জুইৰ পৰা মোজ্জাম্মিলে উদ্ধাৰ কৰিলে জৈন মহিলাক

স্মিত মাচ্চাৰে কি কৰিলে সেয়া বিশ্বই জানিলে৷ পিছে নলবাৰীৰ মোজ্জামিল হকে যি কৰিলে সেয়া কোনেও গমেই পোৱা নাই৷ মানৱধৰ্ম পালন কৰি মোজাম্মিলে জাঁপ দিলে জুইত৷ অনন্য সাহসিকতাৰে মোজ্জাম্মিলে জুইৰ মাজৰ পৰা উলিয়াই আনিলে এগৰাকী বৃদ্ধ মহিলাক৷ সম্প্ৰীতিৰ নিদৰ্শন নতুবা যি বুলিয়েই কওক, এই মুহূৰ্তত মোজ্জাম্মিল হৈ পৰিল প্ৰকৃত নায়ক৷ নলবাৰীৰ পদম জৈনৰ ঘৰত সংঘটিত অগ্নিকাণ্ডৰ সময়ত মোজ্জাম্মিল থকা বাবে সৰ্বনাশ নহ’ল৷ জৈনধৰ্মী পৰিয়ালৰ বৃদ্ধাক মোজ্জাম্মিলে দেৱতাৰ দৰে ৰক্ষা কৰিলে৷
ঘটনাটো নলবাৰীৰ৷ জিলাখনৰ পদম জৈন নামৰ লোকজনৰ ঘৰত সংঘটিত হৈছিল অগ্নিকাণ্ড৷ শ্বৰ্ট চাৰ্কিটৰ ফলত জুই লগাৰ ফলত নিমিষতে ঘৰখন অগ্নিপিণ্ডত পৰিণত হৈছিল৷ পৰিয়ালৰ আন সদস্যসকল তেতিয়া ঘৰৰ পৰা ওলাল৷ কিন্তু পদম জৈনৰ পত্নী সেই অগ্নিপিণ্ডতে আবদ্ধ হৈ পৰিল৷ তেওঁ প্ৰাণটাকি চিঞৰি নিশ্চিত মৃত্যুৰ বাবে অপেক্ষা কৰিলে৷ জুইৰ মাজৰ পৰা ওলাই আহিব নোৱাৰা হ’ল মহিলাগৰাকী৷
সেই আৰ্তনাদ কাণত পৰিল মোজ্জাম্মিলৰ৷ পদম জৈনৰ পৰিয়ালৰ সৈতে মোজ্জাম্মিলৰ কোনো ঘনিষ্ঠতা নাই৷ কিন্তু তেওঁ প্ৰাণৰ বাবে জৈনধৰ্মী মহিলাগৰাকীয়ে কৰা আৰ্তনাদ শুনি ধৈৰ্য ধৰিব নোৱাৰিলে৷ তেওঁ জীয়া জুইত জাঁপ মাৰি দিলে৷ কোন মুছলমান অথবা কোন জৈন সেইবোৰ ভাবিবলৈ মোজাম্মিলৰ অকণো সময় নাছিল৷ মানৱধৰ্মৰ বাৰ্তাবাহক হৈ পদম জৈনৰ ঘৰ ছাৰখাৰ কৰি পেলোৱা জুইৰ মাজত সোমাই পৰিল মোজ্জাম্মিল৷ সাহসিকতাৰ নিদৰ্শনেৰে মোজ্জাম্মিলে ফৰিস্তাৰ দৰে ৰক্ষা কৰিলে এগৰাকী মহিলাক৷
নলবাৰীৰ মহিলাগৰাকীয়ে সেই সময়ত প্ৰাণৰ আশা এৰি পেলাইছিল৷ তেওঁ যে জীয়াই থাকিব সেয়া ভবাই নাছিল পদম জৈনৰ পত্নীয়ে৷ কিন্তু তেওঁৰ বাবে মোজ্জাম্মিল হৈ পৰিল ঈশ্বৰ৷ ইছলামধৰ্মী যুৱকজনেও ধৰ্মৰ কথা ভাবিবলৈ আহৰি পোৱা নাছিল৷ জুইৰ মাজৰ পৰা ভাহি অহা আৰ্তনাদৰ বাবে তেওঁ নিজৰ বিপদৰ কথাও নাভাবিলে৷ ধৰ্মীয় বিষবাষ্পই দেশ ছানি ধৰাৰ সময়ত নলবাৰীৰ মোজ্জাম্মিল নামৰ অখ্যাত যুৱকজনে ধাৰণ কৰিলে ভগৱানৰ ৰূপ৷ তেওঁৰ কোলাত জুইৰ পৰা ওলাই আহিল পদম জৈনৰ পত্নী৷
যেনেদৰে জেহাদী সতীৰ্থক প্ৰতিহত কৰি স্মিত মাচ্চাৰে ১৮০ জন লোকক ৰক্ষা কৰিলে সেইদৰে মোজ্জাম্মিলেও দেখুৱালে মানৱতাৰ নিদৰ্শন৷ নলবাৰীত সংঘটিত এই ঘটনাৰ বিষয়ে অসমৰে বেছিভাগ লোকে গমেই নাপালে৷ মোজ্জাম্মিল নামৰ এজন যুৱকে যে জৈনধৰ্মী মহিলাক জুইৰ পৰা উলিয়াই আনিলে সেইটো প্ৰচাৰিত নহ’ল৷ বিদেশত হোৱা ঘটনাৰ নায়ক স্মিচ মাচ্চাৰক আমি প্ৰশংসা কৰিলোঁ ঠিকেই, কিন্তু নায়ক মোজ্জাম্মিলৰ খবৰ তল পৰিল৷ মোজ্জাম্মিল হক সেই জৈন পৰিয়ালটোৰ বাবে হৈ পৰিল ফৰিস্তা৷