দাণ্ডিয়া খেলিবলৈ যোৱা যুৱতীৰ দুৰৱস্থা
প্ৰেমিকক লগ ধৰিবলৈ গৈ ওলাব নোৱাৰা হ’ল সুন্দৰী
ধুনীয়াকৈ সাজি-কাছি গাৰ্বা নৃত্য কৰিবলৈ গৈছিল ছোৱালীজনী৷ নৱৰাত্ৰিৰ উপলক্ষত গ’ল্ড ফেচিয়েল কৰি ঘৰৰ পৰা তেওঁ ওলাই গৈছিল৷ দিল্লীৰ LKM ষ্টেডিয়ামত অনুষ্ঠিত গাৰ্বা নাইটত তেওঁৰ বাবে ৰৈ আছিল সংগী৷ কিন্তু নৃত্য আৰম্ভ হোৱাৰ পূৰ্বে ছোৱালীজনীলৈ ফোন কৰিলে বয়ফ্ৰেণ্ডে৷ গাৰ্বা নাচিব নজনা প্ৰেমিকে শাড়ী পৰিহিত যুৱতীক চাবলৈ ইচ্ছা কৰিলে৷ প্ৰেমিকে ইমান মৰমেৰে নিমন্ত্ৰণ কৰাৰ বাবে ৰৈ থাকিব নোৱাৰা হ’ল মৰমী৷ তেওঁ প্ৰেমিকক ওচৰৰ পৰা নিজৰ ৰূপসজ্জা দেখুৱাবলৈ ঢপলিয়াই গ’ল৷ কিন্তু তেওঁৰ উভতি আহোতে হ’ল পলম৷ প্ৰেমিকৰ মৰমৰ সাগৰত সাঁতুৰি মৰমীয়া গাৰ্বাৰ কথা পাহৰি পেলালে৷ তেওঁ প্ৰেমিকৰ সৈতে কৰিলে আউটিং৷ ষ্টেডিয়ামৰ কাষৰ আন্ধাৰ এচুকত প্ৰেমিকে আলিংগন কৰিলে মৰমীক৷ তেতিয়ালৈ গাৰ্বা নাইট অনুষ্ঠিত হোৱা ষ্টেডিয়ামৰ মূল গে’ট বন্ধ কৰি দিয়া হ’ল৷
সাজি-কাছি দাণ্ডিয়া নাচিবলৈ যোৱা যুৱতীগৰাকী হৈ পৰিল উপায়হীন৷ কিন্তু তেওঁ যিকোনোপ্ৰকাৰে ষ্টেডিয়ামত সোমাবই লাগিব৷ সেয়ে সুন্দৰীয়ে এটা বিশেষ বুদ্ধি অৱলম্বন কৰিলে৷ গাৰ্বা নাইট আয়োজন কৰা ষ্টেডিয়ামৰ বেৰৰ ওপৰেৰে প্ৰৱেশ কৰিবলৈ চেষ্টা কৰি তেওঁ সহায় বিচাৰিলে প্ৰেমিকে৷ সেইমতে বয়ফ্ৰেণ্ডে তলৰ পৰা দাঙি তেওঁক বেৰৰ ওপত তুলি দিলে৷ ছোৱালীজনীয়েও বেৰত উঠিল ঠিকেই৷ কিন্তু তাৰ ওপৰত আছিল কাটাতাঁৰৰ বেৰ৷ এতিয়া ওপৰলৈ উঠাৰ পিছত ছোৱালীজনী নামিব নোৱাৰা হ’ল৷ তেওঁ কাটাতাঁৰৰ বেৰত আবদ্ধ হৈ পৰিল৷ শাড়ী পিন্ধি গাৰ্বা নাচিবলৈ যোৱা সুন্দৰীৰ কাপোৰ কাঁইটীয়া তাৰে ফালি নেফানেফ কৰি পেলালে৷ গাৰ্বা নাইটত নাচিবলৈ গৈ তেওঁ হৈ পৰিল তেজেৰে ৰাঙলী৷
অৱশ্যে তলত থকা দৰ্শকে কোনোমতে তাঁৰ কাটি তেওঁক উদ্ধাৰ কৰিলে৷ গ’ল্ড ফেচিয়েল কৰি গাৰ্বা নৃত্য কৰিবলৈ যোৱা সুন্দৰীৰ অৱস্থা কাহিল হৈ পৰিল৷ এদল লোকে জখলাৰ দৰে চিৰি সাজি তেওঁক উদ্ধাৰ কৰিলে৷ কিন্তু তেতিয়ালৈ তেওঁৰ অৱস্থা নাচিব পৰা হৈ থকা নাছিল৷ সুন্দৰীক ততালিকে হস্পিতেললৈ নিবলগীয়া অৱস্থা হ’ল৷ তেওঁৰ পৰিয়ালক খবৰ দিলে উপস্থিত লোকে৷ অৱশ্যে চিকিৎসালয়ত ভৰ্তি কৰোৱাৰ পিছত যুৱতীগৰাকীৰ অৱস্থা সুস্থিৰ হ’ল৷ কিন্তু তাৰ পিছতহে ওলাল তেওঁৰ দুৰ্ঘটনাৰ ৰহস্য৷
গাৰ্বা নৃত্য কৰিবলৈ ঘৰৰ পৰা ওলাই অহা যুৱতীগৰাকী যথাসময়তে ষ্টেডিয়ামত উপস্থিত হৈছিল৷ তেওঁক তাৰ পৰা আকৌ মাতি পঠিয়াইছিল বয়ফ্ৰেণ্ডে৷ প্ৰেমিকৰ কাতৰ অনুৰোধ ৰক্ষা কৰি তেওঁ ডেটিঙৰ উদ্দেশ্যে ওলাই গৈছিল৷ প্ৰেমিকৰ সৈতে প্ৰেমলীলা কৰাৰ পিছত আকৌ শাড়ী পিন্ধিবলগীয়া হৈছি সুন্দৰী নৰ্তকীয়ে৷ সেয়ে দেৰী হ’লেও কিবাপ্ৰকাৰে ষ্টেডিয়ামত প্ৰৱেশ কৰিবলৈ তেওঁ আছিল বদ্ধপৰিকৰ৷ পিছে সুন্দৰীৰ ভাগ্য ভাল নাছিল৷ তেওঁক ৰাইজেহে উদ্ধাৰ কৰিবলগীয়া হোৱাত পৰিয়ালৰ লোকে ঘটনাৰ আতি-গুৰি বিচাৰিবলৈ চেষ্টা কৰিলে৷ গতিকে সকলো কথা কৈ দিবলগীয়া হ’ল ধুনীয়া ছোৱালীজনীয়ে৷ তেওঁ এতিয়া হস্পিতেলত আছে৷ এইবাৰ গাৰ্বা নৃত্য নাচিবলৈ তেওঁ সুস্থ নহয় বুলি ঘোষণা কৰিছে চিকিৎসকে৷ প্ৰেমিকক লগ কৰিব যোৱাৰ বাবে সুন্দৰী দাণ্ডিয়াৰ সৌভাগ্যৰ পৰা বঞ্চিত হ’বলগীয়া হ’ল৷



