মোদীৰ শত্ৰুৱে উলিয়াই দিলে নিৰ্বাচন আয়োগৰ জালিয়াতি

নিৰ্বাচন আয়োগৰ ভিতৰুৱা তথ্য ফাদিল হোৱাৰ আঁৰত আছে বিজেপি নেতা
প্ৰভাৱশালী বিজেপি নেতায়েই ইণ্ডিয়ান এক্সপ্ৰেছৰ সাংবাদিকক যোগান ধৰিছিল গোপন তথ্য
শুনিবলৈ অবিশ্বাস্য যেন লাগিলেও কথাটো সত্য৷ দ্য ইণ্ডিয়ান এক্সপ্ৰেছৰ সাংবাদিক ঋতিকা সিঙে নিৰ্বাচন আয়োগৰ অন্তৰ্কন্দলৰ যি বিস্ফোৰক তথ্য ফাদিল কৰিলে, তাৰ আঁৰত আছে বিজেপিৰে নেতা৷ প্ৰধানমন্ত্ৰী মোদীক অস্বস্তিত পেলোৱাৰ উদ্দেশ্যে বিজেপিৰ এজন প্ৰভাৱশালী নেতাই সাংবাদিকক গোপন তথ্য যোগান ধৰিছিল৷ সেই নেতাজন কিছুদিন আগলৈকে প্ৰধানমন্ত্ৰীৰ সোঁহাতস্বৰূপ আছিল৷ কিন্তু প্ৰধানমন্ত্ৰীয়ে তেওঁৰ পাখি কটাৰ বাবে নেতাজনে বিসম্বাদ আৰম্ভ কৰিছে৷ উপ-প্ৰধানমন্ত্ৰী পদ দাবী কৰা নেতাজনে মোদীক শ’লঠেকত পেলাবলৈ নিৰ্বাচন আয়োগৰ কাৰচাজি ফাদিল কৰি দিছে৷ ফলত বিবুধিত পৰিছে প্ৰধানমন্ত্ৰী৷
দিল্লীৰ অন্দৰ মহলৰ খবৰ অনুসৰি সেই নেতাজনৰ ক্ষমতা মোদীয়ে কৌশলেৰে কৰ্তন কৰিছিল৷ মোদীৰ সবাতোকৈ ঘনিষ্ঠ বুলি যিজন নেতা দিল্লীৰ পাৱাৰ কৰিড’ৰত জনাজাত আছিল তেওঁকে প্ৰধানমন্ত্ৰীয়ে দুৰ্বল কৰি পেলাইছিল৷ সেয়ে ক্ষুণ্ণ হৈ বিশেষ নেতাজনে মোদীৰ বিৰুদ্ধে চিপৰাং মাৰিছে৷ তাৰোপৰি কিছুদিনৰ পৰা কেন্দ্ৰীয় কেবিনেটৰ সম্প্ৰসাৰণ কৰিম বুলি কেৱল ঘোষণাহে কৰি আছে৷ প্ৰকৃতাৰ্থত মন্ত্ৰীসভা সম্প্ৰসাৰণ কৰিবলৈ মোদীয়ে একো কৰা নাই৷ সেইবাবেও ঘনিষ্ঠ সতীৰ্থ মোদীৰ বিৰুদ্ধে খৰ্গহস্ত হৈ পৰিছে৷
এনেবোৰ কাৰণতে মোদীয়ে নিৰ্বাচন আয়োগত কব্জা কৰাৰ বিষয়টো ফাদিল কৰিছে সেই বিশ্বাসী নেতাজনে৷ তেওঁ মোদীৰ বিৰুদ্ধে আচম্বিতে হৈ পৰিছে কঠোৰ৷ বিগত সময়ত যিজন নেতাক মোদীয়ে সবাতোকৈ বেছি বিশ্বাস কৰিছিল তেওঁ দিল্লীৰ পাৱাৰ কৰিড’ৰত হাহাকাৰ লগাই দিছে৷ ইয়াৰ একমাত্ৰ কাৰণ হৈছে মোদীৰ কূটনীতি৷ কিছুদিন পূৰ্বে প্ৰধানমন্ত্ৰীয়ে সেই সতীৰ্থজনে চম্ভালি থকা মন্ত্ৰ্যালয়ৰ কেবাটাও ফাইল নিজৰ হাতলৈ নিছিল৷ ফলত ক্ষমতাৰ পৰিসীমা সংকুচিত হৈছিল মন্ত্ৰীসভাৰ প্ৰভাৱশালী সদস্যজনৰ৷
বিজেপিৰ ভিতৰচ’ৰাতো তেওঁৰ প্ৰভাৱ হ্ৰাস কৰিবলৈ প্ৰধানমন্ত্ৰীয়ে চেষ্টা কৰিছে৷ সেইবোৰ কথা একালৰ বিশ্বাসী সতীৰ্থজনে হজম কৰিব পৰা নাই৷ তেওঁ যিকোনো প্ৰকাৰে মোদীক ফচাবলৈ ৰণকৌশল প্ৰস্তুত কৰিছে৷ ৰহস্যজনকভাৱে এচাম আমোলাই সেই মন্ত্ৰীজনক সহায় কৰিছে৷ সেয়ে নিৰ্বাচন আয়োগৰ ভিতৰচ’ৰাৰ খবৰো ফাদিল কৰাত সফল হৈছে মন্ত্ৰীজন৷ তেওঁ যে এই কাৰচাজিৰ সৈতে জড়িত আছে সেই বিষয়ে মোদীয়ে খবৰ নোপোৱা নহয়৷ কিন্তু পৰিস্থিতি তেওঁৰ বাবে প্ৰতিকূল হৈ পৰাত মোদী বিপাঙত পৰিছে৷ হয়তো দেশত সৃষ্টি হোৱা প্ৰতিবাদৰ পৰিপ্ৰেক্ষিতত মোদীয়ে অপসাৰণো কৰিবলগীয়া হ’ব পাৰে মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰক৷ তেতিয়া ফাদিল হ’ব বিজেপিৰ অন্দৰ মহলৰ বিসম্বাদ৷
এই মন্ত্ৰীজনে মোদীৰ বিৰুদ্ধে সূচনা কৰা বিসম্বাদত ঘিঁউ ঢালিছে নীতিন গাডকাৰীয়েও৷ বিগত সময়ত এই বিশেষ মন্ত্ৰীজন নীতিন গাডকাৰীৰো শত্ৰু আছিল৷ কিন্তু ৰাজনীতিত যে স্থায়ী শত্ৰু অথবা মিত্ৰ বুলি কোনো কথা নাই সেয়াই পৰিস্থিতিয়ে প্ৰমাণ কৰিছে৷