নামটো মেধাৱী যদিও পঢ়াত ইমান চোকা নহয়
কিন্তু পঢ়াত মেধাৱী নহ’লেও মেধাৱী বিধুৰী ক্ৰিকেট ফিল্ডত ধুমুহাৰ দৰে৷ মেধাৱী বিধুৰীয়ে টীম ইণ্ডিয়াত প্ৰৱেশ কৰাৰ সুযোগ পোৱা নাই৷ ভৱিষ্যতে জাতীয় দলৰ হৈ যদি মেধাৱীয়ে খেলে তেন্তে স্মৃতি মন্ধনাক কোনেও গুৰুত্বই নিদিয়া হ’ব৷ মেধাৱীয়ে লাভ কৰিব টীম ইণ্ডিয়াৰ সবাতোকৈ সুন্দৰী ক্ৰিকেটাৰৰ খিতাপ৷ জাতীয় দলৰ হৈ খেলিবলৈ পোৱাৰ আগতেই মেধাৱী হৈ পৰিছে নেশ্যনেল ক্ৰাছ৷ কেৱল সৌন্দৰ্যৰ জোৰতে নহয়, ক্ৰিকেটৰ প্ৰতিভাৰে মেধাৱী বিধুৰীয়ে খলকনি তুলিছে৷ মেধাৱীৰ প্ৰতি নজৰ ৰাখিছে BCCIয়ে৷ কেইদিনমানৰ পিছতে সুন্দৰী ক্ৰিকেটাৰ মেধাৱী বিধুৰীৰ টীম ইণ্ডিয়াত প্ৰৱেশো প্ৰায় নিশ্চিত৷
দিল্লীৱালী মেধাৱী মাত্ৰ ২০ বছৰীয়া৷ তেওঁ দিল্লী ৱ’মেনছ প্ৰিমিয়াৰ লীগত খেলিছিল৷ মেধাৱী বিধুৰী হৈছে ৰাইট আৰ্ম লেগ স্পিনাৰ৷ লগতে সোঁহাতেৰে বেট ধৰি ফ’ৰ-ছিক্সো কোবাব পাৰে মেধাৱী বিধুৰীয়ে৷ অলৰাউণ্ডাৰ হিচাপে মেধাৱী দিল্লীত জনপ্ৰিয়৷ পপিং ক্ৰীজত যেতিয়া মেধাৱীয়ে বল ডেলিভাৰীৰ বাবে ৰান-আপ আৰম্ভ কৰে তেতিয়া গেলাৰীত কোনো স্থিৰেৰে থাকিব নোৱাৰে৷ দীঘল চুলিটাৰী ৰান-আপৰ সময়ত খুলি লয় মেধাৱীয়ে৷ দিল্লী ৱ’মেনছ প্ৰিমিয়াৰ লীগত চেণ্ট্ৰেল দিল্লী কুইনছৰ হৈ খেলিছে মেধাৱীয়ে৷
টুৰ্নামেণ্টৰ প্ৰতিখন মেচতে উইকেট দখল কৰাত মেধাৱী সফল হৈছে৷ অলৰাউণ্ড দক্ষতা প্ৰদৰ্শন কৰি মেধাৱীয়ে ৰানো কৰিছে৷ সেয়ে এনিশাতে মেধাৱী ভাইৰেল ছেন্সেশ্যন হৈ পৰিছে৷ মাত্ৰ ২০ বছৰ বয়সতে মেধাৱীয়ে দুবাহুৰ শক্তি দেখুৱাই হতচকিত কৰিছে দৰ্শকক৷ দেখাত তেনেই কুমলীয়া হ’লেও মেধাৱীৰ বাহুত আছে পুৰুষৰ সমান শক্তি৷ পেচাৰৰ দ্ৰুত ডেলিভাৰীকো মেধাৱীয়ে বাউণ্ডেৰীৰ বাহিৰলৈ কোবাব পাৰে৷ সেয়ে মেধাৱীয়ে বেটিং কৰিলেই ষ্টেডিয়াম উত্তাল হৈ পৰে৷ তাৰোপৰি মেধাৱী হৈছে অপ্সৰাৰ দৰে ৰূপৱতী৷ অনন্য সৌন্দৰ্যশালী মেধাৱীয়ে এদল খেলুৱৈৰ মাজতো নিজৰ উপস্থিতি সজোৰে ঘোষণা কৰে৷
সংখ্যাতত্ত্বত বিশ্বাস কৰা মেধাৱীয়ে পূৰ্বে ১২ নম্বৰ জাৰ্চী পৰিধান কৰিছিল৷ সৌভাগ্য অৰ্জনৰ বাবে এইবাৰ তেওঁ পিন্ধিছে ৬৭ নম্বৰৰ জাৰ্চী৷ নম্বৰ সলনি কৰাৰ পিছত মেধাৱীৰ ভাগ্যও পৰিৱৰ্তন হৈছে৷ যদি একো গণ্ডগোল নহয় তেন্তে মেধাৱীয়ে সমাগত WPL খেলিবলৈ সুযোগ লাভ কৰিব৷ ক্ৰিকেটৰ বাবে শিক্ষা জীৱন আধৰুৱা কৰা মেধাৱীয়ে পৰীক্ষাত অৱশ্যে ভাল নম্বৰ পোৱা নাছিল৷ অংকত খুবেই গেধা আছিল মেধাৱী৷ কিন্তু ক্ৰিকেট ফিল্ডত ৰানৰ অংক কৰাত মেধাৱী বিধুৰীয়ে কোনোদিনে ভুল নকৰে৷
মধ্যবিত্ত পৰিয়ালৰ জীয়ৰী মেধাৱী নতুন নেশ্যনেল ক্ৰাছ বুলি ক্ৰিকেটপ্ৰেমীয়ে ঘোষণাই কৰি দিছে৷ তেওঁলোকে নেশ্যনেল ক্ৰাছৰ আসনৰ পৰা অৱনমিত কৰিছে সুন্দৰী স্মৃতি মন্ধনাক৷ আগতে স্মৃতিয়ে হেলমেট পিন্ধি বেটিং কৰিলে ক্ৰিকেটপ্ৰেমীয়ে আঘাত পাইছিল৷ বেট ধৰি থাকোতে দৰ্শকে চাব বিচাৰিছিল স্মৃতিৰ পূৰ্ণিমাৰ জোনবাইযেন মুখখন৷ কিন্তু অনাগত সময়ত স্মৃতিয়ে সিমান গুৰুত্ব নাপাব৷ তেওঁৰ ৰাজত্বক প্ৰত্যাহ্বান জনাবলৈ আহি আছে মেধাৱী৷ খোলা চুলিৰে মেধাৱীয়ে ষ্টেডিয়ামত বলাব ধুমুহা৷



