছটালৈ গ’ল এইজন যুৱকৰ পত্নী
তথাপি তেওঁৰ মৰম কমা নাই৷ যুৱকজনে অন্তৰৰ সমস্ত আকুলতাৰে কৈছে- তুমি উভতি আহানা! শুনি আচৰিত যেন লাগিব পাৰে, কিন্তু ঘটনাটো সত্য৷ এই যুৱকজনে তিনিবছৰ পূৰ্বে বিয়া পাতিছিল৷ তেওঁৰ সংসাৰখন ভাল-বেয়াৰ মাজতে চলি আছিল৷ কিন্তু তেওঁৰ পত্নীক কোনোবাই যেন যাদুহে কৰিলে৷ প্ৰথমে ভালকৈ ঘৰ চলাই থকা মহিলাগৰাকীযে পৰপুৰুষক দেখিলেই ধৈৰ্য ধৰি থাকিব নোৱাৰা হ’ল৷ তেওঁ প্ৰথমে এবাৰ পৰকীয়া প্ৰেম কৰি এজন যুৱকৰ সৈতে পলাই গ’ল৷ তেওঁৰ সৈতে কিছুদিন থাকি স্বামীৰ কাষলৈ প্ৰত্যাৱৰ্তন কৰিলে৷ এবাৰ ভুল কৰিছিল বুলি যুৱকজনে পত্নীক ক্ষমা কৰি দিলে৷ আকৌ সংসাৰ গাড়ী নিমজকৈ চলিবলৈ ধৰিলে৷ কিন্তু নাই, মানুহজনীৰ কেৰেক্টাৰ ঠিক নহ’ল৷ তেওঁ আকৌ এজন নতুন যুৱকৰ সৈতে পৰকীয়া প্ৰেম কৰিলে৷ ফোনত লিলিমাই কৰি থকা দেখি-শুনিও স্বামী মনে মনে থাকিল৷
এবাৰ পলাই গৈ শিক্ষা পোৱা পত্নীয়ে পুনৰাই একেটা ভুলকে নকৰে বুলি স্বামী নিশ্চিত আছিল৷ কিন্তু নহয়, তেওঁৰ পত্নীয়ে একো শিক্ষা নল’লে৷ মানুহজনী এইবাৰো পলাই গ’ল৷ দ্বিতীয়বাৰ পলাই যোৱাৰ পিছত স্বামীয়ে বিচাৰ-খোচাৰ কৰা নাছিল৷ কিন্তু হেৰোৱা গৰু উভতি অহাৰ দৰে এইবাৰো তেওঁ ঘৰ পালেগৈ৷ তেতিয়াও স্বামীয়ে আপত্তি নকৰিলে৷ ঘৰৰ মানুহ ঘৰলৈ উভতি আহিছে বুলি ভাবি তেওঁ পত্নীক গ্ৰহণ কৰিলে৷ তাৰ পিছত স্বামীয়ে পত্নীক একো সোধাও নাছিল৷ মৰম কৰিলে পত্নীৰ ঘৰত মন বহিব বুলি ভাবি তেওঁ দিছিল স্বাধীনতা৷ কিন্তু মহিলাগৰাকীয়ে সদায় নতুন নতুন পুৰুষৰ সান্নিধ্য বিচাৰে৷ তেওঁ হৈছে বিশাল অন্তৰৰ মহিলা৷ সকলোকে অন্তৰত ঠাই দিবলৈ বিচৰা মহিলাগৰাকী তৃতীয়বাৰলৈ পলাল৷
এইবাৰো নতুন যুৱক এজনৰ সৈতে তেওঁ পলাই পত্ৰং দিলে৷ তিনি নম্বৰবাৰ পলায়ন কৰা পত্নীক বিচাৰি থানাত স্বামীয়ে এজাহাৰ দাখিল কৰিলে৷ অৱশ্যে পুলিচে উলিয়াব নোৱাৰিলে যদিও যুৱকজনেই প্ৰেমিকৰ ঘৰত বিচাৰি পাই পত্নীক ওভতাই লৈ গ’ল৷ এইদৰে তেওঁ সংসাৰখন বচালে৷ স্বামীয়ে সন্তানৰ কথা ভাবি পত্নীক ইমানদিনে ক্ষমাই কৰি থাকিল৷ কিন্তু পত্নীৰ চৰিত্ৰ সলনি নহ’ল৷ তেওঁ আকৌ প্ৰথমবাৰ পলাই যোৱা যুৱকজন লগ পালে৷ পুৰণি প্ৰেম সজীৱ হৈ পৰাত আকৌ অস্থিৰ হৈ পৰিল মহিলাগৰাকী৷ তেওঁ একেটা ভুলকে কৰি এক্সৰ সৈতে পলাল৷ কিন্তু একেই কায়দাৰে মহিলাগৰাকী কিছুদিনৰ পিছত ঘৰলৈ উভতিল৷ তেওঁ ফুৰিবলৈ যোৱাৰ দৰে পৰপুৰুষৰ সৈতে কামলীলা কৰি স্বামীৰ কাষলৈ প্ৰত্যাৱৰ্তন কৰিলে৷
যুৱকজনে তেতিয়া এই কথাই কথা নহয় বুলি ভাবিছিল৷ তেওঁ মৰমৰ পত্নীৰ ওপৰত চকু ৰাথিবলৈ ধৰোতেই মহিলাগৰাকী আকৌ গায়ব হ’ল৷ এইবাৰো অচিনাকী যুৱকৰ সৈতে পলাই পত্ৰং দিলে কমবয়সীয়া বোৱাৰীজনীয়ে৷ ঘৰৰ সন্তানৰ মায়া এৰি পলোৱাৰ কিছুদিন পিছত উভতিও গ’ল৷ কিন্তু ধৈৰ্য ধৰিব নোৱাৰি ৬ নম্বৰবাৰলৈ তেওঁ স্বামীৰ কাষৰ পৰা পলাল৷ তেতিয়াৰ পৰা এইপৰ্যন্ত মহিলাগৰাকীৰ সন্ধান নাই৷ কিন্তু পত্নী উভতি যাব বুলি স্বামীয়ে আশা কৰি আছে৷ তেওঁ সন্তানৰ বাবে আকৌ পত্নীক কাষত বিচাৰিছে৷ হাজাৰ দোষ কৰিলেও পত্নীক ক্ষমা কৰি দিয়াৰ বাবে সাজু আছে তেওঁৰ উদাৰ স্বামীদেৱতা৷



