ৰে’লৰ পৰা নমাই দিলে কিশোৰীক

এই দেশত মুছলমানৰ কোনো অধিকাৰ নাই!
ৰে’লযাত্ৰা কৰাৰো অধিকাৰ নাই নিৰীহ মুছলমানৰ
সেয়ে মুছলমান কিশোৰীক ৰে’লৰ পৰা নমাই দিলে হিন্দুত্ববাদীয়ে৷ ঘটনাটো ভাৰততে সংঘটিত হ’ল৷ হিন্দু উগ্ৰবাদীয়ে অতপালি কৰা দেখিও নীৰৱ হৈ থাকিল ৰে’লৱে পুলিচ৷ সোঁপন্থী সংগঠনৰ সদস্যই মুছলমান কিশোৰীৰ আধাৰ কাৰ্ড পৰীক্ষা কৰিলে৷ তেওঁৰ নথি-পত্ৰ চাই মুছলমান বুলি গম পোৱাৰ পিছত ৰে’লৰ পৰা নামিবলৈ বাধ্য কৰা হ’ল৷ পৰীক্ষা দিবলৈ যোৱা বুলি কোৱাৰ পিছতো কিশোৰীগৰাকীক যাত্ৰা কৰিবলৈ নিদিলে হিন্দুত্ববাদী গুণ্ডাই৷ তেওঁ এই বিষয়ে ষ্টেশ্যন মাষ্টাৰক অভিযোগ দিলে৷ তথাপি মুছলমান কিশোৰীক ৰে’লত উঠিবলৈ দিয়া নহ’ল৷ কোনো মুছলমানে ৰে’লখনত যাত্ৰা কৰিব নোৱাৰে বুলি হিন্দুত্বৰ বাৰ্তাবাহক উগ্ৰবাদীয়ে ঘোষণা কৰিলে৷ কান্দি কান্দি বিশেষ ৰে’লখনৰ পৰা নামিল মুছলমান কিশোৰী৷
তেওঁ উত্তৰ প্ৰদেশৰ ছাটনা ষ্টেশ্যনত ৰে’লযাত্ৰাৰ বাবে উপস্থিত হৈছিল৷ কিশোৰীগৰাকীৰ লক্ষ্যস্থান আছিল প্ৰয়াগৰাজ৷ এটা পৰীক্ষাৰ বাবে তেওঁ প্ৰয়াগৰাজলৈ যোৱাৰ বাবে ৰে’লৰ টিকট কাটিছিল৷ নিয়ম অনুসৰি তেওঁ ৰে’লখনৰ এটা দবাত উঠি আসন গ্ৰহণ কৰিলে৷ কিন্তু কিশোৰীগৰাকীৰ সৈতে ৰে’লখনত উঠিল বজৰং দলৰ এদল সদস্য৷ তেওঁলোকে প্ৰথমে যুৱতীগৰাকীৰ নাম আৰু পৰিচয় সুধিলে৷ বিশেষ সন্দেহ নকৰাকৈ কিশোৰীগৰাকীয়ে ক’লে তেওঁৰ পৰিচয়৷ কিশোৰীগৰাকী মুছলমান বুলি অৱগত হোৱাৰ পিছত বজৰং দলৰ সদস্যই তেওঁক বাংলাদেশী পৰিচয় দিলে৷ তেওঁ তেতিয়া সজোৰে প্ৰতিবাদ কৰিলে৷ কম বয়সীয়া কিশোৰীগৰাকীয়ে নিজৰ আধাৰ কাৰ্ড উলিয়াই দিলে৷ তেওঁ যে ভাৰতীয় সেইটো দাবী কৰিলে৷
কিন্তু হিন্দুত্ববাদী গুণ্ডা কাৰোৰে কথা শুনিবলৈ ৰাজি নাছিল৷ তেওঁলোকে কিশোৰীগৰাকীক ৰে’লৰ পৰা নামি যোৱাৰ নিৰ্দেশ দিলে৷ টিকট থকাৰ পিছতো নামিবলৈ অস্বীকাৰ কৰা কিশোৰীগৰাকীয়ে প্ৰতিবাদ কৰিলে৷ কিন্তু তেওঁক গতিয়াই দবাটোৰ পৰা নমাই দিয়া হ’ল৷ এই সন্দৰ্ভত ৰে’লৱে পুলিচক জনাই নিৰীহ মুছলমান কিশোৰীগৰাকীয়ে ব্যৱস্থা গ্ৰহণৰ আহ্বান জনালে৷ তেওঁ যে পৰীক্ষা দিবলৈহে প্ৰয়াগৰাজ অভিমুখে ৰাওনা হৈছে সেয়াও জনালে কিশোৰীগৰাকীয়ে৷ কিন্তু তেওঁৰ কথা কোনেও নুশুনিলে৷ সুৰক্ষিত হৈ থাকিবলৈ ৰে’লযাত্ৰাৰ পৰা বিৰত থকা উচিত বুলি কিশোৰীগৰাকীক পুলিচে ভুৱা বুজনিহে দিবলৈ ধৰিলে৷
উপায়হীন হৈ কিশোৰীগৰাকী ষ্টেশ্যন মাষ্টাৰৰ কাষ চাপিল৷ কিন্তু হিন্দুত্ববাদীক প্ৰতিৰোধ কৰাৰ শক্তি ষ্টেশ্যন মাষ্টাৰৰ নাছিল৷ গতিকে তেওঁ কিশোৰীগৰাকীক ষ্টেশ্যনৰ পৰা ওলাই যোৱাৰ নিৰ্দেশ দিলে৷ পৰীক্ষা দিবলৈ প্ৰয়াগৰাজ অভিমুখী ৰে’লৰ টিকট কটা কিশোৰীগৰাকী শেষত ষ্টেশ্যনৰ পৰা ওলাই যাবলগীয়া হ’ল৷ এই ঘটনাৰ বিষয়ে স্থানীয় থানাত গোচৰ ৰুজু কৰিও কিশোৰীগৰাকীয়ে কোনো সুফল নাপালে৷ তেওঁ সম্প্ৰতি ছ’চিয়েল মিডিয়াযোগে প্ৰকাশ কৰিছে ঘটনাৰ সবিশেষ৷ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ পৰা ন্যায় দাবী কৰিছে পৰীক্ষা দিবলৈ যোৱা কিশোৰীয়ে৷ বজৰং দলৰ সদস্যৰ মতে কোনো মুছলমান ছাটৰাৰ পৰা প্ৰয়াগৰাজ অভিমুখী ৰে’লত উঠিব নোৱাৰে৷ কাৰণ প্ৰয়াগৰাজ হৈছে হিন্দুসকলৰ পৱিত্ৰ চহৰ৷ মুছলমানে যাতে প্ৰয়াগৰাজত প্ৰৱেশ কৰিব নোৱাৰে তাৰ বাবে বাধা দিয়া হ’ল ইছলামধৰ্মী কণমানি কিশোৰীক৷