চিলিণ্ডাৰ গেছ কমাই মোদীৰ ৰামঠগন

বিলুপ্ত হ’ল ১৪ কেজিৰ গেছ চিলিণ্ডাৰ
নতুন সংযোগত দিছে ১৯ কিল’গ্ৰাম এল পি জিহে
জনতাৰ অলক্ষিতে ৰন্ধন গেছ বিতৰণ ব্যৱস্থাত বৃহৎ পৰিৱৰ্তৰ সূচনা কৰা হৈছে৷ নতুন নিয়ম অনুসৰি এতিয়াৰে পৰা এল পি জি সংযোগ লোৱা গ্ৰাহকসকলক পূৰ্বৰ দৰে ১৪.২ কেজিৰ ঘৰুৱা গেছ চিলিণ্ডাৰ যোগান ধৰা নহয়৷ তাৰ পৰিৱৰ্তে ১০ কেজিৰ কম্প’জিট চিলিণ্ডাৰহে প্ৰদান কৰা হ’ব। ৰাজহুৱা খণ্ডৰ তেল প্ৰতিষ্ঠানসমূহে বিগত ছমাহে এই নিয়মটো কাৰ্যকৰী কৰি আহিছে।
নতুন ব্যৱস্থাত গ্ৰাহকেও কিছুধন ৰাহি কৰিব পাৰে৷ কিন্তু এল পি জি সংযোগত ৰাজসাহায্য লাভৰ কোনো সুবিধা নাই। পুৰণি গ্ৰাহকসকলে পূৰ্বৰ নিয়ম অনুসৰি ৰাজসাহায্য আৰু ১৪.২ কেজিৰ চিলিণ্ডাৰৰ সুবিধা পাই থাকিব যদিও নতুন সংযোগ ল’লে তেওঁলোকো ৰাজসাহায্যৰ পৰা বঞ্চিত হ’ব৷ বৰ্তমান হিন্দুস্থান পেট্ৰ’লিয়াম কৰ্প’ৰেশ্যন লিমিটেডৰ এইচ পি নব্য আঁচনিৰ দৰে ব্যৱস্থাৰ অধীনত সহজে নতুন গেছ সংযোগ পোৱা বা কাৰ্ড স্থানান্তৰৰ সুবিধা প্ৰদান কৰা হৈছে।
ইয়াৰ বাবে গ্ৰাহকে কেৱল চৰকাৰী পৰিচয় পত্ৰ আৰু এখন ফটো জমা দিলেই সংযোগ লাভ কৰিব পাৰিব। একেটা ঠিকনাত দুটাতকৈ অধিক চিলিণ্ডাৰ ৰাখিব নোৱাৰা পূৰ্বৰ প্ৰতিবন্ধকো আঁতৰোৱা হৈছে৷ লগতে সংযোগ লোৱাৰ পিছত ৰিফিলৰ বাবেও কোনো সময়ৰ সময়সীমা নাই। কিন্তু এই ব্যৱস্থা প্ৰকৃততে খৰচী৷ নতুন নিয়ম অনুসৰি ১০ কেজিৰ চিলিণ্ডাৰৰ সংযোগ লাভ কৰিবলৈ ৪,৮৪০ টকা খৰচ হ’ব আৰু ইয়াৰ ৰিফিলৰ বাবে ১,৬৫০ টকা আদায় দিব লাগিব।
ইয়াৰ বিপৰীতে পূৰ্বৰ ১৪.২ কেজি চিলিণ্ডাৰৰ নিয়মীয়া ঘৰুৱা সংযোগৰ বাবে ৪,০০০ টকাতকৈ কম খৰচ হৈছিল আৰু বৰ্তমান ইয়াৰ এটা ৰিফিলৰ দাম প্ৰায় ৯৩০ টকা। আনকি পুৰণি দুটা চিলিণ্ডাৰৰ সংযোগৰ দামো ৮,০০০ টকাতকৈ কম আছিল, যিটো সুবিধা নতুন ব্যৱস্থাত উপলব্ধ নহয়। চিলিণ্ডাৰৰ আকাৰ আৰু ওজন ১৪.২ কেজিৰ পৰা ১০ কেজিলৈ হ্ৰাস কৰাৰ ফলত সাধাৰণ পৰিয়ালসমূহক বছৰটোত অধিক ৰিফিলৰ প্ৰয়োজন হ’ব। যিটো পৰিয়ালে পূৰ্বে ২৫ দিনত এটা ১৪.২ কেজিৰ চিলিণ্ডাৰ ব্যৱহাৰ কৰিছিল, তেওঁলোকক এতিয়া ১০ কেজিৰ চিলিণ্ডাৰ ব্যৱহাৰ কৰিলে বছৰত প্ৰায় ১৩ টালৈকে চিলিণ্ডাৰৰ প্ৰয়োজন হ’ব পাৰে।
ৰিফিলৰ দাম ১,৬৫০ টকা হোৱাৰ বাবে আৰু চিলিণ্ডাৰৰ আকাৰ সৰু হোৱাৰ বাবে গ্ৰাহকৰ বার্ষিক ৰন্ধন গেছৰ খৰচ যথেষ্ট পৰিমাণে বৃদ্ধি পাব। নতুন ব্যৱস্থাত প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনাৰ অধীনত উপলব্ধ সুবিধাও নোহোৱা হৈ পৰিব। উজ্জ্বলা যোজনাৰ অধীনত দৰিদ্ৰ সীমাৰেখাৰ তলৰ মহিলাসকলক ছিকিউৰিটি ডিপ’জিট আৰু ৰেগুলেটৰৰ মাচুল ৰেহাই দি ১,৬০০ টকাৰ বিত্তীয় সাহায্যৰ লগতে প্ৰথম ৰিফিল আৰু গেছ ষ্ট’ভৰ বাবে সুতহীন ঋণ আৰু বেংক একাউণ্টত পোনপটীয়াকৈ ছাবছিডি জমা হোৱাৰ যি সুবিধা আছিল সেয়া এই নতুন চিলিণ্ডাৰ সংযোগত পোৱা নাযাব।