ৰাস্তাত ৰাধাই ধৰিলে গ্ৰাহকক

বেংককৰ বেশ্যাৰ বজাৰখন চৰকাৰে পৰিচালনা কৰে
আমষ্টাৰডামৰ গণিকালয়ো চৰকাৰী নিয়মমতে চলে
কিন্তু গুৱাহাটীৰ বেশ্যাৰ বজাৰত অসম চৰকাৰৰ নিয়ন্ত্ৰণ নাই৷ নিশা যিমানে গভীৰ হয়, সিমানে গণেশগুৰি আৰু জু-ৰোডৰ শৰীৰৰ বজাৰখনত নিয়ম নোহোৱা হৈ পৰে৷ গুৱাহাটীৰ বেশ্যালয়ৰ সৈতে বেংককৰ তুলনা কৰি লাভ নাই৷ কোনো নিয়ম নোহোৱাৰ ফলত নিশা আকৌ বীভৎস হৈ পৰিল গণেশগুৰিৰ পৰিৱেশ৷ বন্দৱস্ত কৰি নিয়া এজন যুৱকে চুক্তি অনুসৰি ধন পৰিশোধ নকৰাৰ অভিযোগত এগৰাকী গণিকা উন্মাদপ্ৰায় হৈ পৰিল৷ নিশা হোটেলত নিৰ্বস্ত্ৰ কৰি তেওঁৰ শৰীৰ উপভোগ কৰাৰ পিছত পইচা নিদিয়াকৈ পলাবলৈ ধৰিছিল সেই যুৱকজন৷ কিন্তু অৰ্ধ-নগ্ন অৱস্থাতে হোটেলৰ পৰা ওলাই আহি যুৱকজনক গণিকাই ধৰিলে৷ তাৰ পিছতে গণেশগুৰিৰ ৰাস্তাত দীঘলীয়া নৃত্যনাটিকাৰ সূত্ৰপাত হ’ল৷
ৰাধা নামৰ সেই গণিকাগৰাকীক এজন গ্ৰাহকে এনিশাৰ বাবে তিনি হাজাৰ টকাত বন্দৱস্ত কৰিছিল৷ সেইমতে গ্ৰাহকক দেহৰ সুখ দিবলৈ হোটেলৰ কোঠাৰ হুক লগাই নিৰ্বস্ত্ৰ হৈছিল ৰাধা৷ তেওঁলোক সেইনিশা সুখৰ সাগৰত উটি-ভাহি গ’ল৷ ৰাধাই গ্ৰাহকক সুখ দিবলৈ আপ্ৰাণ চেষ্টা কৰিলে৷ গণেশগুৰিৰ নিশাৰ অভিসাৰিকাৰ কামকলাত মোহিত হৈ পৰিল যুৱকজন৷ কিন্তু সংগমৰ শেষত যেতিয়া ৰাধা বাথৰূমত সোমাল তেতিয়া সেই গ্ৰাহকজনে পলায়ন কৰিলে৷ চুক্তি কৰামতে পইচা নিদিয়াকৈ তেওঁ পলাবলৈ উদ্যত হ’ল৷ ৰাধাই কিন্তু বাথৰূমৰ পৰা ওলাই গ্ৰাহকক নেদেখি কিবা এটা সন্দেহ কৰিছিল৷ অভিজ্ঞ বেশ্যা ৰাধা সেয়ে অৰ্ধনগ্ন হৈয়েই সেই হোটেলখনৰ পাৰ্কিঙত উপস্থিত হ’ল৷ তেওঁ খেদি খেদি ধৰিলে গ্ৰাহকজনক৷
