ভিডিঅ’টোৰ কথাখিনি আমি আপোনালোকক শুনাব নোৱাৰোঁ
কিন্তু যুৱতীগৰাকীৰ খং উঠাৰ কাৰণ আছে৷ তেওঁ সেই যুৱকজনক খুবেই ভাল পাইছিল৷ মনে মনে সেই যুৱকজনৰ সৈতে বিয়া হ’ম বুলি যুৱতীগৰাকীয়ে সিদ্ধান্তও লৈছিল৷ চিৰজীৱনৰ সংগী হিচাপে তেওঁ বিশেষ যুৱকজনক মৰ্যাদা দি খুলি ক’বলৈ ধৰিছিল মনৰ কথাবোৰ৷ কিন্তু তেতিয়াই হোৱাটছএপত দেখিলে এটা বিশেষ চেটিং৷ তেওঁ স্বামীৰ মৰ্যাদা দিয়া যুৱকে যে তলে তলে লিলিমাই কৰি আছে সেয়া তেতিয়াহে জানিলে কুমলীয়া ছোৱালীজনীয়ে৷ ইমান প্ৰতাৰণা সহ্য কৰিব নোৱাৰি তেওঁ থাকিব নোৱাৰা হ’ল৷ প্ৰেমিকক কাণতলীয়া চৰ শোধায়ো তেওঁ শান্ত নহ’ল৷ চোঁচৰাই নি গড্ডাৰ প্ৰেমিকক দিলে ৰামপিটন৷
আচলতে সেই যুৱকজনৰ সৈতে ছোৱালীজনীৰ দীৰ্ঘদিনে আছিল সম্পৰ্ক৷ তেওঁলোক বিয়াৰ বাবে প্ৰস্তুত হৈছিল৷ ঘৰতো বিয়াৰ কথা চলিছিল যেতিয়া একো চিন্তা কৰা নাছিল যুৱতীগৰাকীয়ে৷ তেওঁ প্ৰেমিকক সৰ্বস্ব যাচি দিছিল৷ প্ৰেমিকৰ সৈতে শাৰিৰীক সম্পৰ্কও কৰিছিল যুৱতীগৰাকীয়ে৷ কিন্তু প্ৰেমিক যে ইমান গড্ডাৰ ওলাব সেইটো তেওঁৰ কল্পনাৰো অগোচৰ আছিল৷ সেয়ে শাৰিৰীক সম্পৰ্কৰ পিছতো গড্ডাৰি কৰাৰ বাবেহে যুৱতীগৰাকী খৰ্গহস্ত হৈ পৰিল৷ তেওঁ বিছনাৰ পৰা চোঁচৰাই কাণতলীয়া চৰ শোধালে প্ৰেমিকক৷
এইটো ঘটনা অসমতে হৈছে৷ খঙত ৰুদ্ৰমূৰ্তি ধাৰণ কৰা প্ৰেমিকাৰ মতে তেওঁক গড্ডাৰ বয়ফ্ৰেণ্ডে কৰিছে বেইমানী৷ তেওঁৰ সৈতে ৰিলেশ্যনশ্বিপত থকা সময়তে প্ৰেমিকে আন এগৰাকী যুৱতীৰ সৈতেও চেটিং কৰিছিল৷ কেৱল চেটিং কৰাতে তেওঁৰ প্ৰেমিক ক্ষান্ত নাথাকিল৷ যুৱতীগৰাকীৰ গড্ডাৰ বয়ফ্ৰেণ্ডে সেই গৰাকী যুৱতীৰ সৈতেও শাৰিৰীক সম্পৰ্ক কৰিলে৷ বিশেষকৈ সেইটো কথাই কুমলীয়া প্ৰেমিকাৰ মনত দিলে আঘাত৷ গতিকে তেওঁ ভয় নকৰাকৈ অকলে গৈয়েই প্ৰেমিকক কাণতলীয়া চৰ শোধাই প্ৰতিশোধ ল’লে৷
অৱশ্যে কেনেকৈ প্ৰেমিকৰ অবৈধ সম্পৰ্কৰ খবৰ পাইছিল সেইটোও ক’লে যুৱতীগৰাকীয়ে৷ হোৱাটছএপৰ চেটিঙ চাই তেওঁ প্ৰেমিকৰ সৈতে এগৰাকী যুৱতীয়ে কৰা অবৈধ সম্পৰ্কৰ উমান পাইছিল৷ প্ৰথমে এই গৰাকী যুৱতীৰ মনত সন্দেহহে জন্মিছিল৷ কিন্তু পিছলৈ তেওঁ সকলো তথ্য লাভ কৰিলে৷ প্ৰেমিকে যে আনৰ সৈতে দৈহিক সম্পৰ্কও কৰিছে তাৰ ভিডিঅ’ তেওঁ লাভ কৰিলে৷ গতিকে ৰৈ নাথাকি তেওঁ প্ৰেমিকক চৰ শোধালে৷ তথাপি প্ৰেমিকেও সঁচা কথাটো কৈ দিয়াৰ সলনি আকৌ মিছাহে মাতিলে৷
সেইবাবে খঙত অগ্নিশৰ্মা হৈ পৰিল যুৱতীগৰাকী৷ প্ৰেমিকৰ আৰু কিমানৰ সৈতে শাৰিৰীক সম্পৰ্ক আছে সেয়াও তেওঁ জানিব বিচাৰিলে৷ প্ৰেমিকৰ মোবাইলো থপিয়াই ল’লে যুৱতীগৰাকীয়ে৷ অৱশ্যে কাজিয়াখনৰ ফলাফল এতিয়া অজ্ঞাত৷ সুন্দৰীৰ সৈতে যুৱকৰ কাজিয়াই অসমৰ ছ’চিয়েল মিডিয়াত তোলপাৰ লগাই আছে৷ প্ৰেমিকাৰ হাতৰ কাণতলীয়া চৰ খোৱাৰ ভয়ত ত্ৰস্তমান হৈ পৰিছে অবৈধ সম্পৰ্ক কৰা প্ৰেমিক৷



