বৰ্ষাপাৰাৰ বাইশ গজৰ যুঁজ বলাৰৰ বাবে আছিল মৰণফান্দ৷ দুয়োটা দলে সংগ্ৰহ কৰা ৮ শতাধিক ৰাম ক্ৰিকেটৰ বাবেও ভাল নহয়৷ ৱেষ্ট ইণ্ডিজে গঢ়া ৪০৫ ৰানৰ বিশাল পাহাৰ অতিক্ৰম কৰি ভাৰতে এক অবিশ্বাস্য জয় সাব্যস্ত কৰিলে সঁচা, কিন্তু মেচৰ অন্তত উল্লাসৰ পৰিৱৰ্তে ভাৰতীয় শিবিৰত দেখা গ’ল ক্ষোভ৷ মেচত শুভমন গিলৰ দুৰ্দান্ত দ্বি-শতক আৰু ৰোহিত শৰ্মাৰ শতকেৰে ভাৰতে জয়লাভ কৰিলে হয়, তাৰ পিছতো ভাৰতৰ মুখ্য প্ৰশিক্ষক গৌতম গম্ভীৰে স্পষ্টভাৱে কৈ দিলে এয়া ক্ৰিকেট নহয়৷
তেওঁৰ মতে, বেট আৰু বলৰ মাজত যি সামঞ্জস্য থাকিব লাগে, সেয়া গুৱাহাটীত অলপো নাছিল৷ সমগ্ৰ মেচখনত পিট্চখন একেবাৰেই সলনি নহ’ল, লেহেমীয়াও নহ’ল৷ গম্ভীৰে ক্ষোভ প্ৰকাশ কৰি ক’লে- সঁচা ক’বলৈ গ’লে মই বেট আৰু বলৰ মাজত আৰু অলপ প্ৰতিদ্বন্দ্বিতা আশা কৰিছিলোঁ৷ কিন্তু ইয়াত সেয়া নহ’ল৷ এয়া ক্ৰিকেট নহয়, এয়া কেৱল বেটিং৷
গম্ভীৰৰ এই ক্ষোভৰ লক্ষ্য আছিল মূলতঃ পিট্চৰ কিউৰেটৰ৷ এই পিট্চখন বলাৰৰ বাবে দুঃস্বপ্নলৈ পৰিণত হোৱা বুলি উল্লেখ কৰিলে৷ তেওঁ কয় যে যুৱ বলাৰসকলৰ বাবে এনে পিট্চত বল কৰাটো অতিশয় হতাশাজনক৷ প্ৰথমখন এদিনীয়া খেলা আকিব নবিয়ে ৮৪ ৰান, গুৰনুৰ ব্ৰাৰে ৯৬ ৰান আৰু প্ৰসিদ্ধ কৃষ্ণই মাত্ৰ ৫ অভাৰতে ৪৫ ৰান ব্যয় কৰিবলগীয়া হয়৷
কিন্তু প্ৰশিক্ষকগৰাকীয়ে নিজৰ বলাৰসকলক দোষ দিবলৈ একেবাৰেই অস্বীকাৰ কৰে৷ ‘বলাৰসকলৰ পৰিসংখ্যা চাই তেওঁলোকে কিমান পৰিশ্ৰম কৰিছে সেয়া বুজিব নোৱাৰি৷ দুটা নতুন বলৰ ব্যৱহাৰ আৰু ত্ৰিশ গজৰ ভিতৰত পাঁচজন ফিল্ডাৰ ৰাখি বল কৰাটো এনেয়েও কঠিন, তাৰ ওপৰত এনেকুৱা পিট্চ বলাৰৰ বাবে সঁচাকৈয়ে এক দুঃস্বপ্ন যিজনে পিট্চ বনায়, তেওঁ বলাৰকো কিছু সুবিধা দিয়াৰ কথা বুজা উচিত৷ গম্ভীৰে এইদৰেই ক’লে৷
পৰিসংখ্যা যিয়েই নহওক কিয়, এজন প্ৰশিক্ষক হিচাপে গম্ভীৰে স্পষ্ট কৰি দিয়ে যে তেওঁ নিজৰ বলাৰসকলৰ কাষত থিয় দিছে৷ অভিষেক মেচ খেলা আকিবৰ দৰে খেলুৱৈৰ মনোবল যাতে এনে পিট্চৰ বাবে ভাঙি নাযায়, তাৰ প্ৰতিও তেওঁ গুৰুত্ব আৰোপ কৰে৷
সম্প্ৰচাৰক আৰু বৰ্ষাপাৰাৰ দৰ্শকে চাৰি, ছয়ৰ বৰষুণ দেখি আপ্লুত হ’লেও, গৌতম গম্ভীৰৰ মতে প্ৰকৃত ক্ৰিকেটপ্ৰেমীৰ বাবে গুৱাহাটীৰ এই পিট্চখনে ক্ৰিকেটৰ মূল সৌন্দৰ্য অৰ্থাৎ বেট আৰু বলৰ সমানে সমানে হোৱা যুঁজখনক সম্পূৰ্ণৰূপে ম্লান কৰি পেলালে৷ দৰাচলতে, কালি বৰ্ষাপাৰাত অনুষ্ঠিত মেচখনত এদিনীয়া ক্ৰিকেটৰ ইতিহাসত প্ৰথমবাৰৰ বাবে ৱেষ্ট ইণ্ডিজে ৪০০ ৰানৰ ডেওনা পাৰ কৰাৰ বিপৰীতে ভাৰতেও প্ৰথমবাৰলৈ ৪০০ ৰো অধিক ৰান সফলতাৰে লক্ষ্য অতিক্ৰম কৰি বিজয় সাৱ্যস্ত কৰিছিল৷ দৰ্শকৰ বাবে এই মেচখন আছিল এক সম্পূৰ্ণ বিনোদনৰ পেকেজ, য’ত এখন মেচতে প্ত টাকৈ শতক [ইয়াৰে এটা দ্বি-শতক] অৰ্জন কৰিছিল দুয়োটা দলৰ খেলুৱৈয়ে৷



