RSS নেতাই দুখত কৰিলে প্ৰশ্ন

সামঞ্জস্য নথকাকৈ দেশৰ জনবিন্যাসৰ পৰিৱৰ্তন ঘটিছে৷ আকস্মিক বিচ্যুতিৰ ফলত সংখ্যালঘুৰ জনসংখ্যা বৃদ্ধি পাইছে৷ সেয়ে তাৎক্ষণিক ব্যৱস্থাৰ প্ৰয়োজন আছে বুলি দাবী কৰিছে আৰ এছ এছৰ ৰাষ্ট্ৰীয় প্ৰচাৰ প্ৰমুখ সুনীল আম্বেকাৰে৷ হিন্দুত্ববাদী সংগঠনৰ অন্যতম শীৰ্ষ নেতাজনে জনসংখ্যা নীতি আৰু বিবাহ আইন পৰ্যালোচনাৰ আহ্বান জনাইছে।
তেওঁ সাম্প্ৰদায়িকতাৰ উৰ্ধ্বলৈ গৈ এই বিষয়টো অনুধাৱন কৰাত গুৰুত্ব আৰোপ কৰে। আম্বেকাৰে উল্লেখ কৰে যে ১৯৪৭ চনত দেশ স্বাধীন হোৱাৰ পিছত আৰু সংবিধান ৰচনাৰ পৰৱৰ্তী পৰ্যায়ত যিবোৰ আইন প্ৰণয়ন কৰা হৈছিল সেইবোৰে জনসংখ্যাৰ ভাৰসাম্যহীনতা সৃষ্টিতহে বৃহৎ ভূমিকা পালন কৰিলে।
তেওঁৰ মতে স্বাধীনোত্তৰ বিবাহ আইনে কিছুমান নিৰ্দিষ্ট সম্প্ৰদায়ক বহুবিবাহৰ আইনী অনুমতি প্ৰদান কৰিলে৷ আনহাতে হিন্দুসকলৰ বাবে একাধিক বিবাহ শাস্তিযোগ্য অপৰাধ হিচাপে গণ্য কৰা হ’ল। এই বৈষম্যমূলক আইনী ব্যৱস্থাই বিভিন্ন সম্প্ৰদায়ৰ জনসংখ্যা বৃদ্ধিৰ হাৰত পাৰ্থক্যৰ সূচনা কৰিলে বুলি তেওঁ দাবী কৰে।
আইন সকলোৰে বাবে সমান হোৱা উচিত বুলি উল্লেখ কৰি আম্বেকাৰে কয় যে সংবিধানে যেতিয়া এটা গোটক ৰেহাই দিয়ে আৰু আন এটাক একেটা কামৰ বাবে শাস্তি দিয়ে, তেতিয়া সমাজে বিৰূপ জনগাঁথনিগত পৰিণাম ভোগ কৰিবলগীয়া হয়। জনসংখ্যাৰ এই বিষমতাৰ বাবে স্বাধীনতাৰ পিছৰ শিক্ষানীতিও জগৰীয়া বুলি সুনীল আম্বেকাৰে উল্লেখ কৰে।
কেৰালা আদিকে ধৰি দেশৰ বহু ৰাজ্যৰ উদাহৰণ দাঙি ধৰি তেওঁ কয় যে বিভিন্ন ঠাইত সংখ্যালঘু শিক্ষা প্ৰতিষ্ঠানৰ সংখ্যা অনিয়ন্ত্ৰিতভাৱে বৃদ্ধি পালে। ইয়াৰ জৰিয়তে সমাজৰ এটা বৃহৎ অংশক কট্টৰ মানসিকতাৰ প্ৰতি আকৰ্ষিত কৰা হ’ল৷
এই ব্যৱস্থাটো পৰৱৰ্তী সময়ত ধৰ্মান্তৰকৰণৰ অন্যতম মাধ্যম হৈ পৰিল৷ আৰ এছ এছ নেতাজনে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী আৰু নাগৰিকত্ব সংশোধনী আইন প্ৰৱৰ্তনৰ পোষকতা কৰিছে৷ অনুপ্ৰৱেশকাৰীক চিনাক্ত কৰিবলৈ আৰু প্ৰতিৱেশী দেশৰ নিৰ্যাতিত সংখ্যালঘুক আইনী সুৰক্ষা প্ৰদান কৰিবলৈ আইন দুখন জৰুৰী বুলি আম্বেকাৰে উল্লেখ কৰিছে৷