গাৰ্বা নাচিবলৈ সোমাব নোৱাৰিব মুছলমান যুৱক
হিন্দু যুৱতীৰ সৈতে নৱৰাত্ৰিত দাণ্ডিয়া নাচিব নোৱাৰিব মুছলমানে
গুজৰাট আৰক্ষীৰ সকলো ধুনীয়া মহিলা কনিষ্টবলৰ ছুটী কেন্সেল কৰা হৈছে৷ বিশেষকৈ বগী আৰক্ষী বিষয়াক নৱৰাত্ৰিৰ সময়ত ছুটী দিয়া নহয়৷ তেওঁলোকে ছদ্মৱেশত কৰিব লাগিব ডিউটী৷ বগী আৰক্ষী কনিষ্টবলে গাৰ্বা নাচিবলৈয়ো শিকিব লাগিব৷ গুজৰাটৰ গৃহ দপ্তৰে দিছে এই নিৰ্দেশ৷ গাৰ্বা নৃত্য অনুষ্ঠানৰ স্থলীত যাতে কোনো মুছলমান যুৱকে প্ৰৱেশ কৰিব নোৱাৰে তাৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে৷ বিগত সময়ত গাৰ্বা অনুষ্ঠানৰ সময়ত প্ৰায়ে সাম্প্ৰদায়িক সংঘাত হৈছিল৷ এইবাৰ হিন্দু-মুছলমানৰ কন্দল প্ৰতিৰোধ কৰিবলৈ সকলো অনুষ্ঠানতে ছদ্মৱেশত গাৰ্বা নাচি আছে সুন্দৰী কনিষ্টবলে৷ তেওঁলোকে গাৰ্বা নৃত্য কৰি থকা সময়তো অনুষ্ঠানস্থলীৰ চৌদিশে শেনচকু ৰাখিছে৷ চাই আছে ধুনীয়া নৰ্তকীৰূপী জোৱানে৷
যিসকল মহিলা জোৱানে গাৰ্বা নৃত্য কৰিব নাজানে তেওঁলোকক গৃহ বিভাগেই প্ৰশিক্ষণ প্ৰদান কৰিছে৷ দাণ্ডিয়া নাচিবলৈ শিকাৰ বাবে বগী কনিষ্টবলক ছুটীও দিয়া হৈছে৷ নৱৰাত্ৰিৰ কেইদিন তেওঁলোকক থানাৰ ডিউটীৰ পৰা দিয়া হৈছে অব্যাহতি৷ ঘৰতে থাকি নৃত্যৰ অনুশীলন চলাবলৈ অনুমতি দিয়া হৈছে৷ তদুপৰি নিজৰ এলেকাৰ বাহিৰত নৰ্তকীৰূপী কনিষ্টবলক ডিউটী কৰিবলৈ দিয়া হৈছে৷ কোনেও যাতে চিনি নাপাই তাৰ বাবে তেওঁলোকক জিলাৰ বাহিৰলৈ প্ৰেৰণ কৰা হৈছে৷ দূৰৰ গাৰ্বা নৃত্যস্থলীত ডিউটী কৰিবলৈ যোৱা জোৱানক আৰক্ষীয়েই ঠিক কৰি দিছে ভাৰাঘৰ৷ তেওঁলোকক অসামৰিক গাড়ীৰে অনুষ্ঠানস্থলীত থোৱা হৈছে৷ তাত নৃত্য কৰি থাকোতে চৌদিশে শেনচকু ৰাখি মুছলমান যুৱকক ধৰিবলৈ প্ৰশিক্ষণ দিয়া হৈছ৷
ৰূপহী কনিষ্টবলে সেয়ে নৱৰাত্ৰিত ছুটী নাপায় বুলি গৃহ বিভাগে অনানুষ্ঠিক জাননী জাৰি কৰিছে৷ নৃত্য অনুষ্ঠানস্থলীত যে আৰক্ষী জোৱানে নৰ্তকীৰ ৰূপ ধৰি আছে সেয়া সাধাৰণ লোকে গম নাপায়৷ দাণ্ডিয়া লৈ নাচি থকা কনিষ্টবলে পৰিচয় গোপন কৰি সাৱধানে তহল দি আছে৷ অভিযোগ অনুসৰি দাণ্ডিয়া নচাৰ সময়ত কিছুমান মুছলমান যুৱকে হিন্দু যুৱতীক প্ৰতাৰণা কৰে৷ নিজকে হিন্দু বুলি পৰিচয় দি তেওঁলোকে লাভ জেহাদো কৰে৷ সেয়ে মুছলমান যুৱকৰ প্ৰৱেশ দাণ্ডিয়া নচা ঠাইত নিষিদ্ধ কৰিছে গুজৰাটৰ প্ৰশাসনে৷ তাৰ বাবে গোপনে বিশেষ জাননী দিয়া হৈছে৷ প্ৰতিক্ৰিয়াৰ আশংকাত অৱশ্যে ৰাজহুৱা কৰা নাই জাননী৷
আনহাতে পুৰুষ কনিষ্টবলকো গাৰ্বা নৃত্যস্থলীত নিয়োগ কৰিবলৈ গুজৰাট চৰকাৰে নিৰ্দেশ দিছে৷ নতুনকৈ পুলিচত ভৰ্তি হোৱা বিষয়াক দিয়া হৈছে পহৰাৰ দায়িত্ব৷ যিসকলে সুকলমে নৱৰাত্ৰিৰ ডিউটী পালন কৰিব পাৰিব তেওঁলোকক পুৰস্কৃত কৰিবলৈ গুজৰাট চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিছে৷ এই সময়ছোৱাত অঘটন ৰোধ কৰিবলৈ আৰক্ষী জোৱানৰ বিনামূলীয়া সৌন্দৰ্যচৰ্চাৰো ব্যৱস্থা কৰি দিয়া হৈছে৷ গাৰ্বা নৃত্যস্থলীত যি ডিউটী কৰিব তাৰ বাবে ফ্ৰী কৰা হৈছে ফেচিয়েল৷ লগতে IV ড্ৰিপৰ জৰিয়তে দিয়া হৈছে বিভিন্ন বেজী৷ তেওঁলোকৰ ছাল উজ্জ্বল কৰি তোলাৰ দায়িত্বও চৰকাৰে গ্ৰহণ কৰিছে৷ মুঠতে নানা ব্যৱস্থাৰ জৰিয়তে গাৰ্বা নৃত্যস্থলীত বন্ধ কৰা হৈছে মুছলমানৰ প্ৰৱেশ৷ নৱৰাত্ৰিক হিন্দুধৰ্মীয় উৎসৱ হিচাপে ঘোষণা কৰি চৰকাৰে মুছলমান বৰ্জন কৰিছে৷ তাৰ বাবে খৰচ কৰা হৈছে গুজৰাটৰ ৰাজকোষৰ কোটি কোটি টকা৷



