ইমানদিনে ভিনিহিয়েকৰ একো চৰকাৰী চাকৰি নাছিল
সেয়ে ভিনিহিয়েকক বিশেষ গুৰুত্ব দিয়া নাছিল ধুনীয়া খুলশালীয়েকে
ঘটনাটো শুনিলে আপোনাৰ চকু মেল খাই যাব৷ বিহাৰৰ দাৰভাংগা জিলাৰ যুৱকজনৰ নাম সন্তোষ৷ তেওঁ ইমানদিনে অ’ত-ত’ত টিউশ্যন কৰি কোনোমতে চলাই আছিল ঘৰখন৷ বিবাহিত সন্তোষৰ এটি সন্তানৰো পিতৃ৷ তেওঁ শহুৰৰ ঘৰলৈ গ’লেও কোনেও বিশেষ গুৰুত্ব দিয়া নাছিল৷ কাৰণ পত্নীক পলুৱাইহে নিছিল সন্তোষে৷ চাকৰি নথকা জোঁৱাই সন্তোষ শহুৰৰ ঘৰৰ বাবে বিশেষ গুৰুত্বপূৰ্ণ নাছিল৷ কিন্তু সদায় ভাগ্যৰ চকৰি একেঠাইতে নাথাকে৷ দেৰীকৈ হ’লেও অৱশেষত আহিল সন্তোষৰ ভালদিন৷ তেওঁ বিহাৰ চৰকাৰৰ শিক্ষক বাছনি পৰীক্ষাত উৰ্ত্তীণ হ’ল৷ একেকোবতে দাৰভাংগা জিলাৰ চৰকাৰী হাইস্কুলত সন্তোষে চাকৰি পালে৷ বিদ্যালয়ত যোগ দিয়াৰ পিছত শহুৰৰ ঘৰখনত সন্তোষৰ সন্মান আগতকৈ বহুখিনি বাঢ়ি গ’ল৷
পূৰ্বে যিজনী খুলশালীয়েকে সন্তোষক গুৰুত্বই দিয়া নাছিল তেওঁৰো মন সলনি হ’বলৈ ধৰিলে৷ চাকৰিয়াল দৰা বিচাৰি ফুৰা খুলশালীয়েকে সন্তোষক মৰম কৰিবলৈ ধৰিলে৷ যিজনী ছোৱালীয়ে পাত্তাই দিয়া নাছিল তেওঁৰ মৰম পাই উৎফুল্লিত হৈ পৰিল সন্তোষ৷ সংগ্ৰামৰ সময়ত তেওঁক সংগ দিয়া পত্নীক সন্তোষে আওকাণ কৰিলে৷ দৰিদ্ৰ হৈ থাকোতে যি পত্নীয়ে তেওঁক মৰমেৰে ৰক্ষা কৰি আছিল তেওঁৰ প্ৰতি বিৰাগ জন্মিবলৈ ধৰিলে সন্তোষৰ৷ শেষত কেতিয়াও নহ’বলগীয়া ঘটনাটো সংঘটিত হ’ল৷ প্ৰথমা পত্নী থাকোতেও সন্তোষে খুলশালীয়েকক লগত লৈ বিবাহ পঞ্জীয়কৰ কাৰ্যালয়ত হাজিৰ হ’ল৷ তাতে তেওঁ অবিবাহিত বুলি দেখুৱাই খুলশালীৰ সৈতে ক’ৰ্ট মেৰেইজ কৰিলে৷ আইনীভাৱে সন্তোষ আৰু খুলশালী হৈ পৰিল দম্পত্তি৷
কিন্তু তেওঁৰে ভনীয়েকক বিয়া পাতিলে বুলি গমেই নাপালে সন্তোষৰ পত্নীয়ে৷ ঘটনাৰ বিষয়ে শুনাৰ পিছতে সন্তোষৰ প্ৰথমা পত্নী আৰক্ষীৰ দ্বাৰস্থ হ’ল৷ হিন্দু বিবাহ আইন ভংগ কৰি তেওঁৰ চাকৰিয়াল স্বামীয়ে ক’ৰ্ট মেৰেইজ কৰা বুলি সন্তোষৰ পত্নীয়ে গোচৰ তৰিলে৷ তাৰোপৰি তেওঁ বেইমান সন্তোষৰ পৰা ডিভ’ৰ্চ বিচাৰি আদালততো আবেদন দাখিল কৰিলে৷ ধুনীয়া খুলশালীক বিয়া পাতি সন্তোষ আইনী জঞ্জালত সোমাই পৰিল৷ কিন্তু তেওঁ ইমান বেছি বিপদ হ’ব বুলি ভবা নাছিল৷ সন্তোষে বিপদৰ গোন্ধ পাই ভনীয়েকৰ সৈতে সতিনী খাটিবলৈ প্ৰথমা পত্নীক অনুৰোধ কৰিলে৷ পিছে মহিলাগৰাকীয়ে গড্ডাৰ স্বামীৰ কথা নুশুনিলে৷ তেওঁ সন্তানৰ সৈতে সন্তোষৰ সংগত্যাগ কৰি মাকৰ ঘৰলৈ উভতি গ’ল৷ গোচৰ চলি থাকিল৷
ইয়াৰ পিছতে সন্তোষ আদালতত হাজিৰ হ’ল৷ প্ৰথমটো শুনানিতে আদালতে সন্তোষক দোষী সাব্যস্ত কৰিলে৷ কাৰণ পত্নী থকাৰ পিছতো তেওঁ ক’ৰ্ট মেৰেইজ কৰাটো আছিল হিন্দু বিবাহ আইনৰ উলংঘন৷ সেয়ে সন্তোষক চাকৰিৰ পৰা নিলম্বিত কৰা হ’ল৷ ইমানদিনে সংগ্ৰাম কৰি লাভ কৰা চাকৰিটো নাৰীপ্ৰেমৰ বাবে হেৰুৱালে৷ সন্তোষে একো উপায় বিচাৰি নোপোৱা হ’ল৷ ইফালে চাকৰিৰ বাবেহে তেওঁৰ সৈতে বিয়া হোৱা খুলশালীয়েকেও সন্তোষৰ সংগত্যাগ কৰিলে৷ সন্তোষক এৰি আনলৈ তেওঁ পলাই গ’ল৷ খুলশালীৰ সৈতে বিয়াৰ বাবে সন্তোষে এফালে চাকৰিও হেৰুৱালে৷ তেওঁৰ কাষৰ পৰা গুচি গ’ল পত্নী৷ চাকৰি যোৱাৰ পিছত ছলনাময়ী খুলশালীয়েকে সন্তোষক মাৰিলে লাঠ৷ এয়াই হৈছে নাৰীপ্ৰেমী পুৰুষৰ জীৱনৰ পৰিণাম৷



