আগতেই গৌৰৱ গগৈয়ে প্ৰকাশ কৰিছিল হতাশা
কৈছিল- মই ইয়ালৈ ছহিদ হ’বলৈহে আহিলোঁ
অসমৰ জ্যেষ্ঠ কংগ্ৰেছীৰ মতি-গতি দেখি হতাশাত ভুগিছিল গৌৰৱ গগৈ৷ জ্যেষ্ঠ সাংবাদিকৰ সৈতে আলোচনাৰ সময়ত প্ৰদেশ কংগ্ৰেছৰ সভাপতিয়ে হতাশা প্ৰকাশ কৰিবলৈ বাধ্য হৈ পৰিছিল৷ তেওঁ সভাপতি হোৱাৰ পিছতে লাহোৱালত কংগ্ৰেছৰ এখন সভা অনুষ্ঠিত হৈছিল৷ সেই সভাৰ আগদিনা তেওঁ ডিব্ৰুগড়ৰ এদল জ্যেষ্ঠ সাংবাদিকৰ সৈতে ব্যক্তিগত আলোচনা কৰিছিল৷ তেতিয়া অসমত কংগ্ৰেছে চলাই থকা অভিযানৰ বিষয়ে বৰ্ণনা কৰিছিল৷
কিন্তু তেতিয়াই গৌৰৱে ক’লে এষাৰ বিশেষ কথা৷ ৰাজ্যত যে কংগ্ৰেছ সফল নহয় সেইটো তেওঁ প্ৰকাৰন্তৰে স্বীকাৰ কৰিলে৷ ফ্ৰাষ্টেশ্যন প্ৰকাশ কৰি গৌৰৱে ক’লে- মোক হাইকমাণ্ডে ইয়ালৈ ছহিদ হ’বলৈহে পঠিয়ালে৷
অৰ্থাৎ অসমত কংগ্ৰেছৰ ভৱিষ্যতৰ বিপৰ্যয়ৰ বাবে বলি পঠা হ’ব লাগিব বুলি গৌৰৱ ভীতিগ্ৰস্ত হৈ পৰিছিল৷ লোকসভা নিৰ্বাচনত বিজয়ী হোৱা গৌৰৱে কেৰিয়াৰত পৰাজয়ৰ কলংকৰ দাগ সানি ল’ব বিচৰা নাছিল৷ কিন্তু তেওঁ বাধ্য হ’ল৷ সেইবাবে তেওঁ অসমৰ পৰিস্থিতিক লৈ হতাশ হৈ পৰিছে৷
ৰাজনৈতিকভাৱে ছহিদ হোৱাৰ ভয় কৰা গৌৰৱে লাহোৱালৰ সভাৰ আগদিনা এসাঁজ ভাতেৰে আপ্যায়িত কৰিছিল জ্যেষ্ঠ সাংবাদিকসকলক৷ তেওঁ কুকুৰা মাংসৰে নিশাৰ ভাতসাঁজ খুৱাই সাংবাদিকসকলৰ সৈতে দীঘলীয়াকৈ কথা পাতিছিল৷ সেই সময়ত গৌৰৱে ভৱিষ্যতৰ পৰিকল্পনা আৰু কংগ্ৰেছৰ স্থিতিৰ বিষয়ে সাংবাদিকসকলৰ পৰাও জানিবলৈ বিচাৰিলে৷
কিন্ত পেটে পেটে যে গৌৰৱ জ্যেষ্ঠ কংগ্ৰেছীৰ কৰ্ম-কাণ্ডক কেন্দ্ৰ কৰি অসন্তুষ্ট সেইটো ওলাই পৰিছিল৷ দিল্লীৰ পৰা মই ইয়ালৈ ছহিদ হ’বলৈহে আহিলোঁ বুলি প্ৰকাশ কৰি গৌৰৱে দলৰ ভৱিষ্যতৰ বিষয়ে সন্দেহ প্ৰকাশ কৰিছিল৷ এই কথাষাৰে নিশ্চিত কৰিলে যে কেইজনমান ঘনিষ্ঠৰ বাদে আন নেতাৰ বিশেষ সহায় গৌৰৱে পোৱা নাই৷
কেৱল ঋতুপৰ্ণ কোঁৱৰ আৰু বিপুল গগৈকহে গৌৰৱে বিশ্বাসত লৈছিল৷ আনসকলো সতীৰ্থকে গৌৰৱে সন্দেহৰ আবেষ্টনীতে ৰাখিছে৷ সেইবাবে মই ইয়ালৈ ছহিদ হ’বলৈহে আহিলোঁ বুলি খেদ প্ৰকাশ কৰিবলগীয়া হৈছিল গৌৰৱ গগৈয়ে৷



