ঘোচ নিদিয়া দৰিদ্ৰ বিধৱাক ঘপিওৱাৰ চেষ্টা মদাহী গাঁওপ্ৰধানৰ
এটা স্বাক্ষৰৰ বাবে গাঁওপ্ৰধান বাপুকণ বেজবৰুৱাক লাগে ১০০ টকা
অনবৰতে মদৰ নিচাত মাতাল হৈ থাকে বৰক্ষেত্ৰীৰ বনমাজা গাঁৱৰ গাঁওপ্ৰধান বাপুকণ বেজবৰুৱা৷ সেয়ে বাপুকণৰ হৈ চৰকাৰী কামবোৰ বোৱাৰীয়েকে কৰিব লাগে৷ বোৱাৰীয়েকে সাজু কৰি দিয়া নথিত কেৱল চহী কৰিবহে পাৰে মদাহী বাপুকণে৷ ধুৰন্ধৰ গাঁওপ্ৰধান বাপুকণে গাঁৱৰে এগৰাকী দুৰ্ভগীয়া বিধৱাক প্ৰাণে মাৰিবলৈ চেষ্টা কৰিলে৷ দৰিদ্ৰ মহিলাগৰাকীয়ে ঘোচ দিব নোৱাৰাৰ বাবে বাপুকণে ফালি পেলালে স্বাক্ষৰ কৰা কাগজ৷ দুৱাৰ মাৰি সেই মহিলাগৰাকীৰ লগতে দিব্যাংগ সন্তানকো গাঁওপ্ৰধানে বন্দী কৰি থ’লে৷
দুৰ্ভগীয়া মহিলাগৰাকীৰ উপাধি বৈশ্য৷ তেওঁ জবকাৰ্ডৰ বাবে গাঁওপ্ৰধানৰ কাগজ বিচাৰি গৈছিল৷ সন্তান আৰু বৌৱেকক লৈ মহিলাগৰাকী যোৱা সময়ত গাঁওপ্ৰধান বাপুকণ বেজবৰুৱা মদ খাই কথা ক’ব নোৱাৰা অৱস্থাত আছিল। গতিকে বোৱাৰীয়েকে কাগজবোৰ লিখি দিলে। তাৰ পিছত গাঁওপ্ৰধান বাপুকণে চহী কৰি ষ্টাম্প মাৰি নিয়ম সম্পন্ন কৰিলে৷ কিন্তু তাৰ পিছত বাপুকণৰ গুণ্ডামী আৰম্ভ হ’ল৷ বিধৱা বোৱাৰীগৰাকীক বাপুকণে কাগজত চহী কৰি দিয়াৰ বাবদ ১০০ টকা ডিমাণ্ড কৰিলে৷ ঘোচ হিচাপে ১০০ টকা দিবলৈ অপাৰগতা প্ৰকাশ কৰিলে বোৱাৰীগৰাকীয়ে৷ কিন্তু বাপুকণে কাৰো কথাই নামানিলে৷
তেতিয়া বোৱাৰীগৰাকীয়ে ২০ টকা দিলে। কিন্তু বাপুকণে ২০ টকাটো দলিয়াই পেলাই দিলে৷ ১০০ টকা নিদিয়াৰ বাবে ঘৰৰ দুৱাৰ জপাই দিলে৷ মদাহী গাঁওপ্ৰধান বাপুকণে ক’লে- আজি তহঁতক যাব নিদিওঁ, দৰ্জা মাৰি থ’ম। মোক DCয়েও একো কৰিব নোৱাৰে। তেতিয়া ভয় খাই কাগজ বিচাৰি যোৱা বোৱাৰীগৰাকীয়ে আত্মৰক্ষাৰ চেষ্টা কৰিলে৷ ইফালে ঘোচৰ পইচাৰে হাফ এটাও কিনিব নোৱাৰি বুলি তৰ্জন গৰ্জন কৰি থাকিল বাপুকণে৷ ইয়াৰ পিছত বাপুকণে বোৱাৰীগৰাকীৰ বাবে প্ৰস্তুত কৰা কাগজকেইখনো ফালি খিৰিকীৰে পেলাই দিলে। জবকাৰ্ডৰ বাবে কাগজ বিচাৰি গৈ অপমানিত হ’বলগীয়া হ’ল বোৱাৰীগৰাকী৷
কাগজ ফালি পেলোৱাৰ পিছত মদাহী গাঁওপ্ৰধান বাপুকণে দুৱাৰ খুলি দিলে৷ তেতিয়াহে ওলাব পাৰিলে এটি দিব্যাংগ সন্তানৰ বিধৱা বোৱাৰীগৰাকী৷ চৰকাৰী আঁচনিৰ পৰা বঞ্চিত দুৰ্ভগীয়া মহিলাগৰাকীয়ে পিছদিনা গাঁওপ্ৰধানৰ কাগজখন দাখিল কৰিব লাগিছিল৷ কিন্তু মদাহী গাঁওপ্ৰধানে তেওঁক সেইটো সুবিধা নিদিলে৷ ইমান অত্যাচাৰ কৰাৰ পিছত কোঠাৰ দুৱাৰ খুলিলে গাঁওপ্ৰধানে৷ এই ঘটনাটোৰ বিষয়ে আমি স্থানীয় লোকৰ পৰা তথ্য সংগ্ৰহ কৰিছিলোঁ৷ তেতিয়া নাম প্ৰকাশ কৰিবলৈ অনিচ্ছুক বৰ্মন উপাধিৰ এজন লোকে গাঁওপ্ৰধান বাপুকণে প্ৰায়ে অসভ্যালি কৰে বুলি সদৰী কৰিছে৷ নিচাত মাতাল হৈয়েই থাকে বাপুকণ৷
এগৰাকী বিধৱা মহিলা আৰু তেওঁৰ দিব্যাংগ কন্যাৰ প্ৰতিও সহানুভূতি নথকা এই বাপুকণে DCয়েও তেওঁক একো কৰিব নোৱাৰে বুলি দাবী কৰিছে৷ সেয়ে বিষয়টো নলবাৰীৰ জিলা আয়ুক্তৰ দৃষ্টিগোচৰ কৰিব বিচাৰিছোঁ৷ তাৰোপৰি বৰক্ষেত্ৰীৰ বিধায়ক নাৰায়ণ ডেকাই সমষ্টিৰ কিছুমান গাঁৱৰ পৰিস্থিতি লক্ষ্য কৰিব লাগে৷ তেওঁৰ সমষ্টিত এগৰাকী বিধৱা মহিলা সন্মুখীন হোৱা এই পৰিস্থিতি দৰাচলতে বিধায়কৰ বাবে লজ্জাজনক৷ গাঁৱখনৰ ডেকা উপাধিৰ এগৰাকী মহিলাৰ মতে সকলোৱে বাপুকণক ঘোচ দিবই লাগে৷ নহ’লে মহিলাকো মাৰ-পিট কৰে বাপুকণে৷ মদৰ নিচাত মাতাল বাপুকণৰ হৈ বোৱাৰীয়েকে কৰে কাম৷