বাইক ষ্টাৰ্ট দি পলাবলৈ ধৰা গ্ৰাহক ৰাধাৰ বাধাত ৰৈ যাবলৈ বাধ্য হ’ল৷ কিন্তু পাৰ্কিঙৰ পৰা ওলাই সেই গ্ৰাহকজন ৰাস্তা পালেহি৷ তথাপি ৰাধাই পিছ এৰি নিদিলে৷ তেওঁ যুৱকজনৰ চোলা ফালি পেলালে৷ অশ্লীল মাত মাতি ৰাধাই গ্ৰাহকৰ পৰা ডিমাণ্ড কৰিলে তিনি হাজাৰ টকা৷ তেতিয়া হাতত সিমান টকা নাই বুলি কৈ আকৌ পলাবলৈ ধৰিলে গ্ৰাহকজন৷ ক্ৰমে উগ্ৰ হৈ পৰা ৰাধাই গ্ৰাহকে পইচা নিদিয়াকৈ যাব নোৱাৰিব বুলি ধৰ্মঘট কৰিলে৷ উপায়ন্তৰ গ্ৰাহকজনে তেতিয়া ৰাধাক এহেজাৰ টকা দিবলৈ সন্মত হ’ল৷ কিন্তু চুক্তি অনুসৰি গোটেই পইচা দিব লাগিবই বুলি ৰাধাই চৰ্ত দিলে৷ যুৱকজনৰ বাইকৰ ছাবিও কাঢ়ি ল’লে ৰাধাই৷ শেষত সেই যুৱকজনে ফোনত আনৰ পৰা খুজি UPIৰ জৰিয়তে ৰাধাক টকা দিবলগীয়া হ’ল৷
নিশা গণেশগুৰিৰ ৰাস্তাতে হ’ল এই নাটকখন৷ ৰাধা নামৰ সেই যুৱতীগৰাকী গণেশগুৰিৰ বিখ্যাত বেশ্যা৷ তেওঁ এনিশাত সচৰাচৰ চাৰিহাজাৰ টকাই লয়৷ কিন্তু শাৰিৰীক সম্পৰ্কৰ বাবে উন্মাদ হৈ থকা যুৱকজনে দৰ-দাম কৰিহে তিনি হাজাৰ টকাত ৰাধাক বন্দৱস্ত কৰিছিল৷ হাতত আৰু টকা নাই বুলি কোৱা বাবেহে যুৱকজনৰ সৈতে তিনি হাজাৰতে শাৰিৰীক সম্পৰ্ক কৰিবলৈ সন্মত হৈছিল ৰাধা৷ তাৰ পিছতো তেওঁক ৰাম ঠগন দি যুৱকজন পলোৱাৰ বাবে উদ্যত হ’ল৷ সেয়ে প্ৰাপ্য ধন আদায় কৰিবলৈ ভালকৈ কাপোৰ নিপিন্ধাকৈয়েই ৰাধাই ৰাস্তাপৰ্যন্ত দৌৰিলে৷ উলংগ হৈয়েই তেওঁ দৌৰি দৌৰি ধৰিলে বেইমান কাষ্টমাৰক৷
নিশা গণেশগুৰিত অৱশ্যে কেতিয়াবা গ্ৰাহকে বেশ্যাক প্ৰতাৰণা কৰিয়েই থাকে৷ বিশেষকৈ লজত ৰূম লোৱা গ্ৰাহকে বেশ্যাই বাথৰূমত প্ৰৱেশ কৰাৰ ছলতে পলাই পত্ৰং দিয়ে৷ সেয়ে বেশ্যায়ো তলত সাজু কৰি থয় এজেণ্ট৷ কোনোবা গ্ৰাহক পলালে ধৰিব পৰাকৈ গণেশগুৰিৰ পতিতাৰ মানুহ থাকে৷ এই যুৱকজন বজাৰত নতুন বাবে ৰাধাক পইচা নিদিয়াকৈ পলাব পাৰিম বুলি ভাবিছিল৷ কিন্তু গণেশগুৰিৰ অভিজ্ঞ বেশ্যা ৰাধা ইমান সহজ নহয়৷ পইচা নিদিয়াকৈ পলাব বিচৰা গ্ৰাহকক ৰাধাই ৰাস্তাত বগৰাই আদায় কৰিলে মাচুল৷