আপোনাৰ এই সৰু অভ্যাসটোৱেই স্বাস্থ্যৰ বাবে সমস্যাৰ সৃষ্টি কৰিব পাৰে

গৰম গৰম ছিঙৰা, পকৰি, কাটলেট বা চপ। ৰাস্তাৰ কাষৰ দোকানত কিনিলে বহু সময়ত প্লেটৰ সলনি হাতত আহে বাতৰি কাকতত মেৰিয়াই।

দেখাত সাধাৰণ কথা যেন লাগিলেও, এই সৰু অভ্যাসটোৱেই স্বাস্থ্যৰ বাবে সমস্যাৰ সৃষ্টি কৰিব পাৰে।

বাতৰি কাকত মূলতঃ খবৰ ছপোৱাৰ বাবে তৈয়াৰ কৰা হয়, খাদ্য মেৰিয়াবলৈ নহয়। সেয়ে ইয়াক খাদ্যৰ পেকেজিং হিচাপে ব্যৱহাৰ কৰাটো উপযুক্ত বুলি ধৰা নহয়।

বিশেষকৈ গৰম আৰু তেলীয়া খাদ্য কাগজৰ সংস্পৰ্শলৈ আহিলে কাগজৰ পৰা কিছুমান ৰাসায়নিক উপাদান খাদ্যলৈ স্থানান্তৰিত হোৱাৰ সম্ভাৱনা থাকিব পাৰে।

বাতৰি কাকতত ছপা কৰিবলৈ ব্যৱহাৰ কৰা চিয়াঁহীত বিভিন্ন ৰাসায়নিক উপাদান থাকে। খাদ্য গৰম আৰু তেলীয়া হ’লে এই উপাদানসমূহ খাদ্যলৈ যোৱাৰ সম্ভাৱনা বৃদ্ধি পাব পাৰে।

অৰ্থাৎ, আপুনি হয়তো তেল শুহাবলৈ বাতৰি কাকতখন ব্যৱহাৰ কৰিছে, কিন্তু সেই তেলেই কাগজৰ পৰা কিছুমান উপাদান শুহি লোৱাৰ সম্ভাৱনাও থাকে।

এখন বাতৰি কাকত ছপা হোৱাৰ পাছত বহু ঠাই ঘূৰি দোকানলৈ আহে। সংৰক্ষণৰ সময়ত ধূলি, মলি আৰু বিভিন্ন দূষকৰ সংস্পৰ্শলৈ আহিব পাৰে।

সেয়ে সেই কাগজত পোনপটীয়াকৈ গৰম খাদ্য ৰাখিলে খাদ্য দূষিত হোৱাৰ সম্ভাৱনাও থাকিব পাৰে।

দোকানত গৰম জলপান কিনোঁতে বাতৰি কাকতৰ সলনি ফুড-গ্ৰেড পেপাৰ বা খাদ্যৰ বাবে উপযুক্ত পেকেজিং ব্যৱহাৰ কৰিবলৈ ক’ব পাৰে।

ঘৰতো তেলীয়া খাদ্য বাতৰি কাকতত মেৰিয়াই ৰখাৰ পৰিৱৰ্তে খাদ্য-উপযোগী পাত্ৰ বা পেকেজিং ব্যৱহাৰ কৰক।

কাৰণ, কেইমিনিটমানৰ সোৱাদৰ বাবে স্বাস্থ্যৰ ক্ষেত্ৰত অযথা ৰিস্ক লোৱাৰ প্ৰয়োজন নাই।