এতিয়া গৌৰৱ গগৈৰ কি হ’ব বাৰু

নগাঁৱত কংগ্ৰেছ হাৰিল নে ৰকিবুল হুছেইন জিকিল
চাবলৈ গ’লে নগাঁৱত গৌৰৱ গগৈ পৰাজিত হ’ল৷ যোৰহাটত যি গৌৰৱ চাঞ্চল্যৰ সূচনা হৈছিল তাৰ অৱসান ঘটিল নগাঁৱত৷ নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পূৰ্বে দিল্লীলৈ পলায়ন কৰি গৌৰৱেও ৰাজনৈতিক অপৰিপক্বতাৰ পৰিচয় দিলে৷ নগাঁৱৰ কংগ্ৰেছ কৰ্মী ভোট গণনাত ব্যস্ত থাকোতে গৌৰৱে দিল্লীত প্ৰতিবাদ কৰিলেগৈ৷ কিন্তু হাজাৰ হ’লেও এটা কথা স্পষ্ট যে গৌৰৱ গগৈক বধ কৰাত সফল হ’ল বিজেপি৷ সেইদৰে ৰকিবুল হুছেইনেও নিজকে অসম কংগ্ৰেছৰ অবিসম্বাদী সম্ৰাট হিচাপে সিংহাসনত আৰোহণ কৰিলে৷ এতিয়াৰ পৰা গৌৰৱ গগৈ সভাপতি হৈ থাকিলেও ৰকিবুল হুছেইনৰ প্ৰভাৱ প্ৰদেশ কংগ্ৰেছত বৃদ্ধি হ’ব৷
নগাঁৱত কংগ্ৰেছ জিকাহ’লে কৃতিত্বৰ অধিকাৰী হ’লহেতেঁন গৌৰৱ৷ কিন্তু পৰাজয়ৰ দায়িত্বও তেৱেঁই ল’ব লাগিব৷ ৰকিবুল হুছেইনৰ পছন্দৰ প্ৰাৰ্থী দুৰ্লভ চমুৱাই নিৰ্বাচনত টিকটো পোৱা নাই৷ ৰকিবুলে মুখত মিছা হাঁহি এটা সানি লৈ শিৱামণি বৰাৰ হকে প্ৰচাৰ চলাইছিল৷ এটা কথা স্পষ্ট যে শিৱামণিৰ বৰাৰ পৰাজয় ৰকিবুল হুছেইনৰ বাবে বিজয়৷ তেওঁক অৱজ্ঞা কৰি অসমত মিঞা ৰাজনীতি কৰিলে কংগ্ৰেছৰ গে’ম অভাৰ হ’ব বুলি ৰকিবুলে জনাই দিলে৷ কোনোবাই বেয়া পালেও ৰকিবুল হুছেইনৰ বাদে মিঞা পলিটিক্সৰ চেহেৰা নাই বুলি দিল্লীয়ে গম পালে৷ সেইদিশৰ পৰা গৌৰৱ গগৈৰ ক্ষমতা কটা গ’ল৷
এই ফলাফলে গৌৰৱ গগৈৰ যিমান ক্ষতি কৰিলে সেইখিনি পূৰণ কৰিবলৈ তেওঁৰ ক্ষমতা নাই৷ পূৰ্বৰ পদ্ধতি সলনি কৰি গৌৰৱ গগৈ তৃণমূল পৰ্যায়ৰ নেতা নহয় বুলি বিজেপিয়ে প্ৰচাৰ কৰিছে৷ খাৰা ইস্ত্ৰীৰ কুৰ্তা পিন্ধি গৌৰৱেও বিজেপিক এই প্ৰচাৰত সহায়হে কৰিলে৷ পাইজামাৰ খাৰা ইস্ত্ৰী ভাঙে বুলি সাৱধানে খোজকঢ়া গৌৰৱৰ বাবে অনাগত সময়ত অসমত সুৰক্ষিত সমষ্টি নাই৷ এবাৰ ভাগ্যৰ জোৰত যোৰহাট জয় কৰিলেও তেওঁৰ অৱস্থা সম্প্ৰতি সুবিধাজনক নহয়৷ সাংসদ হোৱাৰ পিছত গৌৰৱ গগৈয়ে কেতিয়াও সমষ্টিবাসীৰ খবৰ ল’বলৈ যোৱা নাই৷ কিন্তু পৱিত্ৰ মাৰ্ঘেৰিটা আগ্ৰাসীভাৱে যোৰহাটত সোমাই পৰিছে৷
অনাগত সময়ত গৌৰৱ গগৈৰ একমাত্ৰ পথ হ’ব ৰাজ্যসভা৷ তেওঁ অসমৰ প্ৰত্যক্ষ নিৰ্বাচনী ৰাজনীতিৰ পৰা আঁতৰি যাব লাগিব৷ যদি পৰিস্থিতি সলনি নহয় তেন্তে গৌৰৱ গগৈ আকৌ সফল হোৱাটো আকাশত চাং পতাৰ লেখিয়া হ’বগৈ৷ তেতিয়া গৌৰৱ গগৈয়ে ৰাজ্যসভাৰ সাংসদ হৈ দিল্লীলৈ যোৱাৰ বাদে একো উপায় নাই৷ কিন্তু কংগ্ৰেছৰ বৰ্তমানৰ যি শক্তি তাৰে গৌৰৱ গগৈ ৰাজ্যসভাৰ সাংসদ হোৱাৰো আশা ক্ষীণ৷ অসমৰ ৰাজনীতিৰ পাকচক্ৰ নুবুজাকৈ দলৰ সভাপতি হোৱা গৌৰৱক নগাঁৱৰ ফলাফলে ধ্বংস কৰি পেলালে৷ তেওঁ দিল্লীলৈ উভতি যোৱাৰো পথ মুকলি হৈ থকা নাই৷ গৌৰৱ হৈ পৰিছে গণবিচ্ছিন্ন নেতা৷
সংসদত ফৰফৰাই ইংৰাজী কোৱাৰ বাবে অসমত সুনাম অৰ্জন কৰা গৌৰৱ গগৈক অৱৰোধ কৰাত ৰকিবুল হুছেইন সফল হ’ল৷ এইবাৰ শিৱামণি বৰা নগাঁৱত জিকাহ’লে মুছলমান প্ৰধান সমষ্টিটো অহা নিৰ্বাচনত গৌৰৱ গগৈৰ বাবে নিৰাপদ আছিল৷ কিন্তু ভোটিঙৰ পেটাৰ্নে মুছলমান যে কংগ্ৰেছৰ স্থায়ী ভোটাৰ নহয় সেইটো দেখুৱাই দিলে৷ ভোটিঙৰ পেটাৰ্নে প্ৰমাণ কৰিলে যে অসমৰ মিঞা নিৰ্বাচনী ৰাজনীতিত আটাইতকৈ সাৱধান৷ নিজৰ অস্তিত্ব ৰক্ষাৰ স্বাৰ্থত মিঞা ভোটাৰে কংগ্ৰেছক ডুবাই দিব পাৰে৷ গতিকে গৌৰৱ গগৈয়ে মিঞাৰ পৰা বেছি আশা নকৰাই ভাল৷ মিঞাই জিকাব বুলি ভাবিলে তেওঁ হাৰিব৷