দীঘল কাপোৰ পিন্ধিব নোৱাৰে ৰ’জ ছৰ্দানাই
ৰ’জে মুম্বাইত মডেলিং কৰি থকা কমেও ১০ বছৰ হ’ল৷ কিন্তু এদিনো তেওঁ দীঘল কাপোৰ পিন্ধি কেমেৰাৰ সন্মুখত প’জ নিদিলে৷ জিম কৰিবলৈ যাওতে ৰ’জে প্ৰতিদিনে হটপেণ্টৰ সৈতে স্পৰ্টছ ব্ৰা পিন্ধে৷ শ্বপিং কৰিবলৈ গ’লেও মিনিস্কাৰ্টেই পিন্ধি যায়৷ মুম্বাইত ধাৰাষাৰ বৰষুণ হ’লেও ৰ’জে লংপেণ্ট নিপিন্ধে৷ সদায় শ্বৰ্টছ পৰিধান কৰাতহে ৰ’জ ছৰ্দানা অভ্যস্ত৷ কিয় ৰ’জে কেৱল শ্বৰ্টছ পিন্ধে সেয়া জানিবলৈ অনুৰাগীৰ উৎকণ্ঠাৰ সীমা নাই৷ আজি জিমৰ পৰা ওলোৱাৰ সময়ত মিনিস্কাৰ্ট পৰিহিত ৰ’জ ছৰ্দানাক সদায় শৰীৰ প্ৰদৰ্শনৰ কাৰণ এজন পুৰুষে সুধিয়েই পেলালে৷ অৱশ্যে তেতিয়া ভালকৈয়ে উত্তৰ দিলে ৰ’জে৷
দীৰ্ঘকাল মুম্বাইত মডেলিং কৰি থাকিলেও ৰ’জ ছৰ্দানাই অভিনয় কৰিবলৈ সুযোগ পোৱা নাই৷ দুখনমান চিনেমাত অভিনয় কৰি ৰ’জ বিফল হৈছে৷ সেয়ে মুম্বাইত তিষ্ঠি থাকিবলৈ জিমধন্য শৰীৰ প্ৰদৰ্শনৰ বাদে ৰ’জৰ বিকল্প নাই৷ গতিকে ৰ’জে শ্বৰ্টছ পিন্ধাৰ অভ্যাস কৰি লোৱা বুলি সকলোৱে ধাৰণা কৰে৷ কিন্তু ৰ’জ ছৰ্দানাৰ মতে তেনে কোনো কাৰণ নাই৷ কিন্তু ৰ’জ ছৰ্দানাই কোৱামতে তেওঁ এলাৰ্জীৰ বাবে দীঘল কাপোৰ পিন্ধিব নোৱাৰে৷ কেতিয়াবা দীঘল কাপোৰ পিন্ধাৰ চেষ্টা কৰিলেও ৰ’জ ছৰ্দানাৰ সৰ্বশৰীৰতে খজুৱতি আৰম্ভ হয়৷ অসহ্যকৰ খজুৱতিৰ বাবে লংপেণ্ট পিন্ধাৰ অভ্যাস এৰি দিলে মডেল ৰ’জ ছৰ্দানাই৷
এলাৰ্জীৰ বাবে ৱাৰড্ৰ’বত থকা আটাইবোৰ দীঘল কাপোৰ পেলাই দিয়া বুলি ৰ’জে অভিহিত কৰিছে৷ তেওঁৰ আলমিৰাত বৰ্তমান আছে কেৱল কেইটামান মিনিস্কাৰ্ট৷ সেইকেইটাকে সলনাসলনিকৈ পিন্ধি থাকে বুলি সুন্দৰী মডেলগৰাকীয়ে ব্যক্ত কৰিছে৷ অৱশ্যে আকৌ দীঘল কাপোৰ পিন্ধিবলৈ ৰ’জ ছৰ্দানাৰ আগ্ৰহ আছে৷ তথাপি এলাৰ্জীৰ বাবে কিছুদিনলৈ মিনিস্কাৰ্ট অথবা হটপেণ্ট পিন্ধিব ৰ’জে৷ তেওঁৰ যুক্ত মানিবলৈ টান পাইছে অনুৰাগীয়ে৷ দৃষ্টি আকৰ্ষণৰ বাবেহে ৰ’জ ছৰ্দানাই শ্বৰ্টছ পিন্ধে বুলি সকলোৱে ধাৰণা কৰিছে৷
বিগতকালত ৰ’জ ছৰ্দানা আছিল ছলমান খানৰ ঘনিষ্ঠ৷ সন্ধ্যা ৰ’জৰ গাড়ী ভাইজানৰ আন্ধেৰীস্থিত ফাৰ্ম হাউছত সোমাইছিল৷ ভাইজানৰ সৈতে আড্ডা মাৰি ভাল পাইছিল ৰ’জে৷ ছলমান খানৰ প্ৰভাৱতে দুখন চিনেমাত অভিনয় কৰাৰো সুযোগ তেওঁ লাভ কৰিছিল৷ কিন্তু অভিনয় প্ৰতিভা ৰ’জৰ একেবাৰে নাই৷ শৰীৰ প্ৰদৰ্শন কৰি মডেলিং কৰাৰ বাবে অভিনয়ৰ একোডাল ৰ’জে নাজানে৷ সেয়ে ছলমান খানে ৰ’জক সুযোগ দিয়াৰ চেষ্টা নকৰিলে৷ ছলমান খানে অৱহেলা কৰাৰ পিছত উপায়ো নোহোৱা হ’ল ৰ’জ ছৰ্দানাৰ৷
তেওঁ অৱশ্যে তথাপি হাৰি যোৱা নাই৷ শ্ব’বিজৰ পৃথিৱীত তিষ্ঠি থাকিবলৈ ৰ’জ ছৰ্দানাই নকৰা কাম একো নাই৷ ৰ’জে ছ’চিয়েল মিডিয়াত শৰীৰ প্ৰদৰ্শনৰ বাবে চেনেল খুলি লৈছে৷ মাহিলী ২০০ টকীয়া ছাবস্ক্ৰাইবাৰ ফীজ দি ৰ’জৰ নগ্ন শৰীৰ চাবলৈ কেবাহাজাৰ লোক চেনেলটোত সোমাইছে৷ সেইদৰে ৰ’জ ছৰ্দানাৰ নিজা মোবাইল এপো আছে৷ তাতো ৰ’জে প্ৰায়ে দেখুৱাই থাকে নগ্ন শৰীৰ৷ ইমানৰ পিছতো আকৌ ভালদিন আহিব বুলি ৰ’জ আশাবাদী৷ পুনৰ চিনেমাত কাম কৰিবলৈ পোৱাৰ আশাত ৰ’জ মগ্ন৷



