তিনিচুকীয়াতো বেশ্যাৰ হোম ডেলিভাৰী

লাহে লাহে সমগ্ৰ অসমখনেই যেন ৰেডলাইট এৰিয়া হৈ পৰিছে
উজনি-নামনি একো বাকী নাই৷ অসমৰ সকলো জিলাতে আপুনি বেশ্যালয়ৰে খবৰ পাব৷ সোণাগাচিৰ দৰে চিনাকী ৰেডলাইট এৰিয়া অসমত নাথাকিব পাৰে, তথাপি সকলোতে অস্বীকৃত বেশ্যালয় আছেই৷ গণিকাৰ দালালে গ্ৰাহক যোগাৰ কৰাত ব্যস্ত হৈয়েই থাকে৷ তিনিচুকীয়াৰ দৰে সম্ভ্ৰান্ত জিলাতো এইবাৰ গণিকালয় উৎখাত কৰা হৈছে৷ খিলঞ্জীয়া প্ৰধান হিজুগুৰিত শৰীৰ বিক্ৰী কৰা অসমীয়া যুৱতীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলগীয়া হৈছে৷ গতিকে এবাৰ ভাবি চাওক অসমৰ গ্ৰামাঞ্চলৰ পৰিস্থিতি কেনেকুৱা ধৰণৰ হৈ পৰিছে৷
তিনিচুকীয়া হিজুগুৰিৰ এখন বিশেষ গাঁৱত দেহ ব্যৱসায় চলি থকাৰ অভিযোগ দীৰ্ঘদিনীয়া৷ স্থানীয় ৰাইজৰ মতে বাঁহবাৰী গাঁৱৰ সেই ঘৰখনত প্ৰায়ে কমেও ১০ গৰাকী যুৱতীয়ে প্ৰতিদিনে প্ৰৱেশ কৰে৷ তেওঁলোকক লগ ধৰিবলৈ সেই ঘৰখনত সোমাই অচিনাকী যুৱক৷ বাইক দৌৰাই চহৰৰ যুৱকে বাঁহবাৰীৰ সেই ঘৰখনত প্ৰৱেশ কৰে৷ তেনেদৰে ছমাহৰ পৰা দেহ ব্যৱসায় চলাই আছিল এটা স্থানীয় দালালে৷ কিন্তু সন্দেহ জন্মিলেও একো কৰিব পৰা নাছিল অঞ্চলবাসীয়ে৷ তেওঁলোকে নীৰৱ দৰ্শক হৈ বেশ্যালয়খন চাই থাকিবলগীয়া হৈছিল৷ কিন্তু আজি অতিষ্ঠ হৈ স্থানীয় লোকে আৰক্ষীক অভিযান চলাবলৈ খবৰ দিলে৷
সেইমতে হিজুগুৰি পুলিচে আচম্বিতে তালাচী চলাই কুখ্যাত বেশ্যালয়খনৰ পৰা চাৰিগৰাকী যুৱতীক গ্ৰেপ্তাৰ কৰিলে৷ তেওঁলোক অৱশ্যে সেইসময়ত বাঁহবাৰীৰ বেশ্যালয়ত অকলে নাছিল৷ চাৰিগৰাকী যুৱতীৰ সৈতে সংগমত লিপ্ত হৈ আছিল গ্ৰাহক৷ সেই কাষ্টমাৰ চাৰিজনো আৰক্ষীৰ জালত পৰিছে৷ কিন্তু উদ্বেগদনক কথাটো হৈছে এই চাৰিওগৰাকী যুৱতী হৈছে খাটী অসমীয়া৷ তেওঁলোক সেই হিজুগুৰি এলেকাৰে যুৱতী৷ ইজিমানীৰ লোভত অসমীয়া যুৱতীয়ে দেহ ব্যৱসায় কৰিবলৈ ধৰিছিল৷ হিজুগুৰিৰ দৰিদ্ৰ পৰিয়ালৰ যুৱতীক বেশ্যাবৃত্তিত জড়িত কৰাইছিল দালালে৷ সেই ঘৰখনত শৰীৰ বিক্ৰী কৰি পইচা ঘটিছিল অসমীয়া বেশ্যাই৷
আন এক অভিযোগ অনুসৰি এখন বেশ্যালয় উৎখাত হ’লেও হিজুগুৰিত গণিকাৰ অভাৱ হোৱা নাই৷ বাঁহবাৰীত থকা গণিকালয়খন ৰাইজৰ অভিযোগৰ ভিত্তিত বন্ধ কৰা হৈছে৷ কিন্তু হিজুগুৰিত এতিয়াও গ্ৰাহকে বিচাৰিলেই বেশ্যাৰ হোম ডেলিভাৰী হয়৷ গ্ৰাহকে যদি ঘৰলৈয়ো মাতি পঠিয়াই তেন্তে শীঘ্ৰে হাজিৰ হোৱাৰ বাবে বেশ্যা সাজু হৈয়েই থাকে৷ চিন্তনীয় কথাটো হৈছে এই বেশ্যাসকল অসমীয়া৷ কেবাটাও সম্ভ্ৰান্ত খিলঞ্জীয়া পৰিয়ালৰ বোৱাৰীও বেশ্যাবৃত্তিত জড়িত হৈছে৷ অচিন গ্ৰাহকৰ সন্মুখত নিৰ্বস্ত্ৰ হৈ পইচা উপাৰ্জন কৰিব পৰা সহজ বেপাৰ কৰিবলৈ অসমীয়া মহিলাই লাজ কৰা নাই৷ নিসংকোচে খুলি দিছে কাপোৰ৷
শেহতীয়াকৈ তিনিচুকীয়াৰে এগৰাকী মহিলাৰ কামলীলাৰ ভিডিঅ’ এটা বিদেশী পৰ্ন ৱেবছাইটত প্ৰচাৰিত হৈছিল৷ সেই ভিডিঅ’টো শ্বুট কৰা হৈছিল এই বাঁহবাৰীতে৷ স্থানীয় ৰাইজে প্ৰকাশ কৰা অনুসৰি সেই মহিলাগৰাকী ধোৱা তুলসীৰ পাত নাছিল৷ মহিলাগৰাকীয়ে হিজুগুৰিত বহুদিনজুৰি দেহ ব্যৱসায় কৰি আছিল৷ তেওঁৰে এজন গ্ৰাহকে গোপনে শাৰিৰীক মিলনৰ ভিডিঅ’ শ্বুট কৰি বিদেশী ৱেবছাইটত প’ষ্ট কৰিলে৷ বিবাহিতা মহিলাগৰাকীয়ে গোপনে ধন উপাৰ্জন কৰিবলৈ দেহ ব্যৱসায় কৰি আছিল৷ কিন্তু সকলো ফাদিল হোৱাৰ পিছত তেওঁৰ ডিভ’ৰ্চ হ’ল৷ স্বামীয়ে ঘৰৰ পৰা খেদি দিলে বেশ্যা পত্নীক৷