অসমতো আছে জম্বি

এইদৰেই চলি আছে অসম
নিজকে জেন জি বুলি কোৱা এচাম প্ৰেমাস্পদে উদ্ভণ্ডালি কৰিছে৷ মাই লাইফ মাই ৰুলছ বুলি গৌৰৱ কৰা প্ৰেমাস্পদে মুকলিতে কৰিছে কামলীলা৷ তেওঁলোকে পেলোৱা কনড’ম বুটলি ফুৰিবলগীয়া হৈছে স্থানীয় লোকে৷ লাজ-মান নোহোৱা অসভ্য শিক্ষাৰ্থীয়ে অসমৰে এটা এলেকাত সদায় কৰিছে কামলীলা৷ কোনোবাই চাই থাকিলেও তেওঁলোকে কামলীলা কৰাত লজ্জাবোধ নকৰে৷ এই দৃশ্যটো চাওক, মটৰ চাইকেল ষ্টেণ্ড কৰিয়েই কামলীলাত লিপ্ত হৈছে প্ৰেমাস্পদ৷ কেমেৰাকো গুৰুত্বই দিয়া নাই অসমৰ জেন জি শিক্ষাৰ্থীয়ে৷
ঘটনাটো হৈছে তিনিচুকীয়াৰ৷ জিলাখনৰ ৰাস্তাতে কামলীলাত মত্ত হৈ পৰা এই প্ৰেমাস্পদ যে কলেজীয়া ছাত্ৰ দেখিলেই ধৰিব পাৰি৷ কিন্তু তেওঁলোকৰ মনত মুকলি যৌনাচাৰৰ বাবে কোনো সংকোচ নাই৷ এই বয়সতে তেওঁলোকে সমাজক উলাই কৰি কামলীলা কৰিবলৈ শিকিছে৷ স্থানীয় লোকৰ অভিযোগ অনুসৰি সেই বিশেষ পথটোত প্ৰতিদিনে কলেজীয়া শিক্ষাৰ্থীয়ে কামলীলা কৰে৷ তাতে পেলাই ব্যৱহৃত কনড’ম৷
সেই পথটোৰে যোৱাৰ সময়ত বয়স্ক লোকসকলে চকু বন্ধ কৰিবলগীয়া হয়৷ নিজৰ সন্মান ৰক্ষা কৰিবলৈ চকু জপাই যায় তিনিচুকীয়াৰ বয়োজ্যেষ্ঠ লোকে৷ বিশেষ পথটোত কামলীলা কৰিবলৈ দূৰৰ পৰাও যায় প্ৰেমাস্পদ৷ তাত যে কোনেও কাকো আমনি নকৰে সেয়া সকলোৱে জানে৷ গতিকে শৰীৰৰ খেল খেলিবলৈ সুৰক্ষিত পথলৈ যায় প্ৰেমাস্পদ৷ তেওঁলোকক তাৰ পৰা খেদিবলৈ কেতিয়াও আৰক্ষীয়ে পেট্ৰ’লিং নকৰে৷
ইমান সুৰক্ষাৰ বাবে সেই পথটো ক্ৰমাৎ ৰেডলাইট এৰিয়াত পৰিণত হৈছে৷ তাত কামলীলা কৰিবলৈ যোৱা প্ৰেমাস্পদে দূষিত কৰিছে পৰিৱেশ৷ কিছুদিন পূৰ্বে সেই এলেকাত চাফাই অভিযান চলোৱা হৈছিল৷ তেতিয়া বেছিকৈ উদ্ধাৰ হ’ল কনড’ম৷ শাৰিৰীক সম্পৰ্ক স্থাপন কৰি প্ৰেমাস্পদে পেলাই দিয়া কনড’ম এবস্তা বুটলি চাফা কৰিছিল যুৱকৰ দলে৷ কিন্তু আকৌ সেই এলেকাটোৰ পৰিস্থিতি একেই হৈ পৰিল৷
তাত যে কেৱল কামলীলাৰ বাবেই প্ৰেমাস্পদ উপস্থিত হয় তেনেকুৱাই নহয়৷ নিচা খোৱাৰ বাবেও সেই পথটো সুৰক্ষিত৷ তাত মদাহীয়ে দিনটোৰ বেছিভাগ সময় মদ্যপান কৰি থাকে৷ ড্ৰাগছ লোৱা যুৱকৰ বাবে সেই এলেকাটো নিৰাপদ৷ মুঠতে সেই এলেকাটোৰ পৰিৱেশ ক্ৰমাৎ বিধ্বস্ত হৈ পৰিছে৷ আমেৰিকাৰ জম্বিৰ দৰে সেই স্থানত ৰৈ থকা হৈছে নিচাত মাতাল যুৱক৷ কাষতে কোনোবাই মুকলিতে কৰি থাকে কামলীলা৷