প্ৰাক্তন প্ৰেমিকা ছ’ফিয়াৰ দাবী

ক্ৰিকেট খেলাতহে ভাল, ৰোহিত শৰ্মাৰ স্বভাৱ বেয়া
এই দাবী কোনো ভাৰতীয় মহিলাৰ নহয়৷ কোনো মহিলা অনুৰাগীয়ে ৰোহিতক বেয়া বুলি কোৱা নাই৷ ইংলেণ্ডৰ ছ’ফিয়া হায়াট নামৰ সুন্দৰীয়ে ৰোহিতৰ বদনাম গাই ফুৰিছে৷ ক্ৰিকেটাৰ ৰোহিত শৰ্মাই ঋত্বিকা ছজদেহৰ সৈতে এতিয়া সুখৰ সংসাৰ কৰি আছে৷ কিন্তু হঠাতে ছ’ফিয়া হায়াট নামৰ সুন্দৰীয়ে এটা বিশেষ অভিযোগ উত্থাপন কৰিছে৷ ব্ৰিটেইনৰ বাসিন্দা ছ’ফিয়াৰ মতে তেওঁ হৈছে ৰোহিত শৰ্মাৰ প্ৰাক্তন প্ৰেমিকা৷ ২০১২ চনত তেওঁক ৰোহিত শৰ্মাই প্ৰেম নিবেদন কৰিছিল৷ তেতিয়া ক্ৰিকেটাৰ ৰোহিতৰ প্ৰেম প্ৰস্তাৱ মানি লোৱা বুলি ছ’ফিয়াই স্বীকাৰ কৰিছে৷ কিন্তু সেই সম্পৰ্ক বেছিদিন তিষ্ঠি নথকাৰ এটা বিশেষ কাৰণ উল্লেখ কৰিছে ছ’ফিয়াই৷ তেওঁৰ মতে ক্ৰিকেটাৰ হ’লেও ৰোহিত শাৰিৰীকভাৱে শক্তিশালী নহয়৷
ব্ৰিটিছ গায়িকা আৰু মডেল ছ’ফিয়া অৱশ্যে বয়সতো ৰোহিতৰ তুলনাত ডাঙৰ৷ ৰোহিত শৰ্মাই প্ৰপ’জ কৰাৰ সময়তে ছ’ফিয়াৰ বয়স আছিল প্ৰায় ৩৭ বছৰ৷ সেই বয়সতো লাৱণ্যময়ী হৈ থকা ছ’ফিয়াই ৰোহিতক উন্মাদ কৰি তুলিছিল৷ গতিকে ইংলেণ্ডত খেলিবলৈ যোৱাৰ সময়তে ৰোহিতে আই লাভ ইউ বুলি কৈছিল ছ’ফিয়াক৷ তেতিয়া ৰোহিতৰ প্ৰতিও আকৰ্ষিত হৈছিল ছ’ফিয়া৷ কিন্তু ছ’ফিয়াৰ মতে ৰোহিত হৈছে একেবাৰে দুৰ্বল৷ তেওঁ কোনো মহিলাক শাৰিৰীকভাৱে সন্তুষ্ট কৰিব নোৱাৰে৷ আনকি শাৰিৰীক সম্পৰ্কৰ সময়ত তেওঁকো ৰোহিতে তৃপ্তি দিব নোৱাৰিলে৷ সেয়ে ৰোহিতৰ সৈতে ব্ৰেক-আপ কৰিলে ছ’ফিয়াই৷
