কান্দি কান্দি মুৰ্চা গ’ল কইনা

মই নাযাও ঔ, মোক ইয়াৰ পৰা লৈ যা
এনেদৰে হুৰাওৰাওকৈ কান্দিছে ছোৱালীজনীয়ে৷ সেইদিনা ছোৱালীজনীৰ বিয়া৷ অৱশ্যে ঘৰৰ পৰা বিদায়ৰ পৰত আন কইনাই কন্দাৰ দৰে তেওঁ কন্দা নাই৷ পৰিয়ালৰ সৈতে বিচ্ছেদৰ বেদনা নহয়, তেওঁৰ ক্ৰন্দনৰ কাৰণ হৈছে দৰা৷ ২০ বছৰীয়া কইনাজনীৰ বিয়া দেউতাকে ঠিক কৰিছিল৷ দৰাও ৩০ বছৰীয়া বুলি কৈছিল জীয়েকক৷ সেইমতে বিয়া হ’বলৈ মনস্থ কৰিছিল কিশোৰীগৰাকীয়ে৷ বিয়াৰ দিনালৈকে তেওঁ দেখাই নাছিল দৰাৰ মুখ৷ ইছলামিক নিয়ম অনুসৰি ছোৱালীজনীৰ দৰাৰ সৈতে নিকাহ হ’ল৷ মুখ নেদেখাকৈ তেওঁ নিকাহ কবুল কৰিলে৷ কিন্তু যেতিয়া কইনাই দৰাক দেখিলে তেতিয়া কান্দি কান্দি ফিট হৈ গ’ল৷
দেউতাকে ৩০ বছৰীয়া বুলি কোৱা দৰাজনৰ বয়স আছিল ৬৫ বছৰ৷ সেয়ে বৃদ্ধ দৰাক দেখি গাড়ীৰ খিৰিকীৰে জাঁপ মাৰি দিয়াৰ চেষ্টা কৰিলে কিশোৰী কইনাই৷ এইটো ঘটনা ভাৰতৰ নহয়৷ বাংলাদেশৰ দড়িয়া বৃদ্ধই বুঢ়াকালত গাভৰু ছোৱালী বিয়া পাতিবলৈ ইচ্ছা কৰিছিল৷ ধনে-ধানে চহকী হোৱা বাবে তেওঁ কইনাও লাভ কৰিলে৷ ২০ বছৰীয়া শিক্ষিত যুৱতীৰ সৈতে বৃদ্ধৰ বিয়া ঠিক হ’ল৷ বুঢ়াৰ সৈতে বিয়া হ’বলৈ অমান্তি হোৱাৰ ভয়ত কইনাৰ দেউতাকে লুকুৱাই ৰাখিলে জোঁৱায়েকৰ বয়স৷ অভাৱী লোকজনে বৃদ্ধৰ সৈতে বিয়া দি হ’লেও কন্যাদানৰ দায়িত্বৰ পৰা মুক্ত হ’বলৈ সিদ্ধান্ত গ্ৰহণ কৰিলে৷
কিন্তু যেতিয়া কইনাৰ বিদায়ৰ সময় আহিল তেতিয়া সকলো হৈ পৰিল বেদনাহত৷ কাৰণ দৰাৰ মুখ দেখি কইনা অচেতন হৈ গ’ল৷ তেওঁ নিজৰ দৰাজন ১০ বছৰে ডাঙৰ চফল ডেকা বুলি ভাবিছিল৷ বাস্তৱত সেইটো নহ’ল৷ তেওঁ নিজৰ অজ্ঞাতে নিকাহ কৰিলে ৬৫ বছৰীয়া বৃদ্ধক৷ এনে জীৱনতকৈ মৃত্যুৱেই শ্ৰেয় বুলি ভাবি যুৱতীগৰাকীয়ে গাড়ীৰ ওলোৱাৰ চেষ্টা কৰিলে৷ কিন্তু গাভৰু পত্নী পাই আনন্দত আত্মহাৰা হোৱা বৃদ্ধই ছোৱালীজনীক ওলাবলৈ নিদিলে৷ গাড়ীৰ মাজতে বৃদ্ধ লম্পটে নতুন পত্নীক বন্দী কৰি ৰাখিলে৷ শেষত আত্মসমৰ্পণ কৰি যুৱতীগৰাকী ৬৫ বছৰীয়া বৃদ্ধ দৰাৰ সৈতে যাবলৈ বাধ্য হ’ল৷
অৱশ্যে বেছিসময় কইনাই চিঞৰিব নোৱাৰিলে৷ আজীৱন এই বৃদ্ধৰ সৈতে সংসাৰ কৰিব লাগিব বুলি জানি ছোৱালীজনী অসুস্থ হৈ পৰিল৷ তেওঁৰ নোহোৱা হ’ল চেতনা৷ মুৰ্চা যোৱা যুৱতীগৰাকীৰ সঁহাৰি নোহোৱা হ’ল৷ তথাপি কইনাকলৈহে তাৰ পৰা ওলাই গ’ল বৃদ্ধ দৰা৷ এইটো ঘটনা সংঘটিত হোৱাৰ পিছত আন্ত:ৰাষ্ট্ৰীয় সংবাদ মাধ্যমতো চৰ্চা চলিছে৷ কেনেদৰে ২০ বছৰীয়া যুৱতীক বৃদ্ধ দৰাই বলপূৰ্বক বিয়া পাতিব পাৰে সেইটো হৈ পৰিছে চৰ্চিত৷ তথাপি এনেদৰেই চলি আছে বাংলাদেশৰ সমাজ ব্যৱস্থা৷
দেশখনত প্ৰতিদিনে বৃদ্ধই বলপূৰ্বক বিয়া পাতি আছে কিশোৰীক৷ চাকৰি কৰি ধনী হোৱা মুছলমান বৃদ্ধই ডকা-হকা দি হ’লেও দৰিদ্ৰ পৰিয়ালৰ ছোৱালীক বিয়া হ’বলৈ বাধ্য কৰে৷ একমাত্ৰ শাৰিৰীক সম্পৰ্কৰ লোভত মুছলমান বৃদ্ধই গাভৰু ছোৱালী অপহৰণ কৰি আছে৷ বিয়াৰ বাবে নিৰ্ধাৰণ কৰা নাই নিৰ্দিষ্ট বয়স৷ তাৰ প্ৰভাৱত পৰিস্থিতি অৰাজক হৈ পৰিছে৷ কোনো নিয়ম নথকা দেশখন নাৰীকুলৰ বাবে বধ্যভূমি হৈ পৰিছে৷ যিকোনো সময়তে বৃদ্ধৰ হাতত অপমানিত হোৱাৰ শংকাত থাকিবলগীয়া হৈছে নাৰীকুল৷ এই ঘটনাটোৱে প্ৰমাণিত কৰিছে বাংলাদেশৰ সাম্প্ৰতিক সমাজ ব্যৱস্থাৰ নামত চলা অৰাজকতা৷