বেংকৰ চাকৰিয়ালে প্ৰেমিকাৰ বাবে কৰিলে কেলেংকাৰি

প্ৰেমৰ বাবে পুৰুষে সকলো কামেই কৰি দিব পাৰে৷ ইয়াৰে জ্বলন্ত উদাহৰণ হৈছে ঋষভ ঋষি৷ হওতে ঋষিৰ চৰিত্ৰত একো দাগ নাই৷ নাৰীৰ প্ৰতি দুৰ্বল বুলিও ঋষিৰ বদনাম নাই৷ তথাপি ঋষিয়ে এটা সাংঘাতিক কাণ্ড কৰি পেলালে৷ তেওঁ চণ্ডীগড় আৰু হাৰিয়ানা বেংকৰ পৰা আত্মসাৎ কৰিলে ৬৫৭ কোটি টকা৷ এই ধনৰাশি কিন্তু ঋষভ ঋষিয়ে নিজৰ পকেটত ভৰোৱা নাছিল৷ গাৰ্লফ্ৰেণ্ডকহে দিছিল৷ যেতিয়া তদন্তত ঋষভ ঋষিয়ে ৬৫৭ কোটি টকাৰ কেলেংকাৰি কৰাটো প্ৰমাণিত হ’ল তেতিয়া হাহাকাৰ লাগিল৷
চণ্ডীগড় আৰু হাৰিয়ানা বেংকত যে ইমান ডাঙৰ কেলেংকাৰি হৈ আছিল সেয়া কোনেও জনা নাছিল৷ কিন্তু খাটাত ৬৫৭ কোটি টকাৰ হিচাপ নিমিলাৰ ফলত হাহাকাৰ লাগিল৷ বিষয়টো চৰকাৰেও গুৰুত্ব সহকাৰে গ্ৰহণ কৰি CBIক তদন্তৰ দায়িত্ব দিলে৷ কেন্দ্ৰীয় তদন্তকাৰী সংস্থাই অনুসন্ধান চলাই ঋষভ ঋষি নামৰ কৰ্মচাৰীজনকে জগৰীয়া কৰিলে৷ জেৰাত ঋষিয়ে স্বীকাৰ কৰিলে গাৰ্লফ্ৰেণ্ডৰ বাবে বেংকৰ পৰা পইচা চুৰি কৰাৰ কথা৷ মাহিলী বেংকৰ কেছৰ পৰা ১০ লাখ টকা নিছিল বুলি ঋষিয়ে স্বীকাৰোক্তি দিলে৷
কেঁচু খান্দোতে সাপ ওলোৱাৰ উপক্ৰম হওতে CBI সক্ৰিয় হৈ পৰিল৷ ঋষভ ঋষিক জেৰা কৰা গাৰ্লফ্ৰেণ্ডৰ পৰিচয় উদ্ধাৰ কৰিলে৷ তেতিয়া গাৰ্লফ্ৰেণ্ডকো গ্ৰেপ্তাৰ কৰা হ’ল৷ CBIয়ে সম্প্ৰতি প্ৰকাশ কৰা অনুসৰি ঋষিৰ গাৰ্লফ্ৰেণ্ড হৈছে অৰ্কেষ্ট্ৰাৰ নৰ্তকী৷ বেংকৰ চাকৰিয়াল ঋষিক পইচাৰ লোভতে নাচনীয়ে প্ৰেমৰ জালত পেলাইছিল৷ তাৰ পিছত ঋষিৰ পৰা মাহিলী ১০ লাখ টকা সৰকাই আছিল নৰ্তকী গাৰ্লফ্ৰেণ্ডে৷ যোৱা কেবাবছৰে ঋষিয়ে গাৰ্লফ্ৰেণ্ডক কোটি টকা উপহাৰ দিছিল৷ ফলত হৈছিল ৬৫৭ কোটিৰ কেলেংকাৰি৷
বেংকৰ কেছৰ পৰা চুৰি কৰা নিয়া ধনৰ বৃহৎ অংশ ঋষিয়ে নিজেও খৰচ কৰিছিল৷ কিমান টকা তেওঁ বেংকৰ পৰা চুৰি কৰিছিল সেয়া ঋষিয়েও জনা নাছিল৷ মুঠতে জমা টকা মুঠি মাৰি লৈহে গৈছিল ঋষি নামৰ লোকজনে৷ তেওঁৰ বিৰুদ্ধে বেংক কৰ্তৃপক্ষই গোচৰ ৰুজু কৰিছে৷ ঋষিক চাকৰিৰ পৰাও বৰ্খাস্ত কৰা হৈছে৷ ঋষিয়ে বেংকক অনাগত সময়ত ৬৫৭ কোটি টকা ওভতাই দিব লাগিব৷ কিন্তু ঋষিৰ সমস্ত সম্পত্তি জব্দ কৰিও বেংকে সমান মূল্য পোৱা নাই৷ গতিকে ঋষিক CBIয়ে আকৌ জিম্মাত লৈছে৷
এই লোকজনৰ গাৰ্লফ্ৰেণ্ডো বৰ্তমান তদন্তকাৰীৰে জিম্মাত আছে৷ অৰ্কেষ্ট্ৰাৰ নাচনী গাৰ্লফ্ৰেণ্ডক নচুৱাই আছে CBIয়ে৷ ইমান টকা তেওঁ ক’ত খৰচ কৰিলে সেইটো ৰহস্যৰ বিষয়৷ সেয়ে ঋষি আৰু নাচনী গাৰ্লফ্ৰেণ্ডৰ বিদেশী শক্তিৰ সৈতে গোপন সম্পৰ্ক আছে বুলি সন্দেহ কৰা হৈছে৷ গোচৰটোৰ তদন্ত কৰি কৰি CBIৰ বিষয়াও হৈ পৰিছে দিশহীন৷ নাচনী প্ৰেমিকাৰ বাবে ঋষিয়ে বেংকৰ পৰা পইচা চুৰি কৰাটো প্ৰমাণিত হোৱাৰ পিছত CBIয়ে তেওঁক দিল্লীলৈ নিছে৷ চৰকাৰে ৬৫৭ কোটি আদায় কৰিবলৈ চলাইছে অভিযান৷