অৰ্থাৎ শাৰিৰীক মিলনৰ সময়ত সন্তুষ্টি দিব নোৱাৰা বাবে ৰোহিতৰ সৈতে বিচ্ছেদ কৰা বুলি ছ’ফিয়াই ১৪ বছৰৰ পিছত দাবী কৰিছে৷ তেওঁৰ মতে ৰোহিত শৰ্মাৰ ফিটনেছ একেবাৰে ভাল নহয়৷ তেওঁ কোনো মহিলাৰ বাবে নহয় ড্ৰীম হাজবেণ্ড৷ ৰোহিতে শাৰিৰীক সুখ দিব নোৱাৰাৰ বাবেই ব্ৰেক-আপৰ সিদ্ধান্ত লোৱা বুলি ছ’ফিয়াই বাৰম্বাৰ দাবী কৰিছে৷ এই বিষয়টোত কিন্তু মৌন হৈ আছে ৰোহিত শৰ্মা৷ বিচ্ছেদৰ ১৪ বছৰৰ পিছত ছ’ফিয়াই কৰা দাবীৰ বিষয়ে ৰোহিতে টু শব্দও উচ্চাৰণ কৰা নাই৷ তেওঁ ছ’ফিয়াৰ দাবী মানি লোৱা বুলিহে অনুৰাগীয়ে অনুমান কৰিছে৷ সেই ছ’ফিয়া বৰ্তমান আকৌ প্ৰায় ৫১ বছৰীয়া৷
কিন্তু ইমান বয়সতো ধুনীয়া হৈ আছে ছ’ফিয়া হায়াট৷ বিগত সময়ত তেওঁ বিগবছৰ জৰিয়তে ভাৰতত পৰিচিত হৈ পৰিছিল৷ বিগবছত অংশগ্ৰহণ কৰি ৰোহিত শৰ্মাৰো চিনাকি হৈ পৰিছিল ছ’ফিয়া৷ তেতিয়াই ৰোহিতে ছ’ফিয়াক প্ৰেম নিবেদন কৰিছিল৷ ৰোহিতে যে ক্ৰিকেট কেৰিয়াৰত উন্নতি কৰিব সেয়া তেতিয়াই জানিছিল বুলি ছ’ফিয়াই উল্লেখ কৰিছে৷ সেয়ে ৰোহিতৰ প্ৰেম প্ৰস্তাৱ স্বীকাৰ কৰিছিল বুলি প্ৰকাশ কৰিছে ছ’ফিয়া হায়াটে৷ এই দাবীয়ে ৰোহিতক লাজত পেলাইছে৷ তেওঁক শাৰিৰীকভাৱে দুৰ্বল বুলি অভিহিত কৰি ১৪ বছৰৰ পিছত ছ’ফিয়াই কেবাটাও দাবী কৰিছে৷ ছ’ফিয়াৰ মতে টীম ইণ্ডিয়াৰ ভ্ৰমণৰ সময়ত তেওঁ প্ৰথমে লণ্ডনত ৰোহিতক লগ পাইছিল৷ তেতিয়াই প্ৰেম নিবেদন কৰি ৰোহিতে তেওঁৰ হাতত ধৰিছিল৷
ক্ৰমান্বয়ে গাঢ় হৈ পৰিছিল দুয়োৰে সম্পৰ্ক৷ তেতিয়াৰ পৰা তেওঁলোকে ডেট কৰিবলৈ ধৰিছিল৷ কিন্তু হোটেলত নিশাৰ মাদকতা উপভোগ কৰিবলৈ যোৱাৰ সময়তে ৰোহিতৰ দুৰ্বলতাৰ বিষয়ে ছ’ফিয়া অৱগত হৈছিল৷ তাৰ পিছত ৰোহিতৰ সৈতে সম্পৰ্ক দীঘলীয়া কৰাটো সম্ভৱ নহ’ব বুলি গম পাইছিল ছ’ফিয়াই৷ এইগৰাকী অভিনেত্ৰী আৰু গায়িকা ৫১ বছৰ বয়সতো গাভৰুৱেই হৈ আছে৷ তেওঁৰ মাজতে হৈছে ডিভ’ৰ্চ৷ তথাপি ছ’ফিয়াই প্ৰেমিকৰ সন্ধান অব্যাহত ৰাখিছে৷ এজন ফুটবলাৰৰ পত্নী হোৱাৰ ইচ্ছা আছে ছ’ফিয়াৰ৷