মুখ্যমন্ত্ৰীৰ নিৰ্দেশ উলংঘা কৰি মুছলমানক মাটি বিক্ৰী
এইটো ঘটনা বিশ্বনাথৰ৷ সম্প্ৰতি বিশ্বনাথত ২ শতাধিক বিঘা মাটি মুছলমানক হস্তান্তৰ কৰিবলৈ আৰম্ভ হৈছে তৎপৰতা৷ বিশ্বনাথৰ গঁড় ভিতৰ গাৱৰ ১ নং এফ চি গ্ৰাণ্টৰ মাটি সংখ্যালঘু লোকক বিক্ৰীৰ বাবে সভা অনুষ্ঠিত কৰা হৈছিল৷ সেই সভাতে মাটিৰ দৰ নিৰ্ধাৰণ কৰা হৈছে। প্ৰায় দুশতকৈ অধিক ভূমি বিক্ৰীৰ বাবে প্ৰতি বিঘা ভূমিৰ দৰ ৯ লাখ ৮০ হাজাৰ টকা নিৰ্ধাৰণ কৰা বুলি অভিযোগ উত্থাপিত হৈছে। অৰ্থাৎ মিঞাক মাটি বিক্ৰী কৰাৰ উদ্দেশ্যে দালালৰ এটা গোটেহে তৎপৰতা আৰম্ভ কৰিছে৷
এই সন্দৰ্ভত ১০ জনীয়া আহ্বায়ক মণ্ডলীৰ এটা গোটে মাটি কিনা গ্ৰাহকক কিস্তি কিস্তিকৈ ধন আদায়ৰ সুবিধা দিয়াৰো ব্যৱস্থা কৰিছে। দৰাচলতে ইতিমধ্যে দখলীকৃত ভূমিৰ স্বত্ত্ব সাধাৰণ সংখ্যালঘু লোকক গতাই দিয়াৰ প্ৰলোভনৰে এই চক্ৰটোৱে দালালী কৰিছে৷ ঘাইকৈ হিন্দু পট্টাদাৰৰ ভূমিৰ বৃহৎ অংশত দখল সাব্যস্ত কৰি কুক্ষিগত কৰা কাৰ্যক বৈধতা দিয়াৰ উদ্দেশ্যে দালাল সক্ৰিয় হৈ পৰিছে৷
কিন্তু শেহতীয়াকৈ মুখ্যমন্ত্ৰীৰ তৎপৰতাত নিদিষ্ট এলেকাত অনাহিন্দু লোকক ভূমি বিক্ৰীত নিষেধাজ্ঞা আৰোপ কৰা হৈছে। তেনে সময়তে এই আহ্বায়ক মণ্ডলীয়ে একাংশ সংখ্যালঘু লোকৰ পৰা ভূমিৰ নামত প্ৰায় ১৫ লাখ টকা সংগ্ৰহ কৰিছে৷ এই দাম নিৰ্ধাৰণতো বৈষম্য হৈছে। ৯ লাখ ৮০ হাজাৰৰ পৰিৱৰ্তে মাটিৰ দাম ব্যক্তিবিশেষে কমকৈয়ো ধাৰ্য কৰা হৈছে৷ জানিব পৰামতে এফ চি গ্ৰাণ্টৰ ভূমি ম্যাদী কৰিবলৈ চৰকাৰীভাৱে কেবিনেট সভাৰ সিদ্ধান্তমৰ্মে ৰাজ্যপালে যোৱা ২০২৪ চনৰ ২১ এপ্ৰিলত এখন নিৰ্দেশনা জাৰি কৰিছিল যদিও সেই সন্দৰ্ভত কোনো কাৰ্যব্যৱস্থা ৰূপায়ণ কৰা হোৱা নাই। সম্প্ৰতি চৰকাৰীভাৱে এনে শ্ৰেণীৰ ভূমিৰ জৰীপ আৰু মেপিঙৰ কাম আৰম্ভ কৰিবহে বুলি সূত্ৰৰ পৰা জানিব পৰা গৈছে।
কিন্তু চৰকাৰীভাৱে কাম আৰম্ভ নহওতেই সভা পাতি ভূমিৰ ধন আদায়ৰ বাবে মধ্যভোগী তৎপৰ হৈ পৰিছে৷ মাটি কিনাৰ বাবে কিস্তি আদায়ৰ বাবে সংখ্যালঘু লোকক মাইকযোগে আহ্বান জনোৱাৰ দৰে ঘটনাও বিশ্বনাথত সংঘটিত হৈছে। এই সন্দৰ্ভত আৰক্ষী জ্ঞাত যদিও সমগ্ৰ বিষয় সন্দৰ্ভত পুলিচ নীৰৱে আছে৷ বৰ্তমানৰ বিধায়কেও বিষয়টো সন্দৰ্ভত একো মাত মতা নাই৷ ৰাজ্যৰ সৰ্বত্ৰ বৰ্তমান মিঞাক মাটি বিক্ৰীত চৰকাৰে কঠোৰতা অৱলম্বন কৰিছে৷ কিন্তু একেসময়তে বিশ্বনাথত দালালে মিঞাক দিছে অফাৰ৷
এই বিষয়টো বিশ্বনাথৰ বাবে উদ্বেগজনক৷ এই সমষ্টিটো দীৰ্ঘকালৰ বাবে বিগত সময়ত নুৰজামাল চৰকাৰে প্ৰতিনিধিত্ব কৰিছিল৷ তেতিয়া বিশ্বনাথৰ ৰাস্তাতে গৰু মাংস বিক্ৰী কৰাৰ দৰে ঘটনাও সংঘটিত হৈছিল৷ গতিকে এলেকাটো সাম্প্ৰদায়িকভাৱে সংবেদনশীল৷ তেনে এটা এলেকাত মিঞাক মাটি বিক্ৰী কৰাৰ অধিকাৰ দালালে ক’ত পালে সেইটো তাৎপৰ্যপূৰ্ণ৷ বিষয়ো সংক্ৰান্তত বিশ্বনাথৰ বিধায়ক পল্লৱ লোচন দাসে তৎপৰতা প্ৰদৰ্শন কৰিব লাগিছিল৷ তেৱোঁ থম থম মদন গোপাল হৈ দালালক যেন উৎসাহিতহে কৰিছে৷



