পাত তুলি থকা সময়তে অন্তৰত জাগিছিল পাৰভঙা মৰম
মৰমৰ নামত ব্যভিচাৰ দেখি ৰাইজে ঠাইতে পাতি দিলে বিয়া
পুৱাই বাগিচাত পাত তুলিবলৈ যোৱা শ্ৰমিকসকলৰ ভিতৰত আছিল এগৰাকী মহিলা৷ তেওঁৰ বয়স ২৮ বছৰ৷ বিবাহিত মহিলাগৰাকীৰ স্বামীও একেখন বাগিচাৰে ফাল্টু শ্ৰমিক৷ তেওঁ পাৰ্মানেণ্ট কাম কৰা পত্নীৰ ভৰসাতে চলি আছিল৷ দিনটো হাৰিয়া খাই থকা স্বামীয়ে সুখী কৰিব পৰা নাছিল মহিলাগৰাকীক৷ শ্ৰম কৰি ঘৰলৈ ওভতা ২৮ বছৰীয়া মহিলাগৰাকীয়ে সেয়ে এজন কিশোৰৰ বুকুত পাইছিল উমাল আশ্ৰয়৷ তেওঁৰ সৈতে একেলগে পাত তোলা শ্ৰমিকৰ ১৭ বছৰীয়া পুত্ৰৰ সৈতে মহিলাগৰাকীৰ সম্পৰ্ক লাহে লাহে ঘনিষ্ঠ হৈ পৰিছিল৷ মাকক ঘৰৰ খবৰ দিবলৈ যোৱাৰ ছলেৰে কিশোৰজনে সেই মহিলাগৰাকীৰ সৈতে কথা পাতিছিল৷ দুয়ো পৰস্পৰৰ চকুৰ ভাষা বুজি পোৱা হৈছিল৷ এইবাৰ পূজাতো একেলগে ঘূৰিবলৈ প্লেনিং কৰিছিল প্ৰেমাস্পদে৷ ২৮ বছৰীয়া প্ৰেমিকাৰ ঘৰত সন্ধ্যা আৰাম কৰাটো প্ৰেমিকৰ নিয়মেই হৈ পৰিছিল৷
সেইখিনিলৈ অৱশ্যে কোনেও একো গম পোৱা নাছিল৷ মহিলাগৰাকীৰ সৈতে একেটা লাইনৰে যুৱকজনৰ ঘনিষ্ঠতা কাৰো চকুতো পৰা নাছিল৷ কিন্তু হঠাতে এটা ঘটনা ঘমঘণ্ট লগাই দিলে৷ পাত তুলি থকা সময়তে মহিলাগৰাকী অন্তৰ্ধান হোৱাত হাহাকাৰ লাগিল৷ মধ্য অসমৰ এখন বাগিচাত সকলো শ্ৰমিকে যেতিয়া পাত তুলি আছিল তেতিয়া সেই ২৮ বছৰীয়া মহিলাগৰাকী নোহোৱা হ’ল৷ বাগিচাৰ কৰ্মীয়ে চাহ আনিলে৷ কিন্তু সেইদিনা চাহ খোৱাৰ পৰতো তেওঁ নাছিল৷ মহিলাগৰাকী ক’লৈ গ’ল কোনেও গমকে নাপালে৷ বহুপৰৰ পিছত যেতিয়া ঘামি-জামি তেওঁ ওলাল তেতিয়া বহুতে নানা প্ৰশ্ন কৰিলে৷ কিন্তু তেওঁ কাকো ভালকৈ নিদিলে উত্তৰ৷ এই ঘটনাৰ কেবাদিনো পুনৰাবৃত্তি হোৱাত পাত তুলিবলৈ যোৱা শ্ৰমিকৰ মনত সন্দেহ জন্মিল৷ দাল ম্যে কুছ কালা হ্যে বুলি ভাবি তেওঁলোকে মহিলাগৰাকীৰ ওপৰত চকু ৰাথিলে৷
শ্ৰমিকসকলে দেখিলে যে সেই ১৭ বছৰীয়া কিশোৰজন পাত তোলা ঠাইলৈ যেতিয়াই যায় তেতিয়াই ২৮ বছৰীয়া মহিলাগৰাকী উত্ৰাৱল হৈ পৰে৷ তেওঁ ততালিকে শ্ৰমিকসকলৰ মাজৰ পৰা ফালৰি কাটি ওলাই যায়৷ গতিকে ঘটনাটো ভালদৰে নিৰীক্ষণ কৰা হ’ল৷ শেহতীয়াকৈ আনসকল শ্ৰমিকে পাত তুলি থকা সময়ত তেওঁক প্ৰেমিকৰ সৈতে কামলীলা কৰি থকা অৱস্থাত ধৰা পেলালে চৰ্দাৰে৷ প্ৰেমিকৰ সৈতে বাগিচাৰ মাজত শৰীৰৰ খেল খেলি থকা অৱস্থাত ধৰা পেলাই তেওঁলোকৰ বিচাৰ বহুওৱা হ’ল৷ সেই বিচাৰত স্বামীয়ে সুখী কৰিব নোৱাৰা বাবে একেটা লাইনৰে কমবয়সীয়া প্ৰেমিকৰ সৈতে শাৰিৰীক সম্পৰ্ক কৰা বুলি মহিলাগৰাকীয়ে স্বীকাৰ কৰিলে৷ গতিকে বাগিচাৰ শ্ৰমিকসকলে আৰু সময় নষ্টই নকৰিলে৷
তেওঁলোকে পাত তুলি থকাৰ মাজতে এটেমা সেন্দূৰ সংগ্ৰহ কৰিলে৷ বাগিচাৰ মাজতে ২৮ বছৰীয়া মহিলাৰ সৈতে ১৭ বছৰীয়া প্ৰেমিকৰ বিয়া পাতি দিয়া হ’ল৷ ৰাইজৰ নিৰ্দেশ অনুসৰি বিবাহিত মহিলাগৰাকীয়ে পূৰ্বৰ সেন্দূৰ মোহাৰি পেলালে৷ তেওঁৰ শিৰত নতুনকৈ সেন্দূৰ ঢালি দিলে প্ৰেমিকে৷ সকলোৱে দুয়োকে পতি-পত্নীৰ মৰ্যাদা প্ৰদান কৰিলে৷ পাত তোলা স্থানৰ পৰা বাগিচাৰ লাইনলৈ দুয়োকে শোভাযাত্ৰা কৰি আগবঢ়াই নিলে৷ বিয়াৰ বাবে অনিচ্ছুক প্ৰেমিকে গোমোঠা মুখেৰে অবৈধ প্ৰেমিকাক দিলে পত্নীৰ স্বীকৃতি৷



