কেনে আছে বিশ্বত্ৰাস ওছামা বিন লাডেনৰ পুত্ৰ
শৈশৱতে জেহাদৰে পাঠ শিকিছিল ওমৰ বিন লাডেনে৷ প্ৰথমা পত্নীৰ চতুৰ্থ সন্তান ওমৰক আল-কায়দাত ভৰ্তি কৰিবলৈ ওছামাই চেষ্টা কৰিছিল৷ কিন্তু দেউতাকৰ কথা নুশুনিলে ওমৰ বিন লাডেনে৷ তেওঁ পিতৃৰ পথৰ পৰা আঁতৰি গ’ল৷ আমেৰিকাৰ ছীল কমাণ্ডোৰ গুলীত ওছামাৰ নিধনৰ সময়তো ওমৰ কাষত নাছিল৷ বিশ্বত্ৰাস ওছামাৰ পুত্ৰ ওমৰে হাতত কেতিয়াও বন্দুক তুলি নল’লে৷ তাৰ পৰিৱৰ্তে ইখনৰ পিছত সিখন কিতাপ লিখিছে ওমৰ বিন লাডেনে৷ তেওঁৰ গ্ৰন্থ বেষ্ট ছেলাৰ হিচাপে পৰিগণিত হৈছে৷ জেহাদীৰ পুত্ৰ ওমৰ চিত্ৰশিল্পী হিচাপে বিশ্ববিখ্যাত৷ তেওঁ জনচক্ষুৰ পৰা আঁতৰি সম্প্ৰতি কটাইছে নি:সংগ জীৱন৷
ওছামাৰ পুত্ৰ হ’লেও ওমৰৰ জেহাদৰ সৈতে সম্পৰ্ক নাই৷ পিতৃৰে সম্পৰ্ক ছেদ কৰাৰ পিছত তেওঁ আছিল ফ্ৰান্সৰ বাসিন্দা৷ কিন্তু এতিয়া ওমৰ বিন লাডেন ফ্ৰান্সতো নাই৷ তেওঁ কাটাৰত বাস কৰে৷ অৱশ্যে ১৯ বছৰপৰ্যন্ত ওমৰ আল-কায়দাৰ প্ৰশিক্ষণ শিবিৰতে আছিল৷ তেওঁ প্ৰাপ্তবয়স্ক হোৱাৰ পিছত আফগানিস্তানৰ প্ৰশিক্ষণ শিবিৰ ত্যাগ কৰে৷ তেতিয়াৰ পৰা তেওঁৰ পিতৃৰ সৈতে সম্পৰ্ক নাছিল৷ ফ্ৰান্সত বসতি স্থাপন কৰি তেওঁ ৰচনা কৰিছিল গ্ৰৱিং আপ বিন লাডেন নামৰ এখন গ্ৰন্থ৷ সমালোচকৰ দৃষ্টি আকৰ্ষণ কৰা গ্ৰন্থখনৰ কেবালাখ কপি বিক্ৰী হৈছে৷ কিন্তু তাৰ পিছতে তেওঁক ফ্ৰান্স চৰকাৰে দেশৰ পৰা খেদি দিলে৷ ফ্ৰান্সৰ পৰা তেওঁক চিৰদিনলৈ নিৰ্বাসন দিয়া হ’ল৷ লগতে চৰকাৰে বাতিল কৰিলে ওমৰৰ ৱৰ্ক পাৰ্মিট৷
অভিযোগ অনুসৰি ওমৰে সন্ত্ৰাসবাদক সমৰ্থন কৰি দিছিল এটা ফে’চবুক প’ষ্ট৷ সেইটো ভাইৰেল হৈ পৰাৰ বাবে কঠোৰ হৈ পৰিল ফৰাচী চৰকাৰ৷ কিন্তু ওমৰ বিন লাডেনে তেওঁৰ ফে’চবুক একাউণ্ট হেক কৰি দুৰ্বৃত্তই প্ৰচাৰ চলোৱা বুলি দাবী কৰিছিল৷ তথাপি ফৰাচী চৰকাৰে ক্ষমা নকৰাত ওমৰে কাটাৰত বসতি স্থাপন কৰিলে৷ ওছামাৰ সৈতে সম্পৰ্ক ছেদ কৰা পুত্ৰই কেবাখনো ছবি অংকন কৰিছে৷ তেওঁৰ চিত্ৰশিল্প আন্ত:ৰাষ্ট্ৰীয় বজাৰত বহুল সমাদৃত৷ কোটি কোটি টকাত নিলাম হৈছে ওমৰ বিন লাডেনে অঁকা ছবি৷
অৱশ্যে জেহাদক ঘৃণা কৰিলেও এতিয়া ওছামা বিন লাডেনৰ প্ৰতি ওমৰৰ কোনো বেয়া ভাৱ নাই৷ ওমৰৰ মতে পিতৃ হিচাপে তেওঁক ওছামাই মৰম কৰিছিল৷ কিন্তু আল-কায়দা অথবা আন কোনো সংগঠনৰ আদৰ্শক সমৰ্থন নকৰে বুলি তেওঁ ঘোষণা কৰিছে৷ জেহাদৰ পৰা আঁতৰি থকা ওমৰে লিখি আছে এখন প্ৰেমৰ উপন্যাস৷ সেইখন এইবৰ্ষতে প্ৰকাশ কৰা হ’ব৷ লেখক হিচাপে সাহিত্যৰ ন’বেল জয় কৰাটো ওমৰৰ অন্যতম লক্ষ্য৷ অৱশ্যে ওমৰ বিন লাডেনৰো সংসাৰিক জীৱন একেবাৰে সুখৰ নহয়৷
তেওঁৰ প্ৰথমা পত্নীৰ সৈতে ইতিমধ্যে বিচ্ছেদ ঘটিছে৷ ওমৰে এতিয়াও প্ৰথম পত্নীক দি থাকিবলগীয়া হৈছে খৰচ৷ তেওঁ ২০০৬ চনত ব্ৰিটিছ নাগৰিক জেইনা মহম্মদৰ সৈতে বিবাহত আবদ্ধ হৈছিল৷ তেওঁৰ সৈতে এতিয়াও ওমৰ বিন মহম্মদে সংসাৰ কৰি আছে৷ কিন্তু তেওঁলোক একেলগে নাথাকে৷ সাংসাৰিকভাৱে অসুখী হ’লেও ওমৰ বিন লাডেনৰ মনত কোনো দুখ নাই৷ তেওঁ এতিয়া কিতাপ আৰু ছবিৰ মাজতে জীৱন কটাইছে৷ আল-কায়দাৰ শিবিৰত শৈশৱ কটোৱা ওমৰ বিন লাডেনে পাহৰি গৈছে পিতৃ ওছামাক৷



